পুনৰ কংগ্ৰেছলৈ এগৰাকী মুখ্যমন্ত্ৰী !

Share This Article

পঞ্জাবত হ’ব এক শক্তিশালী ৰাজনৈতিক পৰিবৰ্তন ।শীঘ্ৰেই ৰাজ্যখনত শক্তিশালী হ’ব কংগ্ৰেছ দলটো ।পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ নতুন দল খুলিছিল প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই তেওঁ বিজেপিতো যোগদান কৰিছিল । পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে পুনৰ কংগ্ৰেছ দললৈ ঘূৰি অহাৰ সিন্ধান্ত লৈছে । পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে বিগত নিৰ্বাচনৰ আগত তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰাৰ বাবে দল ত্যাগ কৰিছিল । হাইকামাণ্ডৰ নিৰ্দেশত মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হ’বলগীয়া হোৱাৰ পিছতে একাংশ সমৰ্থকক লৈ দলত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে । তেওঁৰে কেইগৰাকীমান সংগীয়ে আকৌ শিৰোমণি আকালি দলতো যোগদান কৰিছিল । কিন্তু শেহতীয়াকৈ দল এৰা গৰিষ্ঠসংখ্যকেই পুনৰ কংগ্ৰেছ দললৈ উভতি অহাটো পৰিলক্ষিত হৈছে  । কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সময়ত কেপ্টেইন অমৰিন্দৰ সিঙক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে । কিন্তু কাৰ্যক্ষেত্ৰত বিজেপিয়ে একোৱেই নিদিলে । সেয়ে শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীৰ লগত কেইবাখনো আলোচনাত মিলিত হৈছে কেপ্টেইন অমৰিন্দৰ সিং। কংগ্ৰেছ দললৈ উভতি আহিলে কি পদবী দিব সেই বিষয়টো এতিয়ালৈকে স্পষ্ট নকৰাৰ বাবে তেওঁ পুনৰ যোগদান কৰাৰ দিনটো নিৰ্ধাৰণ হোৱা নাই । কংগ্ৰেছ দলে শেহতীয়াকৈ দলত নতুন প্ৰজন্মৰ নেতাক নেতৃত্ব দিয়া বিষয়টোত গুৰুত্ব দিছে । কংগ্ৰেছ দলৰ পৰা কেপ্টেইন অমৰিন্দৰ সিঙক লোকসভাত প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হ’ব বুলিও এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে । পঞ্জাৱত মুঠ ১৩খন লোকসভাৰ আসন আছে । ২০১৯ চনৰ নিৰ্বাচনত শিৰোমণি আকালি দলে ২খন,ভাৰতীয় জনতা পাৰ্টিয়ে ২খন,কংগ্ৰেছে ৮ খন আৰু আম আদমি পাৰ্টিয়ে ১ খন আসন লাভ কৰিছিল ।বৰ্তমান ৰাজ্যখনত আপ দলৰ চৰকাৰ আছে। ৰাজ্যখনত মুঠ বিধানসভাৰ আসন আছে ১১৭ খন । আপ দলে বিগত নিৰ্বাচনত মুঠ ৯২ খন আসনত জয়লাভ কৰি ক্ষমতালৈ আহিছিল । বিৰোধী দল কংগ্ৰেছৰ শাসনত আছে মাত্ৰ ১৭ খন আসন । বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ২খন আসন ।উল্লেখ্য যে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি পঞ্জাব,হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকে দিল্লী সীমান্তত প্ৰায় এটা বছৰ ধৰি আন্দোলন কৰিছিল । আধুনিক ভাৰতৰ এইটোৱেই আছিল সবাতোকৈ বৃহৎ কৃষক বিদ্ৰোহ ।এই কৃষক বিদ্ৰোহে বিজেপিৰ জনপ্ৰিয়তা একেবাৰে ম্লান কৰি পেলাইছিল কৃষকৰ ভূমি হিচাপে খ্যাত পঞ্জাৱত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.