পিণ্ড নহয় হৰিদ্বাৰত বিসৰ্জন দিব অলিম্পিক পদক !

Share This Article

ন্যায়ৰ দাবীত সৰ্বস্ব ত্যাগৰ বাবে সাজু প্ৰতিবাদী মল্লযুঁজাৰু !প্ৰতিবাদী মল্লযুঁজাৰুৱে গংগাত বিসৰ্জন দিব নিজৰ অলিম্পিক পদক !মংগলবাৰে সন্ধিয়া হৰিদ্বাৰ ঘাটত পদক বিসৰ্জন দিব মল্লযুঁজাৰুয়ে ! ব্ৰীজভূষণৰ শাস্তিৰ দাবীত অনশনত বহিছে প্ৰতিবাদী মল্লযুঁজাৰু৷

দিল্লীৰ ৰাজপথত প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুৱে লৈছে এক নতুন সিদ্ধান্ত। বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখি নিজৰ অলিম্পিক পদক গংগাত বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী মল্লযুঁজাৰুৱে। তাৰ সমান্তৰালভাৱে ব্ৰীজভূষণৰ শাস্তিৰ দাবীত অনশনত বহিছে প্ৰতিবাদী মল্লযুঁজাৰু।
উল্লেখযোগ্য যে বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে বিগত কেইবাসপ্তাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কেইবাগৰাকীও মল্লযুঁজাৰুৱে। বিজেপি সাংসদ গৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লীৰ ৰাজপথত প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযুঁজাৰুৱে। শেহতীয়াকৈ ২৮ মে’ৰ দিনা নতুন সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা মল্লযুঁজাৰুক ৰাজপথত চোঁচৰাই লৈ গৈছিল আৰক্ষীয়ে। ইয়াৰ পিছতে মল্লযুঁজাৰুৰ প্ৰতিবাদে লৈছে এক নতুন ৰূপ।
প্ৰতিবাদী মল্লযুঁজাৰুৱে এতিয়া অনশনত বহাৰ লগতে নিজৰ অলিম্পিক পদক গংগাত বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সাক্ষী মালিক,বজৰং পুনিয়া আৰু বিনেশ ফোগটে এক যৌথ মন্তব্য প্ৰকাশ কৰি কয় যে পদকবোৰ তেওঁলোকৰ জীৱন, আত্মাৰ নিচিনা। পদকবোৰ বিসৰ্জন দিয়াৰ পিছত জীয়াই থাকিবলৈ একোই নাথাকিব। যাৰ বাবে পদক বিসৰ্জন দিয়াৰ পিছত মৃত্যু পৰ্যন্ত ইণ্ডিয়া গেটত অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মল্লযুঁজাৰুসকলে। মল্লযুঁজাৰুৱে যুটীয়া মন্তব্যটোত লগতে কয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাক জীয়ৰী বুলি কয়, কিন্তু এবাৰলৈও মল্লযুঁজাৰুৰ কাৰণে চিন্তা কৰা দেখা নগ’ল। তাৰ সলনি নিৰ্যাতনকাৰী ব্ৰীজভূষণ সিঙকহে নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচীৰ বাবে তেওঁ আমন্ত্ৰণ কৰিলে। আনহাতে নতুন সংসদ ভৱনৰ সন্মুখত মল্লযুঁজাৰুৰ লগত হোৱা অত্যাচাৰ সন্দৰ্ভত সাক্ষী মালিকে ৰাজহুৱা কৰিছে এক ভিডিঅ’ বাৰ্তা। সাক্ষী মালিকে কয় যে আমি ৰাজহুৱা সম্পত্তিৰ একো ক্ষতি নকৰা স্বত্বেও আৰক্ষীয়ে আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। আৰক্ষীয়ে প্ৰতিবাদী মল্লযুঁজাৰুৰ লগত কৰা ব্যৱহাৰো অত্যন্ত বেয়া আছিল বুলি মন্তব্য কৰিছিল সাক্ষী মালিকে। আনহাতে দিল্লীৰ ৰাজপথত মল্লযুঁজাৰুৰ ওপৰত হোৱা অত্যাচাৰৰ পিছতে শেহতীয়াকৈ মুখ খুলিছে দুই এজন ক্ৰীড়াবিদে। মল্লযুঁজাৰুৰ লগত হোৱা অত্যাচাৰ সন্দৰ্ভত মুখ খুলি ভাৰতৰ প্ৰথম অলিম্পিক স্বৰ্ণ বিজয়ী অভিনৱ বিন্দ্ৰাই মন্তব্য কৰিছে, “এয়া দেখাৰ পিছত ৰাতিৰ টোপনি হেৰাই গৈছে, এই দৃশ্যবোৰ অত্যন্ত হতাশাজনক। আনহাতে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল চেত্ৰীও সমৰ্থন আগবঢ়াইছে ভাৰতীয় মল্লযুঁজাৰুসকলক। কিহৰ কাৰণেএকো কাৰণ নোহোৱাকৈ মহিলা মল্লযুঁজাৰুসকলক ৰাজপথত বগৰুৱা হ’ল বুলি প্ৰশ্ন কৰে ফুটবল দলৰ অধিনায়ক গৰাকীয়ে। ইয়াৰ লগতে নীৰজ চোপ্ৰা, ক্ৰিকেটাৰ ইৰফান পাঠানেও মল্লযুঁজাৰুৰ সমৰ্থনত থিয় দিছে। কিন্তু ইমানৰ পিছতো গা লৰা নাই শাসকীয় বিজেপিৰ। এতিয়াও সুৰক্ষিত স্থানত আছে বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিং। যাৰ ফলত এতিয়া নিজৰ অলিম্পিক পদক গংগাত পেলাই দিবলৈ সাজু হৈছে প্ৰতিবাদী মল্লযুঁজাৰু। মৃত্যু পৰ্যন্ত অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মল্লযুঁজাৰুৱে। ইমান ত্যাগৰ পিছত মল্লযুঁজাৰুৱে ন্যায় পায়নে নে নিজৰ স্থিতিত অটল থাকে শাসকীয় বিজেপি সেয়াহে লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.