চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হল ম্যানমাৰৰ নোবেল বঁটা বিজয়ী নেত্ৰী আং চান চু কী

Share This Article

কোভিড প্ৰটকল ভংগ আৰু উছতনি মূলক কথা প্ৰচাৰ কৰাৰ অপৰাধত সোমবাৰে ম্যানমাৰৰ ৰাজধানীৰ এখন বিশেষ আদালতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে দেশখনৰ বহিষ্কৃত নেত্ৰী আং চান চু কীক। ১ ফেব্ৰুৱাৰীত সেনাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ৭৬ বছৰীয়া নবেল বঁটা বিজয়ীগৰাকীৰ বিৰুদ্ধে বহু কেইটা গোচৰ ৰুজু কৰা হৈছে। চু কীৰ দলৰ ফেচবুক পেজত পোষ্ট কৰা এটা বিবৃতিক উছতনি মূলক আখ্যা দি নেত্ৰী গৰাকীক দোষী সাবস্ত্য কৰিছে আদালতে। নেত্ৰী গৰাকীৰ দলৰ বহু নেতাক ইতিমধ্যে ম্যানমাৰৰ সামৰিক বাহিনীয়ে আটক কৰিছে। আনহাতে বিগত বছৰৰ নৱেম্বৰ মাহৰ ম্যানমাৰ নিৰ্বাচনৰ আগতে এটা প্ৰচাৰ অভিযানত উপস্থিত হৈছিল আং চান চু কী আৰু অভিযোগ উঠিছে যে সেই সভা খনতেই কোভিড প্ৰটকল ভংগ কৰিছিল নেত্ৰী গৰাকীয়ে। উল্লেখ্য যে যিটো সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে আং চান চু কীক চাৰি বছৰৰ কাৰাদণ্ড দিয়া হৈছে সেই সমষ্টিটোত ইতিমধ্যেই আং চান চু কীৰ দলে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.