দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত !

Share This Article

ফুটবলৰ ৰাজকুমাৰ।
লিঅ’নেল মেছী এক আবেগৰ নাম। লিঅ’নেল মেছী কোটি কোটি অনুৰাগীৰ হৃদয়ৰ নাম। ধমনীয়ে ধমনীয়ে শিহৰণ তোলা এটি নাম লিঅ’নেল মেছী। যাৰ দুভৰিৰ ছন্দত হৃদস্পন্দন বাঢ়ে মানুহৰ। আৰ্জেন্টিনাৰ লিঅ’নেল মেছীক লৈ কোন আবেগিক নহয়? লেটিন আমেৰিকাৰ পৰা ভাৰতলৈ। এক শিহৰণৰ নাম মেছী। বগা-নীলা জাৰ্ছী নম্বৰ ১০ মানেই শিহৰিত কৰি যোৱা এক আবেগৰ নাম। কাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপত ফেভাৰীট দল হিচাপেই এইবাৰ খেলপথাৰত নামিছে মেছীৰ আৰ্জেণ্টিনা। এইবাৰৰ ফিফা ৱৰ্ল্ডকাপতেই মেছীৰ শিৰত আন এক অভিলেখ ৷ বিশ্বকাপত গলৰ অভিলেখ গঢ়িলে মেছীয়ে ৷মাৰাড’নাৰ ৰেকৰ্ড ভাঙি সফলতাৰ শিখৰত মেছী৷ ২৩ খন মেচত ৯ গ’লৰ ৰেকৰ্ড লিঅ’নেল মেছীৰ৷ মাৰাড’নাই ৮ গলেৰে ৰচিছিল ইতিহাস৷এতিয়া মেছীৰ সন্মুখত গেব্ৰিয়েল বাতিস্তুতা। আৰু এটা গলেৰেই গেব্ৰিয়েল বাতিস্তুতাক চুবগৈ পাৰিব মেছীয়ে ৷

বাৰটো আছিল শনিবাৰ। ভাৰতীয় সময় অনুসৰি নিশা ১২ বাজি ৩০ মিনিট। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিছে মেছীৰ আৰ্জেণ্টিনা।পেছাদাৰী ফুটবল জীৱনৰ ১০০০ নম্বৰ খেলখনত জাৰ্ছী নম্বৰ ১০… খেলৰ আৰম্ভণিতেই সুযোগ নেহেৰুৱাই দুৰন্ত গতিৰে আগবাঢ়ি গ’ল মেছী। অষ্ট্ৰেলিয়াৰ তিনিজনকৈ ডিফেণ্ডাৰৰ ভৰিৰ মাজেৰেই নিজস্ব ছন্দৰে, নিজস্ব শৈলীৰে দিলে গল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গল কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হ’ল মেছীৰ আৰ্জেণ্টিনা। ইয়াৰোপৰি পাঁচখনকৈ বিশ্বকাপ খেলা মেছীয়ে প্ৰথম বাৰৰ বাবে নকআউট পৰ্যায়ৰ এখন খেলত গল কৰিলে মেছীয়ে। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ মেচতহে গল কৰিছিল মেছীয়ে। কাটাৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ মেচৰ উপৰিও নক আউট মেচতো গলেৰে পুনৰ এক খিতাপৰ পৃষ্ঠা সংযুক্ত কৰিলে নিজ কেৰিয়াৰৰ স্বৰ্ণিল অধ্যায়ত। আজিৰে পৰা সুদীৰ্ঘ ১৮ বছৰ পূৰ্বে পেছাদাৰী ফুটবল খেলি নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল মেছীয়ে। বাৰ্চিলোনা আছিল প্ৰথম মঞ্চ। আৰ্জেণ্টিনাৰ হৈ ২০০৫ চনত হাংগেৰীৰ বিৰুদ্ধে মেছীয়ে আৰম্ভ কৰে নিজ কেৰিয়াৰৰ অভিষেক। এয়াই মেছী। আৰ্জেণ্টিনাৰ এই দ্ৰুত বেগৰ মানুহজন আজি পৃথিৱীবাসীৰ হৃদয়ে-হৃদয়ে। লিঅ’নেল মেছী কেৱল আৰ্জেণ্টিনাৰ খেলুৱৈ নহয়। মেছীক কেতিয়াবা যদি দেখিবলৈ পোৱা যায় আফ্ৰিকাৰ কোনো এক গাঁৱত, কেতিয়াবা কেৰালাৰ ৰাজপথত, কেতিয়াবা বাংলাদেশৰ ভিৰত অথবা অসমৰ কোনো এক গাঁৱত।

১৯৮৬ চন। মাৰাড’নাই সেইবাৰ হাতত তুলি লৈছিল বিশ্বকাপ ফুটবলৰ ট্ৰফী। তাৰ পাছত সুদীৰ্ঘ ৩৬ বছৰৰ অপেক্ষা।বাৰ্চিলোনা অপ্ৰতিৰোধ্য, মেছি নিজ দেশৰ হৈ ফুটবলৰ খেলপথাৰত নামিলেই যেন ক’ৰবাত স্তিমিত হৈ পৰে সেই অপ্ৰতিৰোধ্য গতি। কিন্তু এইবাৰ মানুহে আশা কৰিছে বিশ্বৰ কোটি কোটি অনুৰাগীয়ে বাট চাইছে ফাইনেল খেলিব আৰ্জেণ্টিনাই! বিশ্বকাপৰ সেই সোণৰ ট্ৰফীত চুমুক দিব পাৰিব নে মেছীয়ে? বাওঁ ভৰিৰ অসাধাৰণ ড্ৰবলিঙেৰে অসাধাৰণ গলটো কৰি মেছীয়ে বিজয় উল্লাস কৰিব পাৰিব নে?প্ৰতিন্দন্দ্বীৰ চক্ৰবেহু ভেদী মেছীৰ আৰ্জেণ্টিনাই পৰিধান কৰিব পাৰিব নে বিজয়ৰ মুকুট?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.