খং উঠিল কিয় ‘ড্ৰীমগাৰ্ল’ৰ?

Share This Article

খং উঠিল কিয় ‘ড্ৰীমগাৰ্ল’ৰ?
কংগণা ৰাণাৱটৰ নাম শুনিয়েই খং উঠিল হেমামালিনীৰ
কিন্তু কিয়?
সমষ্টি হেৰুওৱাৰ ভয়ত ত্ৰস্তমান হেমামালিনী

হয়,অভিনেত্ৰী তথা সাংসদ হেমামালিনীৰ খং উঠিছে৷

খং মানে একেবাৰে প্ৰচণ্ড খং৷

সাংবাদিকে অভিনেত্ৰী কংগনা ৰাণাৱটে মথুৰাৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব নেকি বুলি সোধাত খং উঠিছে ড্ৰীমগাৰ্লৰ !

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ মথুৰাৰ পৰা এইবাৰ কংগনা ৰাণাৱটে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷

নিজৰ সমষ্টি
মথুৰাত শনিবাৰে উপস্থিত হোৱা সাংসদ হেমা মালিনীক সোধা হৈছিল “ অভিনেত্ৰী কংগণা ৰানাৱট এইবাৰ মথুৰাৰ পৰা নিৰ্বাচনত উঠিব আপুনি কি কয় ?”

“ ভাল কথা,ভাল কথা,আপোনালোকে মথুৰাৰ পৰা কেৱল চলচ্চিত্ৰৰ তাৰকাকহে বিচাৰে,কাইলৈ হয়তো ৰাখী ছাৱন্তেও ইয়াৰ পৰা প্ৰতিন্দন্দ্বিতা কৰিব!”

“আপোনালোকে ৰাজনীতিকে মথুৰাৰ পৰা প্ৰতিন্দন্দ্বিতা কৰাটো নিবিচাৰে৷আপোনালোকেই সকলোৰে মগজুত ভৰাই দিছে যে ইয়াৰ পৰা কেৱল তাৰকাইহে প্ৰতিন্দন্দ্বিতা আগবঢ়োৱা উচিত”-এনেদৰে কয় হেমামালিনীয়ে৷
হেমামালিনীৰ এই বক্তব্যৰ পিছত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে “ যিগৰাকী মহিলা নিজেই এগৰাকী অভিনেত্ৰী,তেওঁৰ স্বামী অভিনেতা,পুত্ৰও অভিনেতা আৰু তাৰ পিছত তেওঁ ৰাজনীতিলৈ আহিছে তেওঁ আকৌ আনক আহিলে বেয়া পায় ?বিগত ১০ বছৰত তেওঁ জনতাৰ কাৰণে কি কৰিলে ক’ব পাৰিবনে?”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.