Investigative reporting with dedication.

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে।
ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে কয় যে দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ শূন্যৰ পৰা তললৈ নমাৰ সম্ভৱনা অধিক। কৰোনা ভাইৰাছ পৰিস্থিতিৰ যদি একেদৰে থাকে অৰ্থনৈতিক উন্নয়নৰ হাৰ আৰু অধিক শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰে গৱৰ্নৰ জনে।
উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংকটৰ পূৰ্বৰে পৰা দেশৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট শোচনীয় আছিল। অৰ্থনৈতিক উন্নয়নৰ হাৰ পূৰ্বৰ ৬.১%ৰ পৰা কমি অহি ২০১৯-২০ বৰ্ষত ৪.১% হৈছিল।
তেনে এক কঠিন সময়ত কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ ফলত দেশৰ অৰ্থনীতিৰ অৱস্থা অধিক শোচনীয় হৈ পৰে।
মুদ্ৰাস্ফীতি সম্পৰ্কটো মতা মত প্ৰকাশ কৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ জনে জনাই যে দেশত মুদ্ৰাস্ফীতিৰ হাৰ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিক অৰ্থাৎ জুলাই পৰা ছেপ্টেম্বৰ মাহ পৰ্যন্ত বৃদ্ধি হৈ থকাৰ এ সম্ভাৱনা আছে।
ইয়াৰ উপৰিয়ো শক্তিকান্ত দাসে কৰা গুৰুত্বপূৰ্ণ ঘোষণা সমূহৰ ভিতৰত সোণৰ অলংকাৰৰ বিপৰীতে ইয়াৰ মূল্যৰ ৯০% পৰ্যন্ত ঋণ প্ৰদান, কৰোনাৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ নন- বেংকিং বিত্তীয় প্ৰতিষ্ঠান আৰু গৃহ নিৰ্মাণ খণ্ডলৈ ১০ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদানৰ ঘোষণা অন্যতম। অৱশ্যে EMI ৰ মৰেটৰিয়াম বৃদ্ধিৰ সম্পৰ্কত গৱৰ্নৰ জনে বৈঠকত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি জানিব দিয়ে।




