নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

Share This Article

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ’ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক’ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আৰু এই সময়ত সকলো মন্ত্ৰাণালয়ক নতুনকৈ কোনো প্ৰকল্পৰ অনুৰোধ প্ৰেৰণ নকৰিবলৈ নিৰ্দেশ দিছে বিত্তমন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই সময়ত কি কি আঁচনি বা প্ৰকল্পত ধনৰ আবণ্টন কৰিব সেয়াও স্পষ্ট কৰি দিছে। তাৰ ভিতৰত প্ৰথমতেই নাম আছে- প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজ। আনহাতে আত্মনিৰ্ভৰ নীতিৰ আধাৰত সকলো প্ৰকল্পত ধন আবণ্টন দিয়া হ’ব। ইয়াৰ বাহিৰে চলিত বৰ্ষত আন কোনো প্ৰকল্পত ধন আবণ্টন দিয়া নহ’ব। নতুনকৈ বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পসমূহৰ ক্ষেত্ৰতো আগন্তুক বৰ্ষৰ ৩১ মাৰ্চলৈকে ধন আবন্টন দিয়া নহ’ব। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে এই কথাও জনায় যে যদিহে আপাতকালীনভাৱে কোনো প্ৰকল্পত ধনৰ যোগান দিব লগীয়া হয়, তেন্তে কেন্দ্ৰীয় ব্যয় সংক্ৰান্তীয় দপ্তৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.