নগা ‘অঁকৰা’ নহয়,নগাই উলিয়াইছে ইলেক্ট্ৰনিক বাইক

Share This Article

সৌ সিদিনালৈকে বন্দুক লৈ ভাল পোৱা নগা যুৱকক আন গঠনমূলক কামলৈ আকৰ্ষিত কৰাটো এক সমস্যা৷ তথাপিও যেন এসময়ত মৰণাস্ত্ৰৰ লগত খেলা কৰা নগা সকল বৰ্তমান কিছু পৰিমাণে উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈছে৷ নাগালেণ্ড- ম্যানমাৰ সীমান্তত নকলক নামৰ এখন জিলা আছে৷তাত আৰক্ষীৰ লোকে নগা যুৱকক কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন যন্ত্ৰপাতি নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে৷ “বন্দুক নহয়,যন্ত্ৰ তৈয়াৰ কৰোঁ আহক ” – এই শ্লোগানেৰে আৰম্ভ কৰিছে এক বিপ্লৱ৷ নগা যুৱকে এতিয়া আৰম্ভ কৰিছে কম খৰছত ভাত ৰান্ধিব পৰা যন্ত্ৰ,কাপোৰ শুকুৱা যন্ত্ৰ,তেল পেৰা যন্ত্ৰ,কৃষি কাৰ্যত জড়িত যন্ত্ৰ আৰু বিদ্যুৎ চালিত যন্ত্ৰ৷ বিগত বুধবাৰে নগা যুৱকে নিৰ্মাণ কৰা ইলেক্ট্ৰনিক বাইক আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ “ নগা যুৱক সকল অত্যন্ত প্ৰতিভাশালী আৰু সৃষ্টিশীল মনৰ অধিকাৰী৷আমাৰ প্ৰধান লক্ষ্য হৈছে আৰু অধিকসংখ্যক যুৱকক সমাজৰ উৎপাদনশীল কামত নিয়োজিত কৰি তেওঁলকৰ প্ৰতিভাৰ বিকাশ কৰাৰ লগতে সমাজৰ উন্নতিত অৰিহণা যোগোৱা৷এনে পদক্ষেপে যুৱকসকলক সৃষ্টিশীল কামৰ প্ৰতি উৎসাহিত কৰিব আৰু সফল উদ্যোগী হ’বলৈ অনুপ্ৰাণিত কৰিব”- এনেদৰে কয় নকলক জিলাৰ আৰক্ষী অধীক্ষক প্ৰীতপাল কৌৰে৷ “ আমাৰ ইয়াৰ পিছৰ পদক্ষেপ হ’ল ইলেক্ট্ৰনিক বাইক চ’লাৰ পেনেলৰ জৰিয়তে চাৰ্জ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা”-এনেদৰে কয় আৰক্ষী অধীক্ষক গৰাকীয়ে৷ ইলেক্ট্ৰনিক বাইক উদ্ভাৱন কৰা যুৱক দুজনৰ নাম ক্ৰমে টুমং আৰু পি খুমিং৷বাইকখনৰ ওজন ১২০ কেজি আৰু ঘণ্টাত ইয়াৰ বেগ ২৫ কিলোমিটাৰ৷ নকতকৰ আৰক্ষী অধীক্ষক আৰু ডিমাপুৰত বসবাস কৰা পঞ্জাৱী লোকসকলে এই নগা যুৱক কেইজনক ৱেল্ডিং মেছিন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.