কাৰ ‘মুখ’ লৈ ভোট বিচাৰিব বিজেপিয়ে?

Share This Article

কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰাৰ পিছত দলটোৱে আগন্তুক দিনত কোনবোৰ বিষয়ক ইছ্যু হিচাপে লৈ আগবাঢ়িলে ভোটাৰক আকৰ্ষণ কৰিব পাৰিব তাক লৈ সন্দিহান হৈ পৰিছে।দক্ষিণ ভাৰতৰ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্য কৰ্ণাটকত বিৰোধী দল কংগ্ৰেছৰ সন্মুখত এনেদৰে ধৰাশায়ী হ’ব বুলি কল্পনাই কৰা নাছিল বিজেপি নেতৃবৰ্গই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মূল সেনাপতি হিচাপে লৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত কৰ্ণাটকত জনপ্ৰিয়তাৰ আগতীয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিজেপি।কিন্তু এসময়ত প্ৰধানমন্ত্ৰী মোডীৰ মেজিক চলা বুলি বিশ্বাস কৰা ভাৰতবাসীয়ে বিজেপিৰ অন্যান্য নেতৃত্বতো বাদেই,স্বয়ং নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতিকেই গুৰুত্ব নিদিলে কৰ্ণাটকৰ নিৰ্বাচনত।উল্লেখ্য যে বিগত ১০ মে’ত কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত মুঠ ১৯ খন ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বজৰংবলীৰ নামত প্ৰধানমন্ত্ৰী মোডীকে ধৰি প্ৰায় প্ৰতিগৰাকী বিজেপি নেতাই জনতাৰ পৰা ভোট বিচাৰিছিল।ইয়াৰ পিছতো কিন্তু প্ৰায় ৮৮ শতাংশ হিন্দু ভোটাৰৰ ৫৩ শতাংশই ভোট নিদিলে বিজেপিক।

মুছলমানে নহয়,হিন্দুৱেহে হৰুৱালে বিজেপিক !বিজেপিৰ ভোটৰ অংকত জংক পংক !কাকোৱেই বিশ্বাস কৰিব নোৱাৰা হ’ল বিজেপিয়ে !হিন্দুৱেই ভোট নিদিলে বিজেপিক !
হিজাব,হালাল,হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰি কৰ্ণাটকত বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৩৭% ভোট৷ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটকত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা তুলনামূলকভাৱে কম।৬ কোটি ১১লাখ জনসংখ্যাৰ কৰ্ণাটকত মুছলমান জনসংখ্যা ৭৮.৯৩ লাখ ।সমগ্ৰ মুছলমান জনসংখ্যায়ো যদি বিজেপিক ভোট নিদিলে বা সমৰ্থন নিদিলেহেঁতেন,তথাপিও কেৱল হিন্দুৰ ভোটেৰেই
জয়লাভ কৰিব লাগিছিল বিজেপি।টিপু চুলতানৰ পৰা আৰম্ভ কৰি PFI ক নিষিদ্ধ কৰালৈকে সকলো কৰিও হাৰি গ’ল বিজেপি।কৰ্ণাটকৰ জনতাৰ বিজেপিৰ প্ৰতি অনীহাই এক অশনি সংকেত কঢ়িয়াই আনিছে বিজেপিলৈ।২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে যদি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি পৰিহাৰ নকৰে ,ই সমগ্ৰ দলটোলৈ এক ভয়াবহ ভবিষ্যত কঢ়িয়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি !ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানা,মিজোৰামকে ধৰি মুঠ ৬ খন ৰাজ্যত চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব।কিন্তু হিন্দী বলয়ৰ এই ৰাজ্য কেইখনত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি যে দলটো লাভান্বিত নহ’ব,সেই কথা বুজি উঠিছে দলীয় নেতৃবৰ্গই।কিন্তু কাৰ মুখ লৈ,কোনটো ইছ্যুক প্ৰাধান্য দি দলটো আগবাঢ়ে সেয়া হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.