কেমেৰাত প’জ দিয়াটোৱেই লক্ষ্য নেকি প্ৰধানমন্ত্ৰীৰ ?

Share This Article

অহা ২৮ মে’ত সংসদ ভৱনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ছাভাৰকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে সেইদিনাই নতুন সংসদ ভৱন উদ্বোধনৰ দিন থিৰাং কৰিছে চৰকাৰে।ভাৰতীয় গণতন্ত্ৰৰ প্ৰতীক সাংসদ ভৱনটোক কোনো ৰাজনৈতিক ব্যক্তিয়ে উদঘাটন কৰিবলৈ লোৱাটো এক অভাৱনীয় ঘটনা হিচাপে বিবেচিত হৈছে।প্ৰধানমন্ত্ৰী মোডীৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলসমূহে।কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই টুইটাৰত লিখিছে ‘ মোডী চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদবীটোৰ প্ৰতিনিধিত্ব দলিত অথবা জনজাতীয় লোকৰ পৰা হ’ব লাগে বুলি আচলতে কেৱল নিৰ্বাচনৰ ভোটৰ অংকৰ বাবেহে সহানুভূতি দেখুৱাইছিল।খাৰ্গেই লগতে কয় ‘ তেওঁ মানে ৰাষ্ট্ৰপতিগৰাকী দেশৰ প্ৰথমগৰাকী নাগৰিক।তেওঁৰ দ্বাৰা সংসদ ভৱন উদ্বোধন কৰিলে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা হ’ব আৰু সাংবিধানিক বৈশিষ্ট্য অটুত থাকিব।’কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় কেৱল ৰাষ্ট্ৰপতিয়েহে এই সাংসদ ভৱন উদ্বোধন কৰা উচিত।ৰাষ্ট্ৰীয় জনতা দলৰ নেতা মনোজ কুমাৰ ঝায়েও ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ।ঝাৰ মন্তব্য ‘ সন্মানীয় ৰাষ্ট্ৰপতিয়েহে ইয়াক উদ্বোধন কৰা উচিত!’

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লিখিছে’ আমাৰ সকলো প্ৰতিষ্ঠাপক পিতৃ মাতৃক অপমান কৰা হৈছে।গান্ধী,নেহেৰু,পেটেল,বসু আৰু আম্বেদকাৰক কৰা হৈছে চূড়ান্ত অপমান।’

CPI নেতা ডি ৰাজাই কয় ‘ নিজৰ ভাৱমূৰ্ত্তিক লৈ মোডী অত্যন্ত সজাগ৷কেমেৰাটোক লৈ অত্যন্ত ব্যস্ত মোডীজী।’
আনহাতে,AIMIM নেতা আছাদুদ্দিন ওৱেছীয়ে কয় ‘ তেওঁ কাৰ্যপালিকাৰ মূৰব্বীহে,ন্যায়পালিকাৰ নহয়।আমাৰ দেশত ক্ষমতা ভাগ কৰা আছে।সন্মানীয় লোকসভা অথবা ৰাজ্যসভাৰ অধ্যক্ষই ইয়াক উদ্বোধন কৰিব পাৰে৷এইটো জনতাৰ ধনেৰে নিৰ্মিত ! প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ নিজৰ ‘বন্ধু’ৰ টকাৰে এই সংসদ ভৱন নিৰ্মাণ কৰা বুলি ভাৱিছে নেকি ?’ছাভাৰকৰক হিৰ’ বনোৱা কাৰ্যক লৈ প্ৰায়ে খকাখুন্দা লাগে বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ।স্বাধীনতা আন্দোলনৰ সময়ত ছাভাৰকাৰে বৃটিছৰ ওচৰত ক্ষমা খোজা বুলিও দাবী কৰে কংগ্ৰেছে।মহাত্মা গান্ধীৰ নাতিনীয়েক তুষাৰ গান্ধীয়ে টুইটাৰত লিখিছে ‘ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৮ মে’ত নতুন সাংসদ ভৱন মুকলি কৰিব।ভি ডি ছাভাৰকাৰৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এই ভৱন।তেওঁ বিল্ডিঙটোৰ নাম ‘ছাভাৰকাৰ সদন’ ৰখা উচিত আৰু চেণ্ট্ৰেল হলটোৰ নাম ‘মাফি কক্ষ’ দিয়া উচিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.