সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং বেটেলিয়নত কৰ্মৰত জোৱানৰ পৰিয়ালৰ লোক আৰু এগৰাকী ট্ৰাক ড্ৰাইভাৰ৷ বিগত ৭ টা দিনত ৰাজ্যখনৰ দুটা বি এছ এফ বেটেলিয়নৰ মুঠ ১১৩ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ আক্ৰান্ত লোকসকলৰ ভিতৰত ১০২ গৰাকীয়ে জোৱান৷এতিয়ালৈকে ত্ৰিপুৰাত ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে মুঠ ১১৬ গৰাকী লোক আৰু ২ জন ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে>

- Donation -


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.