কেৰেলাৰ হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ

Share This Article

কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ প্ৰধান সুৰেন্দ্ৰ কুমাৰে জানিব দিয়া মতে গ্ৰেপ্তাৰকৃত লোকজনৰ বয়স ৪০বছৰৰ সমসাময়িক। লোকজনক গ্ৰেপ্তাৰৰ পিছতেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মৃত হাতীজনী কেৰেলাৰ ছাইলেণ্ট ভেলীৰ আছিল। অভিযোগ আছিল যে ফলত ভৰাই থোৱা বিষাক্ত পদাৰ্থ ভক্ষণ কৰাৰ পিছতেই গৰ্ভৱতী হাতীজনীj মুখ, জিভাৰ লগতে আভ্যন্তৰীণ অংশত বিষক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰপিছতেই ভেলিয়াৰ নদীত গৈ নিজকে বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছিল হাতীজনীয়ে। বন বিভাগে হাতীজনীক বচাবৰ বাবে চেষ্টা চলাইছিল যদিও অৱশেষত পানীতেই থৰ লাগি মৃত্যুক সাবটি লয় হাতীজনীয়ে।
পোষ্টমৰ্টেম ৰিপৰ্ট অনুসৰি, হাতীজনী কেইবাদিনৰ পূৰ্বেই অসুস্থ হৈ আছিল। যাৰফলত খাদ্য ভালদৰে গ্ৰহণ কৰিব পৰা নাছিল। সেই নিৰ্দিষ্ট অঞ্চলত বনগাহৰিৰ উপদ্ৰৱৰ বাবে কিছুলোকে খাদ্যৰ মাজত বিষাক্ত পদাৰ্থ ভৰাই খেতিপথাৰ ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছিল। সেই বিষজনিত খাদ্য খোৱাৰ ফলতেই হাতীজনীৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। অন্যহাতে, বন বিভাগ এতিয়াও হাতীজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া নিশ্চিত হোৱা নাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.