সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাৰ শেহতীয়া খবৰ: ভাৰতত ২৪ ঘন্টাত মৃত্যু ….

ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৬০ হাজাৰৰ সীমা চোৱাৰ পথত৷ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ বাবে কালিৰ দিনটোতো ৩ হাজাৰতকৈ অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ আনহাতে মৃতকৰ সংখ্যাও ১,৯৮১ জনলৈ বৃদ্ধি পাইছে৷
• যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯৫ গৰাকী ক’ভিড ১৯ ৰোগীৰ৷ ইয়াৰে মহাৰাষ্ট্ৰ ৩৭ জন আৰু গুজৰাটত ২৪ জনৰ মৃত্যু হৈছে৷ এতিয়ালৈকে ভাৰতত ক’ৰোনা সংক্ৰমনৰ মুঠ ঘটনা হ’ল ৫৯,৬৬২৷
• মহাৰাষ্ট্ৰত সৰ্বাধিক ১৯,০৬৩ গৰাকী ব্যক্তিৰ দেহলৈ ক’ৰোনা সংক্ৰমন হৈছে৷
• ইফালে ,তামিলনাডু,গুজৰাট ,দিল্লী পশ্চিমবংগ আদিতো উদ্বেগজনকভাৱে ক’ৰোনাৰ সংক্ৰমনৰ ঘটনা বৃদ্ধি পাইছে৷
• সমগ্ৰ বিশ্বত মুঠ ৪.১ মিলিয়ন ক’ৰোনা সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে৷ অতি কমেও মৃত্যুমুখত পৰিছে ২.৭৪ লাখ লোক৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.