তথ্য লুকুৱাই বিপদত ছিৰামৰ CEO

Share This Article

২০২০ চনত সমগ্ৰ দেশত দেখা দিয়া ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২০২১ চনৰ পৰা ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লৈছিল ভাৰত চৰকাৰে।ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিয়াইছিল কভিশ্বিল্ড।এই কভিশ্বিল্ড প্ৰস্তুত কৰি ভয়ংকৰ বিপদত পৰিছে ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অথবা CEO আদৰ পুনাৱালা।নাগপুৰ টুডেৰ এক বাতৰি অনুসৰি অবজাৰভেশ্যন ইণ্ডিয়া মুভমেণ্টৰ জ্যেষ্ঠ সদস্য প্ৰকাশ গোপালৰাও প’হৰেই ছিৰাম ইনষ্টিটিউটৰ CEO আদৰ পুনাৱালালৈ নাগপুৰৰ এক ন্যায়ালয়ৰ জৰিয়তে ১০ হাজাৰ কোটিৰ ক্ষতিপূৰণ দাবী কৰি জাননী প্ৰেৰণ কৰিছে৷অৱশ্যে এতিয়ালৈকে জাননীৰ কোনো উত্তৰ পোৱা নাই ।প’হৰেই নাগপুৰ ন্যায়ালয়তো আন এক গোচৰ ৰুজু কৰিছে। ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি ইতিমধ্যে তেওঁ এই গোচৰ তৰাৰ বাবদ প্ৰায় ৩ লাখ টকা ব্যয় কৰিছে৷প’হৰে ইতিমধ্যে ন্যায়ালয়ত এই ধন জমা দিছে।১৫ এপ্ৰিলৰ শুনানিৰ জৰিয়তে নাগপুৰ উচ্চ ন্যায়ালয়ৰ পৰা আদৰ পুনেৱালাৰ নামত এক জাননী প্ৰেৰণ কৰা হৈছে। কিয় ২১খন দেশত নিষিদ্ধ কভিশ্বিল্ড ভাৰতত দিয়া হ’ল ?কি উত্তৰ দিব আদৰ পুনেৱালাই ?

তথ্য অনুসৰি ছিৰাম ইনষ্টিটিউটৰ CEO ৰ বিৰুদ্ধে কভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জনতাক নজনোৱাৰ অভিযোগ উত্থাপন হৈছে।কভিশ্বিল্ড ভেকচিন লৈ যুৱ প্ৰজন্ম গুৰুতৰভাৱে আক্ৰান্ত হৈছে।যুৱক সকলৰ মাজত হাৰ্টৰ অসুখ বৃদ্ধি পাইছে৷হাৰ্টৰ ৰোগৰ বাহিৰেও যুৱপ্ৰজন্মৰ মাজত ডায়েবেটিছ,পেৰেলাইছিছ,আঁঠু বিষ,গাঁঠি বিষ,দৃষ্টিশক্তি হ্ৰাস,কাণেৰে নুশুনা ,কিডনী ফেইলৰ,কেন্সাৰ,চৰ্ম ৰোগ,মগজু জনিত সমস্যা বৃদ্ধি পাইছে বুলি তথ্য প্ৰকাশ কৰিছে সংগঠনটোৱে।তথ্যত প্ৰকাশ কৰা অনুসৰি যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰা ক্ষমতা হেৰুৱাইছে কভিশ্বিল্ড লোৱা লোকসকলে।বিভিন্ন গৱেষণা আৰু অভিযোগ অনুসৰি ক’ভিডত মৃত্যু হোৱাৰ সলনি কভিশ্বিল্ড লৈহে অধিক লোকৰ মৃত্যু হৈছে।একেটা ৰিপৰ্টতে এই কথাও উল্লেখ কৰা হৈছে যে ২১খন ইউৰোপীয় দেশে কভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।কিন্তু তাৰ বিপৰীতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিল গেটচ আৰু আদৰ পুনেৱালাৰ সহযোগত সমগ্ৰ দেশবাসীক বলপূৰ্বকভাৱে এই ভেকচিন দিয়াইছিল ।সমগ্ৰ দেশৰ কোটি কোটি জনতাৰ জীৱন বিপদাপন্ন কৰি এই ভেকচিন প্ৰদানৰ বাবে ক্ষতিপূৰণ বিচাৰি অকলেই যুঁজ দিছে প্ৰকাশ প’হৰেই।প্ৰাক্তন ন্যায়াধীশ ওমকাৰ কাকাৰে আৰু ইণ্ডিয়ান বাৰ এছ’চিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি নীলেশ ওজাই প’হৰেৰ হৈ এই গোচৰৰ ওকালতি কৰিছে।ন্যায়ালয়ে আদৰ পুনেৱালালৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰিছে।ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে কিয় মিছা প্ৰচাৰ কৰি ভেকচিনবোৰ দিয়া হৈছিল৷যদি এৱেকেন ইণ্ডিয়া ম’ভমেন্টে মিছা অভিযোগ আনিছিল কিয় সেইবোৰ বন্ধ কৰা হোৱা নাছিল?এৱেকন ইণ্ডিয়াই মানৱ জাতিৰ বাবে এই অভিযান চলোৱা বুলি উল্লেখ কৰিছে।ড° স্নেহাল লুনাৱাটৰ কভিশ্বিল্ডৰ বাবেই মৃত্যু হোৱা বুলি তেওঁৰ মৃত্যুৰ বাবে ক্ষতিপূৰণো বিচৰা হৈছিল। লুনাৱাটৰ মৃত্যুৰ বাবদ ১০০০ কোটি টকা ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছিল আদৰ পুনেৱালা আৰু বিল গেটচলৈ।দ্যা এৱেকেন ইণ্ডিয়া কেম্পেইন, ইণ্ডিয়ান বাৰ এছ’চিয়েছন,পেট্ৰিয়টিক হিউমেন ৰাইটচ অৰ্গেনাইজেশ্যনে আগৰেপৰাই কভিশ্বিল্ডৰ বিৰোধিতা কৰি আহিছে।ছিৰাম ইনষ্টিটিউটে এই সংগঠনবোৰৰ সদস্যৰ বিৰুদ্ধে এক তীব্ৰ আইনী যুঁজ আৰম্ভ কৰি পুনে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যদিও তাৰ আৰক্ষীয়ে কোনো পদক্ষেপ নল’লে।ইয়াৰ পিছতেই প্ৰায় ৩০০০ এৱেকেন ইণ্ডিয়াৰ সদস্যই ৪ লাখ কোটিৰ ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছিল।কিন্তু এই জাননীৰো কোনো সুদুত্তৰ পোৱা নগ’ল।কিন্তু ছিৰাম ইনষ্টিটিউটৰ CEO ই অনাগত দিনত এই ক্ষতিপূৰণ আৰু কাৰণ দৰ্শোৱাৰ জাননীৰ কি উত্তৰ দিব সেয়াহে হ’ব লক্ষণীয় !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.