সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ শ্ৰমিকৰ…

আকৌ এটা দুৰ্ঘটনা আৰু পুণৰবাৰ প্ৰাণ গ’ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নৰসিংহপুৰ জিলাত ৷ জিলাখনৰ মুহৱানী থানাৰ অন্তৰ্গত পাঠা গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক৷ ফলত ট্ৰাকখনত থকা ৫ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়৷ ট্ৰাকখনত মুঠ ২০ গৰাকী যাত্ৰী আছিল৷ আন আহত সকলক জিলা চিকিৎসালয়লৈ নিয়াৰ পাছত এগৰাকী শ্ৰমিকৰ দেহত ক’ৰোনাৰ লক্ষন দেখা যায়৷ এখন আম পৰিবাহী ট্ৰাকত উঠি এইদৰে হায়দৰাবাদৰ পৰা উত্তৰপ্ৰদেশলৈ ঘৰমুৱা হৈছিল শ্ৰমিকৰ দলটো৷ ক’ৰোনাৰ লক্ষন দেখাৰ পাছতে ট্ৰাকখনত থকা সকলো আম নষ্ট কৰি পেলোৱা হৈছে আৰু ট্ৰাকখনত থকা প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.