সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু

ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷
• মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷
• ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে৷
• দেশত ৪৭,৪৮০ গৰাকী ক’ৰোনা ৰোগী এতিয়াও চিকিৎসাধীন আৰু ২৪,৩৮৫ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে৷
• চৰকাৰৰ মতে এতিয়ালৈকে ১৮ লাখ ব্যক্তিৰ স্বাস্থ্যপৰীক্ষা কৰোৱা হৈছে ৷ প্ৰতিদিনে টেষ্টিঙৰ সংখ্যা ১ লাখলৈকে বঢ়োৱা হৈছে৷ ৩৪৭ টা চৰকাৰী আৰু ১৩৭ টা ব্যক্তিগত পৰীক্ষাগাৰত ক’ৰোনা পৰীক্ষা কৰা হৈ আছে ৷
• অসমত কালি কোনো লোক নতুনকৈ ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই ৷ ৰাজ্যখনত এতিয়ালৈকে ৬৪ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.