ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

Share This Article

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে।
নাম প্ৰকাশত অনিচ্ছুক সেনা বাহিনীৰ বিষয়াই সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। ৫ হাজাৰ ফুট উচ্চতাৰ নাকুলা ছেক্টৰত দুই পক্ষৰ ১৫০জন জোৱানৰ মাজত এই সংঘৰ্ষ‌ লাগে। সংঘৰ্ষত ভাৰতৰ ৪জন আৰু চীনৰ ৭জন জোৱান আহত হয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.