গোডী মেডিয়াৰ হিৰ’,বিদেশৰ মেডিয়াত জিৰ’ !

Share This Article

কৰ্ণাটকৰ পৰাজয়ে বিশ্বগুৰু নৰেন্দ্ৰ মোডীৰ স্থান একে কোবে বহু তললৈ অৱনমিত কৰিলে।কৰ্ণাটকৰ পৰাজয়ৰ পিছত বিশ্বৰ বিভিন্ন বিখ্যাত তথা জনপ্ৰিয় সংবাদমাধ্যমে যি শিৰোনামেৰে সংবাদ পৰিৱেশন কৰিছে ,সেইবোৰৰ প্ৰায়বোৰতেই প্ৰধানমন্ত্ৰী মোডী,ধৰ্ম আৰু সাম্প্ৰদায়িকতাক শিৰোনাম হিচাপে লৈয়ে বাতৰি পৰিৱেশন কৰা দেখা গৈছে।’নিউয়ৰ্ক টাইমচ’ত কৰ্ণাটকৰ পৰাজয় সম্পৰ্কত প্ৰকাশিত বাতৰি আছিল এনেধৰণৰ -দক্ষিণ ভাৰতত মোডীৰ দলৰ পৰাজয়ে বিৰোধী দলক উৎসাহিত কৰিলে।’ৱাশ্বিংটন প’ষ্ট’ত শিৰোনাম আছিল এনেধৰণৰ -মোডীৰ হিন্দু ৰাষ্ট্ৰীয়তাবাদী দলে দেশৰ আগন্তুক নিৰ্বাচনৰ আগত এক বৃহৎ ঝটকা পালে৷
দ্য গাৰ্ডেনে লিখিছে ‘ নৰেন্দ্ৰ মোডীৰ বিজেপিক হৰুৱালে।’ ‘আল জাজিৰ’ত লিখিছে ‘হিন্দু -মুছলমান,হিজাব,হালালক লৈ ব্যস্ত থকা মোডীৰ বিজেপি হাৰিল !

ভাৰতীয় মেডিয়াই ‘বিশ্ব গুৰু’ আখ্যা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৱস্থা বিশ্বৰ আগশাৰীৰ মেডিয়াত তথৈবচ।বিজেপিৰ সাম্প্ৰদায়িকতাক মোডীৰ সাম্প্ৰদায়িকতা ,বিজেপিৰ ধৰ্মীয় অসহিষ্ণুতাক প্ৰধানমন্ত্ৰী মোডীৰ অসহিষ্ণুতা,মোডীৰ হিন্দু ৰাষ্ট্ৰীয়তাবাদী দল আদি শব্দৰে কৰ্ণাটকৰ পৰাজয়ক মোডীৰ পৰাজয়,মোডীৰ বাবে এক মোক্ষম আঘাত হিচাপে প্ৰতিপন্ন কৰি সংবাদ পৰিবেশন কৰিছে বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে।গোডী মেডিয়াই সমগ্ৰ বিশ্বৰ দৃষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশ্বগুৰু বুলি প্ৰতিপন্ন কৰিব চেষ্টা কৰি আহিছিল ইমানদিনে।প্ৰায় প্ৰতিখন বিদেশী ৰাষ্ট্ৰ তথা ৰাষ্ট্ৰনেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যথেষ্ট সন্মান কৰে বুলি গোডী মেডিয়াই প্ৰায়েই সংবাদ পৰিবেশন কৰি আহিছে।কিন্তু কৰ্ণাটকত বিজেপি দলে খোৱা মুখথেকেঁচাই প্ৰধানমন্ত্ৰী মোডীক সমগ্ৰ বিশ্বৰ মেডিয়াই প্ৰকৃততে কি বুলি ভাৱে সেয়াই প্ৰকাশ কৰিলে।উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটকত বিজেপিৰ পৰাজয়ে সমগ্ৰ দলটোলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে।এই কথা দলৰ নেতৃত্বই নিজে উপলব্ধি কৰাৰ বাহিৰেও সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।বিজেপি পৰাজিত হোৱাৰ কাৰণ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি,ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ,দুৰ্নীতি আদিয়ে প্ৰধান কাৰক হিচাপে বিবেচিত হৈছে৷কিন্তু বিজেপিৰ পৰাজয়ৰ বাবে ভাৰতৰ সংবাদ মাধ্যমে প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী মোডীক জগৰীয়া কৰা নাছিল।কিন্তু তাৰ বিপৰীতে বিদেশৰ মেডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ মুখা খুলি দিয়াটোক বিজেপি দলে এতিয়া কি দৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.