সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷
• ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷
• বুধবাৰৰ দিনটোত মৃত্যুমুখত পৰে ১৩৪ গৰাকী লোক৷ দেশত এতিয়ালৈকে মৃত্যুমুখত পৰা ক’ৰোনা ৰোগীৰ সংখ্যা হ’ল ২,৫৪৯৷
• বৰ্তমান ৪৯,২১৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু ২৬,২৩৪ গৰাকী লোক সুস্থ হৈ উঠিছে৷
• সৰ্বাধিক ক’ৰোনা আক্ৰান্ত ৰাজ্যসমূহ হ’ল-মহাৰাষ্ট্ৰ (২৫,৯২২) ,গুজৰাট (৯,২৬৭ ) ,তামিলনাডু (৯,২২৭) ,দিল্লী (৭,৯৯৮ )৷
• ক’ৰোনাৰ উৎপত্তিস্থল চীনত এতিয়ালৈকে ৮২,৯২৯ টা ক’ৰোনা সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে৷ ভাৰতত যদি একেই হাৰত সংক্ৰমন অব্যাহত থাকে তেনেহ’লে আজিৰ দিনটোৰ ভিতৰতে চীনক অতিক্ৰম কৰা সম্ভাৱনা আছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.