তেজৰ ফাকু খেলিয়েই আছে মণিপুৰত !

Share This Article

বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত।হত্যা-হিংসাই জৰ্জৰিত কৰি ৰাখিছে মণিপুৰক ।কুকি অধ্যুষিত অঞ্চলত পৰিবেশ একেবাৰে নিমাওমাও।প্ৰতিটো মুৰ্হুতত শংকিত নিৰীহ জনতা।শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ মহা পৰিদৰ্শক আই কে মুইভাই জনাই যে মণিপুৰত এতিয়ালৈকে মুঠ ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ১,১০৮ গৰাকী লোক আহত হৈছে।ৰাজ্যখনত মুঠ ৪,৭৮৬ টা ঘৰ অগ্নিিকাণ্ডত জাহ গৈছে৷মুঠ ৩৮৬ টা ধৰ্মীয় উপাসনাস্থলী ধ্বংস হৈছে।ইয়াৰে ২৫৪ টা গীৰ্জা আৰু ১৩২ টা মন্দিৰ।তদুপৰি যথেষ্টসংখ্যক আগ্নেয়াস্ত্ৰ হেৰাইছে৷ এই হেৰুৱা আগ্নেয়াস্ত্ৰৰ ভিতৰত মুঠ ১,৩৫৯ টা আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈছে । তদুপৰি ১৫,০৫০ টা বিভিন্ন ধৰণৰ অস্ত্ৰশস্ত্ৰও এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।উল্লেখ্য যে বিভিন্ন ৰাজনৈতিক দলে দাবী কৰা অনুসৰি বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ বিভিন্ন থানাৰ পৰা প্ৰায় ৪০০০ উন্নতমানৰ অস্ত্ৰশস্ত্ৰ হেৰাইছে।শনিবাৰৰ সংবাদমেলত আইপিএছ বিষয়াগৰাকীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।স্থানীয় আৰক্ষী,কেন্দ্ৰীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।তেওঁ কয় ‘ নিৰাপত্তা বেষ্টনী বিষ্ণুপুৰৰ ফাউগাকচু ইকাই আৰু চুৰচান্দপুৰ অঞ্চলৰ পৰা ইতিমধ্যে আঁতৰোৱা হৈছে।অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াও নিৰাপত্তাৰক্ষী সম্পূৰ্ণ তহল অব্যাহত আছে।’বিষয়াগৰাকীয়ে লগতে কয় যে বিগত ৩ মে’ৰ পৰা ৰাজ্যখনত মুঠ ৫১৭২ টা গোচৰ ৰুজু হৈছে।নিহত ১৭৫ গৰাকী লোকৰ ভিতৰত ৯৬ গৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা নাই।৭৯ টা মৃতদেহ আত্মীয়ই লৈ গৈছে আৰু ৯৬ টা মৃতদেহৰ কোনো গৰাকী ওলোৱা নাই।ইয়াৰে ২৮ টা মৃতদেহ ৰিজিঅনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স আৰু ২৬ টা মৃতদেহ জৱাহৰলাল নেহেৰু ইনষ্টিটিউট অব মেডিকেল চায়েঞ্চত,চুৰচান্দপুৰ ডিষ্ট্ৰিক্ট হস্পিতালত ৪২ টা মৃতদেহ গৰাকীবিহীনভাৱে পৰি আছে।হিংসাত্মক কাৰ্যৰ লগত জড়িত  ৯,৩৩২ টা গোচৰ ৰুজু হৈছে৷ ৩২৫ জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.