নলত ধৰিলে নল ,দলত ধৰিলে দল ভঙা অৱস্থা বিজেপিৰ !

Share This Article

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিৰোধী দল কংগ্ৰেছ,জনতা দল (এছ) আৰু বিজেপি দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থী তানিকা ঘোষণা কৰিছে ।বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে।কৰ্ণাটক বিধানসভা শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ বাবে সন্মান ৰক্ষাৰ যুঁজ আৰু ২০২৪ চনৰ নিৰ্বাচনৰ এক কুচকাৱাজ।কংগ্ৰেছ দলে খুব তন্নতন্নকৈ পৰীক্ষা কৰিহে এইবাৰৰ প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰিছে৷কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখিয়েই নিজ দলৰ প্ৰাৰ্থীক লৈ যথেষ্ট চিন্তিত হৈছে বিজেপি।প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ আগতেই দলটো সজাগ হৈছিল তেওঁলোকৰ প্ৰচাৰ অভিযানক লৈ।শাসক দলটো এৰি ইতিমধ্যে বিৰোধী দল কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লিংগায়ট সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা জগদীশ ছেট্টাৰে।ছেট্টাৰৰ কংগ্ৰেছত যোগদানে যথেষ্ট চিন্তিত কৰিছে বিজেপিক৷এক ডজনৰো অধিক বিজেপি বিধায়কে ইতিমধ্যে ত্যাগ কৰিছে বিজেপি।যোৱা মঙলবাৰে বিজেপিৰ য়ুথ উইঙৰ নেতা অৰবিন্দ চৌহানেও বিজেপি ত্যাগ কৰে৷ইতিমধ্যে দুৰ্নীতি আৰু অবাধ কমিছনৰাজ চলোৱাৰ অভিযোগ আছে শাসক দল বিজেপিৰ বিৰুদ্ধে।প্ৰায় ৪০ লাখ টকা উৎকোচ লৈ হাতেলোটে ধৰা পৰিছে বিজেপিৰ বিধায়ক কে মাদল বীৰুপাক্ষপ্পাৰ পুত্ৰ প্ৰশান্থ মাদল ।যিহেতু দলটো ইয়াৰ ফলাফলক লৈ সন্দিহান আৰু চিধা ৰাস্তাৰে নিৰ্বাচনী যুঁজত জয়ী হ’ব নোৱাৰে বুলি নিশ্চিত সেয়ে তেওঁলোকে বিচাৰিছে দুগৰাকী বিশেষ মুখ্যমন্ত্ৰীক !দলটো নিশ্চিত যে কৰ্ণাটকৰ দৰে ৰাজ্যত এইবাৰ বিজেপি দলে ভাল ফলাফল দেখুৱাব নোৱাৰে আৰু যদি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ভোট বিভাজন কৰিব পাৰে তেতিয়া হয়তো বিজেপিৰ ভাল দিন আহিব পাৰে !তাৰবাবে বিজেপিয়ে গ্ৰহণ কৰিছে এক পৰিকল্পনা।কি এই পৰিকল্পনা?পৰিকল্পনা অনুসৰি …দেশৰ দুজন মুখ্যমন্ত্ৰীক লাগে কৰ্ণাটক বিজেপিক !প্ৰচাৰ চলাবলৈ লাগে দুগৰাকী মুখ্যমন্ত্ৰীক !কোন এই দুগৰাকী মুখ্যমন্ত্ৰী?অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লাগে কৰ্ণাটক বিজেপিক আৰু লাগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক !কিন্তু কিয় লাগে কেৱল এই দুগৰাকী মুখ্যমন্ত্ৰীক ?কিয় বিজেপিৰ বাচনিত উঠিল অসমৰ মুখ্যমন্ত্ৰী?বিজেপি শাসিত ৰাজ্য বৰ্তমান দেশত আছে ১২খন ৷এই ১২খন ৰাজ্যৰ ওপৰিও নাগালেণ্ড,মেঘালয়,মহাৰাষ্ট্ৰ,মণিপুৰ আদি ৰাজ্যত আছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ।