নিৰ্বাচনো আহিল,মুছলমান প্ৰীতিও বাঢ়িল !

Share This Article

দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন আঙুলিৰ মূৰত গণিব পৰা কেইটামান মাহ।সেয়ে শাসক দল বিজেপিৰ লগতে আন বিৰোধী দলবোৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কোনে কিমান প্ৰতিশ্ৰুতি দি নিজৰ দলৰ সমৰ্থন গোটাব পাৰে তাক লৈ চলিছে এক অবাধ প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত বিশেষকৈ মুছলমানসকল হৈছে ৰাজনীতিৰ কেন্দ্ৰবিন্দু !শেহতীয়াকৈ শাসক দল বিজেপি আৰু ইয়াৰ সহযোগী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মুছলমান সকলক লৈ যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আহিছে।তেওঁ কয় যে হিন্দু-মুছলমান দুয়োটাৰে উপাসনাৰ শৈলীহে পৃথক কিন্তু দুয়োটা ধৰ্মৰ লোকৰে মাতৃভূূমি একেখনেই।RSS প্ৰধান মোহন ভাগৱতে কয় ‘ কিছুমান ধৰ্ম বাহিৰৰ পৰা প্ৰব্ৰজিত।সেই সকলৰ লগত আমাৰ এসময়ত শত্ৰুতা আছিল৷কিন্তু যিসকল এতিয়া ইয়াত আছে সেই সকল এতিয়া আমাৰ নিজৰ।’বৃহস্পতিবাৰে নাগপুৰত সংঘ শিক্ষা বাৰ্গৰ এক অনুষ্ঠানত অংশ লৈ RSSৰ মূৰব্বী জনে এনেদৰে মন্তব্য কৰে।তেওঁ কয় ‘ এতিয়াও আমাৰ দেশত এনে কিছুসংখ্যক লোক আছে,যিসকল আনৰ দ্বাৰা প্ৰভাৱাম্বিত হয়।যদি তেওঁলোকৰ চিন্তাধাৰাত ইয়াৰ প্ৰভাৱ পৰে তেন্তে তেওঁলোকক সংশোধন কৰাটো আমাৰ দায়িত্ব।’বাহিৰৰ পৰা অহা সকলৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে এতিয়া ভাৰতত মুছলমান সকল সুৰক্ষিত।

শেহতীয়াকৈ অৰ্থাৎ বিগত ১০ মে’ত অনুষ্ঠিত কৰ্ণাটকৰ নিৰ্বাচনত মাত্ৰ ৬৬ খন আসনতেই সীমাবদ্ধ থাকিল বিজেপি।বিৰোধী কংগ্ৰেছৰ হাতত ধৰাশায়ী হৈ মুছলমানৰ প্ৰতি মৰম বাঢ়িল বিজেপি তথা RSSৰ।বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাব বিচাৰিছে কিছুদিনৰ বাবে।কিয়নো কৰ্ণাটকৰ শেহতীয়া নিৰ্বাচনত মুছলমান ভোটাৰে সম্পূৰ্ণভাৱে উপেক্ষা কৰিছিল বিজেপিক।কৰ্ণাটকৰ নিৰ্বাচনত PFI ক নিষিদ্ধ কৰাৰ পৰা আৰম্ভ কৰি টিপু চুলতানক গালি পৰালৈকে সকলো কৰিলে বিজেপিয়ে।ইয়াৰ কাৰণ আছিল কৰ্ণাটকৰ মুঠ ৬ কোটিতকৈয়ো অধিক জনতাৰ মাজত ৮৮% আছিল হিন্দু ভোটাৰে।মুছলমান ভোটাৰৰ সংখ্যা আছিল ১২% আৰু বিজেপিয়ে আশা কৰিছিল যে কেবল হিন্দুৰ ভোটেৰেই জয়ী হ’ব বিজেপি।কিন্তু প্ৰকৃতাৰ্থত তাৰ সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবিহে প্ৰতিফলিত হ’ল৷আৰু এই কৰ্ণাটকৰ ফলাফলে এক গুৰুত্বপূৰ্ণ শিক্ষা দিলে বিজেপিক।লগে লগেই মুছলমানৰ প্ৰতি সুৰ সলনি হ’ল বিজেপি আৰু RSSৰ ।মোহন ভাগৱতৰ ভাষণত শেহতীয়াকৈ প্ৰতিফলিত মুছলমান প্ৰেমেই ইয়াৰ জ্বলন্ত উদাহৰণ নহয়তো?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.