‘জীৱন্ত বুদ্ধ’ৰ লগত ৰিজালে ৰাহুল গান্ধীক

Share This Article

ক্ষমতাৰ প্ৰতি লালায়িত নহয় ৰাহুল গান্ধী ! দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল গান্ধীয়ে ! কোনে কৰিছে মন্তব্য?বুদ্ধৰ সৈতে কোনে সাদৃশ্য পাইছে গান্ধীৰ?

কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত চিলিকন ভেলীত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত এক আলোচনাত অংশ লয়।এই আলোচনাত আমেৰিকাত থকা যথেষ্ট সংখ্যক ভাৰতীয় উদ্যোগীয়ে অংশ লৈছিল।সংবাদ প্ৰতিষ্ঠান PTI ৰ এক সূত্ৰ অনুসৰি এই আলোচনা চক্ৰত উপস্থিত থকা সৰহসংখ্যক উদ্যোগীয়েই ৰাহুল গান্ধীক ‘জীৱন্ত বুদ্ধ’ আখ্যা দিছিল।FixNix ৰ প্ৰতিষ্ঠাতা চান শংকৰণে কয় যে ৰাহুল গান্ধীৰ প্ৰযুক্তি সম্পৰ্কত যথেষ্ট দখল আছে।ৰাহুল গান্ধীৰ প্ৰযুক্তি সম্পৰ্কত থকা চিন্তা চেতনাক ‘মানৱীয়’ দৃষ্টিসম্পন্ন বুলি উল্লেখ কৰি চান শংকৰণে কয় যে প্ৰাক্তন সাংসদ গৰাকী যিকোনো বিষয় জানিবলৈ ইচ্ছুক।তেওঁ যিকোনো বিষয়ত নিজৰ সীমাবদ্ধতা জানে তথাপিও তেওঁ প্ৰতিটো মুৰ্হুততে নতুন প্ৰযুক্তিৰ বিষয়ে জানিব বিচাৰে।

একেটা অনুষ্ঠানত অংশ লৈ ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ তেওঁৰ পিতৃৰ পদাংক অনুকৰণ কৰিব বিচাৰে।প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীক স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পিতৃৰ বিভিন্ন প্ৰযুক্তিৰ বিষয়ে জ্ঞান থকাৰ লগতে বেংকিং খণ্ডতো আছিল যথেষ্ট দক্ষতা তথা অভিজ্ঞতা ।শংকৰণে কয়’ এতিয়া ভাৰতত কি হৈ আছে?টিকটক আপোনাৰ ভাল নালাগে,আপুনি নিষিদ্ধ কৰি দিয়ক৷আমেৰিকাই কিন্তু এতিয়ালৈকে টিকটক নিষিদ্ধ কৰা নাই।তেওঁলোকে টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক মাতি নি সমস্যাবোৰ অৱগত কৰিছে।’আনহাতে,ৰাহুল গান্ধীয়ে পেগাচাচ স্পাইৱেৰৰ সহায়ত ৰাহুল গান্ধীৰ ফোন ৰেকৰ্ডিঙৰ বিষয়টোও উল্লেখ কৰে।শংকৰণে কয় যে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিবলৈকে এই ব্যৱস্থা কৰা হৈছে।আনকি ৰাহুল গান্ধীয়ে সেই আলোচনাতেই ধেমেলীয়া সুৰত তেওঁৰ আইফোনত ক’লে ‘ হেল্ল মিষ্টাৰ মোডী’ বুলি সম্বোধন কৰি ক’লে যে তেওঁ এইবোৰ কথালৈ অলপো ভ্ৰুক্ষেপ নকৰে।শংকৰণে ৰাহুল গান্ধীৰ বদান্যতাত উদ্বুদ্ধ হৈ কয় ‘ তেওঁ জীৱন্ত বুদ্ধ ।তেওঁ ক্ষমতা বা পদক লৈ অলপো লালায়িত নহয়।তেওঁ দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিলেহেঁতেন।তেওঁলোকৰ দলৰ কোনো এগৰাকী সদস্যয়ো হয়তো ইয়াৰ বিৰোধিতা নকৰিলেহেঁতেন।কিন্তু তেওঁ কেতিয়াও সেই পদবীত বহাৰ কথা নাভাবিলে।’ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই সলাই পেলাইছিল জনমানসত ৰাহুলৰ প্ৰতিচ্ছবি।ৰাহুল গান্ধীয়ে দেশৰ সহজ সৰল জনতাৰ লগত মত বিনিময় কৰি সৰু ডা্ঙৰ সমস্যাবোৰ অনুধাৱন কৰাৰ চেষ্টা কৰিছিল।জনতাই নিৰহংকাৰী ৰাহুলক বুজি পাইছিল।এই ‘ভাৰত জোড়ো’ যাত্ৰাৰ প্ৰভাৱ আনকি দেশৰ বাহিৰত মানে বিদেশতো পৰিছিল।তাৰেই ফলশ্ৰুতিত বিদেশতো সমাদৰ বাঢ়িছে ৰাহুল গান্ধীৰ !শেহতীয়া আমেৰিকা ভ্ৰমণতো ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.