১২খন ৰাজ্যৰ ১২গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত বিজেপিয়ে প্ৰচাৰৰ বাবে বিচাৰিলে কেৱল ড° হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথক !কাৰণটো হ’ল এই দুগৰাকী মুখ্যমন্ত্ৰীয়ে ভাষণেৰে জনতাক আকৰ্ষণ কৰিব পাৰে।প্ৰতিপক্ষক ভাষণেৰে আক্ৰমণ কৰোঁতে যিকোনো উত্তেজিত কৰিব পৰা শব্দই ক’ব পাৰে !তেওঁলোক ভাষণেৰে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাত সিদ্ধহস্ত।হিজাবক লৈ বিগত বৰ্ষত জ্বলিছিল কৰ্ণাটক৷ধৰ্মীয় উন্মাদনা সৃষ্টিৰ ক্ষেত্ৰত কৰ্ণাটক দেশৰ শীৰ্ষস্থানত থকা এখন ৰাজ্য৷কৰ্ণাটকত হিন্দু আৰু মুছলমানৰ জনসংখ্যা ক্ৰমে ৮৪% আৰু ১২.৯২%. ৰাজ্যখনত মুছলমান জনসংখ্যা কম যদিও কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰত কৰ্ণাটকৰ আছে আন এক অভিলেখ।২০২২ বৰ্ষৰ ২১জুলাইত এজন মুছলমান শ্ৰমিকক হত্যাৰ দৰে ঘটনা সংঘটিত হৈছিল মাংগালুৰুত৷মাংগালুৰুত সংঘটিত এই হত্যাকাণ্ডই প্ৰায় ৮ দিন উত্তাল কৰি ৰাখিছিল কৰ্ণাটক।২৬ জুলাইৰ দিনা বিজেপিৰ এগৰাকী ইউথ উঙৰ সদস্যকো হত্যা কৰিছিল দুৰ্বৃত্তই।২০২২চনৰ ফেব্ৰুৱাৰীত হিজাবক লৈয়ো জ্বলিছিল কৰ্ণাটক।যিকোনো সাম্প্ৰদায়িক মন্তব্যই কৰ্ণাটকত এক অসহিষ্ণু পৰিৱেশ সৃষ্টি কৰে আৰু যাৰ সুযোগ গ্ৰহণ কৰি ধৰ্মক লৈ ৰাজনীতি কৰা দলবোৰে জনতাৰ মাজত বিভাজন ঘটাবলৈ সক্ষম হয়।বিজেপি দলে আগন্তুক নিৰ্বাচনৰ বাবে বিজেপি শাসিত ৰাজ্যৰ মাত্ৰ দুজন মুখ্যমন্ত্ৰীক বিচৰাক লৈ ৰাজনৈতিক মহলত চলিছে সৰৱ চৰ্চা।অসমত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত বিজেপি দলৰ হৈ প্ৰচাৰ চলাওঁতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাতেই বিজেপিক ভোট নিদিলে এআইউডিএফৰ মূৰব্বী আজমল মুখ্যমন্ত্ৰী হ’ব বুলি ৰাইজক ‘ভয়’ দেখুৱাইছিল।আনকি বিজেপি চৰকাৰ শাসনলৈ আহিলে দিছপুৰৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত আজমলক প্ৰৱেশ কৰিবলৈ নিদিব বুলিও উল্লেখ কৰিছিল।ফলত বিজেপি দলে লাভ কৰিছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা।নিজাববীয়াকৈ দলটোৱে লাভ কৰিছিল ৫৯ খন আসন ।ৰাজনৈতিক বিশ্লেষকৰ মতে কেবল হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান বিদ্বেষী ভাষণে ভোট বিভাজন কৰি বিজেপিক জয়ত সহায় কৰিছিল অসমত।শাসনলৈ অহাৰ পিছতো মাদ্ৰাছা বন্ধ কৰা,বুলডজাৰ লৈ মাদ্ৰাছা ভঙা আদি অগতানুগতিক কামেৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ড° হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষেৰে বিজেপিৰ দৰে দলৰ good book ত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ মুছলমান বিদ্বেষেৰে ভোট বিভাজন কৰাত সিদ্ধহস্ত দুই মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকত বিজেপিৰ বাবে কি বতৰা আনে সেয়া ১৩ মে’ত হে স্পষ্ট হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.