সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুজৰাটত ডুবিব ‘মোডী জাহাজ’?

গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ১ আৰু ৫ ডিচেম্বৰত৷ গুজৰাটৰ নিৰ্বাচন সমগ্ৰ দেশৰ বাবে এক ৰাষ্ট্ৰীয় উংসৱৰ দৰে হৈছে কিয়নো বিজেপি চৰকাৰৰ দুয়োজন মূল কাণ্ডাৰী ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাট৷ সেয়ে মোডী-শ্বাহ দুয়োজনেই শক্তি,সামৰ্থ,কৌশল সকলো সপি দিছে গুজৰাটত৷ ১৯৯৫,১৯৯৮,২০০২,২০০৭,২০১২ আৰু ২০১৭ মুঠ বিগত ৬ টা নিৰ্বাচন আৰু ২৭ টা বছৰ একছত্ৰীভাৱে গুজৰাটত শাসন চলালে বিজেপিয়ে৷ কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌৱে গুজৰাটত হিলাব পৰা নাছিল বিজেপিক৷ কিন্তু ইমান সুদৃঢ় স্থিতিত গোজ পুতি বহি থকা বিজেপি নেতৃবৃন্দক এইবাৰ বেয়া চিন্তাই হেঁচা মাৰি ধৰিছে৷ বিগত ৬ টা নিৰ্বাচনতে প্ৰধানমন্ত্ৰী মোডীয়ে লৈছিল এক গুৰুত্বপূৰ্ণ ভূমিকা৷ ১৯৯৫ চনত বিজেপিয়ে নিজৰ হাতলৈ আনিছিল ৰাজ্যখনৰ শাসনভাৰ৷ কেশুভাই পেটেলক ১৯৯৫ চনত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাত মোডীৰ আছিল অনবদ্য ভূমিকা৷ কংগ্ৰেছে ১৯৯৫ চনৰ আগলৈকে কেৱল জাতিভেদৰ ৰাজনীতি কৰিছিল গুজৰাটত৷ কিন্তু ১৯৯৫ চনৰ পিছৰ পৰা বিজেপিয়ে ৰাজ্যখনত আৰম্ভ কৰিলে এক নতুন ধাৰাৰ ৰাজনীতি৷সেয়া হ’ল বণিক গোষ্ঠীৰ উন্নয়ন আৰু ধৰ্মক লৈ কৰা ৰাজনীতি৷ ২০০২ চনত বিজেপিয়ে ৰাজ্যখনৰ মুঠ ১৮২ খন আসনৰ ১২৭ খন আসন লাভ কৰিছিল৷২০০১ চনৰ আগলৈকে মোডী ৰাজ্যখনৰ বিধায়কেই নাছিল৷কিন্তু ২০০২ চনৰ পৰা গুজৰাটত আৰম্ভ হৈছিল মোডী যুগৰ৷
২০১৭ চনৰ নিৰ্বাচন আছিল বিজেপিৰ বাবে যথেষ্ট কঠিন৷কিয়নো ১৯৯৫ আৰু ১৯৯৮ চনৰ পেটেল সম্প্ৰদায়ৰ ভোট বেংকে মোডী-শ্বাহৰ ৰিমট কণ্ট্ৰল শাসনৰ বিৰোধিতা কৰিছিল৷ সেয়ে ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৯৯ খন আসনতে সীমাবদ্ধ হ’বলগীয়া হৈছিল৷ বিগত ৫ বছৰত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কোনো দিনেই গুজৰাটক অৱমাননা কৰা নাই৷ তথাপিও বিভিন্ন কাৰণত মোডী-শ্বাহ দুয়ো জনেই এইবাৰ নিৰ্বাচনী বৈতৰণী সহজেই পাৰ হ’ব পাৰিব বুলি আশ্বস্ত হ’ব পৰা নাই ৷ নতুনকৈ ৰাজ্যখনত ভুমূকি কৰা আপ দলে টোপনি হৰিছে বিজেপিৰ !
আপৰ ভোটৰ পাৰ্চেণ্টেজ যদি ১১ৰ পৰা ১২% হয় তেন্তে বিজেপিৰ ধাৰণাত সেই ভোট হ’ব কংগ্ৰেছৰ ৷
কিন্তু যদি আপৰ ভোটৰ হাৰ ২৫ % ওপৰলৈ যায় তেন্তে বিজেপিৰ বিপদ অনিবাৰ্য৷ বিগত ২০১৭ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ পৰিমাণ আছিল ৪১% আৰু তাৰ বিপৰীতে বিজেপিৰ ভোটৰ পৰিমাণ আছিল ৪৯% ৷

Leave A Reply

Your email address will not be published.