কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?

Share This Article

জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে , নিৰ্বিকাৰ দিল্লীৰ প্ৰভু । এয়াই প্ৰধানমন্ত্ৰীৰ ঘোষিত অষ্টলক্ষ্মী । কিন্তু কোনে জ্বলাইছে মণিপুৰ ? কিয় জ্বলিছে মণিপুৰ ? কিয় জ্বলি থাকিবলৈ দিয়া হৈছে মণিপুৰক ?

ঘটনাৰ আৰম্ভণি ৩ মে’ত । মেইটেই জনগোষ্ঠীক এছ টিৰ মৰ্যদা দিব লাগে বুলি ন্যায়ালয়ে ৰায় দিয়াৰ পাছতেই মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টেছ ইউনিয়নে প্ৰতিবাদী মিছিল বাহিৰ কৰে । তাৰ পাছতেই উত্তপ্ত হৈ পৰে সমগ্ৰ মণিপুৰ । ৪ মে’ত কেন্দ্ৰীয় চৰকাৰে মণিপুৰত বলবৎ কৰে ৩৫৫ অনুচ্ছেদ । ইয়াৰ জড়িয়তে মণিপুৰৰ আইন শৃংখলাৰ দায়িত্ব নিজৰ হাতলৈ নিয়ে কেন্দ্ৰীয় চৰকাৰে । সেনা , আছাম ৰাইফলছ , ৰেপিড একছন ফোৰ্চ সকলো মোতায়ন কৰা হয় মণিপুৰত । কিন্তু তাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিল । কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘাতে চৰম ৰূপ ল’লে । ৯ হাজাৰ লোক গৃহহীন হ’ল । হাজাৰ হাজাৰ ঘৰ জ্বলি চাৰখাৰ হৈ গ’ল । সেই জুই আজিও নুমুওৱা নাই । সংঘাতে শ্মশানভূমি পৰিণত কৰা মণিপুৰত আজিও অব্যাহত আছে নৃশংস হিংসাৰ দাবানল ।

মণিপুৰৰ জনসংখ্যাৰ ৫৩ শতাংশই হ’ল মেইটেই । এই মেইটেই লোকসকলক জনজাতিৰ মৰ্যদা দিয়াক লৈয়ে সংঘাতৰ সূত্ৰপাত । কিন্তু মণিপুৰ অশান্ত হোৱাৰ সেয়াই একমাত্ৰ কাৰণ নহয় । কুকি সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা অনীহাৰ প্ৰতিফলনো ঘটিল শেহতীয়া হিংসাত । জনজাতি লোকসকলে মণিপুৰৰ বনাঞ্চল দখল কৰি পপি খেতি কৰাৰ অভিযোগ তুলি মণিপুৰৰ বিজেপি চৰকাৰে আৰম্ভ কৰিছিল উচ্ছেদ অভিযান । ড্ৰাগছ বিৰোধী অভিযানৰ আঁৰ লৈ জনজাতি লোকসকলৰ ওপৰত চলিছিল অত্যাচাৰ । একেসময়তে জনজাতি লোকসকলে পাহাৰীয়া অঞ্চলক নিজৰ পৈত্ৰিক ভূমি বুলিয়েই গণ্য কৰা হৈছিল । সমতল অঞ্চলত বাস কৰা মেইটেই লোকসকলৰ পাহাৰীয়া অঞ্চলত ভূমি ক্ৰয়ৰ কোনো অধিকাৰ নাছিল ৷ যাৰ বাবে মেইটেইসকলৰ মাজত আছিল ক্ষোভ । কিন্তু এই সংবেদনশীল পৰিস্থিতিৰ মাজতো মণিপুৰৰ বিজেপি চৰকাৰৰ হাতত নাছিল বনাঞ্চল আৰু ভূমিক লৈ কোনো স্পষ্ট নীতি । যাৰ বাবে পৰিস্থিতি হৈ পৰে অধিক জটিল । আনকি বিজেপিৰ নিজৰ মাজতেই আৰম্ভ হয় সংঘাত ।এন বীৰেন সিঙ চৰকাৰে আৰম্ভ কৰা বনাঞ্চল জৰীপক লৈ প্ৰশ্ন উত্থাপণ কৰিবলৈ ধৰে ইজনৰ পাছত সিজন বিজেপি নেতাই । বিশ্বজিত সিঙৰ দৰে জ্যেষ্ঠ মন্ত্ৰীয়ে বনাঞ্চল জৰীপক অভিহিত কৰে এক অন্যায় হিচাপে। কিন্তু তাৰ পাছতো বনাঞ্চলত জনজাতিৰ দখল উচ্ছেদ কৰিবলৈ বদ্ধপৰিকৰ হৈ ৰয় এন বীৰেন সিঙ । আনকি বনাঞ্চলত জনাজাতি লোকসকলে স্থাপন কৰা গীৰ্জাঘৰতো উচ্ছেদ আৰম্ভ কৰে । এপ্ৰিল মাহৰ পৰাই বনাঞ্চলত সাধাৰণ জনজাতি লোকসকলক উচ্ছেদ কৰিবলৈ লোৱা হয় । বনাঞ্চলত থকা ২৬ টা ঘৰৰ দুটা উচ্ছেদ কৰাৰ পাছতেই কুকি লোকসকল ক্ষোভিত হৈ পৰে । তেওঁলোকৰ দাবী ৩৮ খন গাঁৱৰ যি এহেজাৰ লোকৰ বিৰুদ্ধে বনাঞ্চল বেদখলৰ অভিযোগ উত্থাপন কৰা হৈছে , তেওঁলোক আচলতে ৫০- ৬০ বছৰ ধৰি সেই স্থানতেই আছে । এই লৈ কুকি জনজাতিৰ লোকসকলৰ মাজত দীৰ্ঘদিন ধৰি চৰকাৰৰ বিৰুদ্ধে পুঞ্জীভূত হৈছিল ক্ষোভ । অব্যাহত আছিল চেগা চোৰোকা প্ৰতিবাদ ।তাৰ মাজতেই আহি পৰিল মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰসংগ । তাৰ পাছতেই কুকি লোকসকলৰ মাজত পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ ঘটে । সেই ক্ষোভ দমনৰ বাবে কেন্দ্ৰই অনুচ্ছেদ ৩৫৫ প্ৰয়োগৰ দৰে কঠোৰ পদক্ষেপ লয় ৷ কিন্তু তাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰনলৈ নাহিল । উমি উমি জ্বলি থকা জুইকুৰাই লৈছে বনজুইৰ ৰূপ ৷ অবিশ্বাস আৰু হিংসাৰ জ্বালামুখীৰ উদ্গীৰণ ঘটিছে মণিপুৰত । সেই দৃশ্য নীৰৱে চাই সুখনিদ্ৰাত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উত্তৰ পূৱৰ চানক্য বুলি পৰিচিত হিমন্ত বিশ্ব শৰ্মা নিমগ্ন নিৰ্বাচনৰ ৰাজনীতিত । কৰ্ণাটকৰ পাছত এইবাৰ মধ্যপ্ৰদেশত ভৰি দিছে হিমন্ত বিশ্ব শৰ্মাই । কিন্তু জ্বলি থকা মণিপুৰলৈ চাবলৈ এখন্তেকো সময় নাই হিমন্ত বিশ্ব শৰ্মাৰ । এনেকৈয়ে উত্তৰ পূৱৰ এখন ৰাজ্য সম্পূৰ্ণ ছাই হোৱালৈ বাট চাই ৰৈছে বিজেপি দল আৰু চৰকাৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.