সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ্তিক আৰ্য়ানে কোন অভিনেত্ৰীৰ লগত কোৱাৰেন্টাইন কৰিব খোজে?

নিৰ্জন দ্বীপ এটাত আপোনাক অকলে থাকিবলৈ  দিলে লগত কাক নিবলৈ বিচাৰিব? সাক্ষাৎকাৰত সঘনে সোধা এটা প্ৰশ্ন৷ একেটা প্ৰশ্নই সোধা হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানক৷ কিন্তু এই প্ৰশ্নৰ উত্তৰত কাৰ্তিক আৰ্য়ানে যি উত্তৰ দিলে সেয়া শুনি বহু অভিনেত্ৰীৰ সপোন চূৰমাৰ হৈ গ’ল৷  কাৰ্তিকক সোধা হৈছিল-এটা দ্বীপত যদি আপোনাক কোৱাৰেন্টাইন কৰিবলৈ দিয়া হয় তেনহ’লে লগত কোনগৰাকী অভিনেত্ৰীক নিবলৈ বিচাৰিব?উত্তৰত তেওঁ ক’লে- কৰীনা কাপুৰ৷ তেওঁ  মোৰ ফেভাৰেট ৷

- Donation -

উল্লেখ্য যে,এই গৰাকী অভিনেতা লগত জাহ্নবী কাপুৰৰ পৰা অনন্যা পাণ্ডেলৈকে বহু সুন্দৰীয়ে অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে৷এতিয়া কাৰ্তিকৰ উত্তৰ শুনি আৰু বহুতৰ টোপনি নোহোৱা হোৱাটো স্ৱাভাবিক৷

কাৰ্তিক আৰ্য়ানক অতি সোনকালে ‘দোস্তানা২’ চিনেমাত দেখিবলৈ পোৱা যাব৷ য’ত তেওঁৰ লগত অভিনয় কৰিছে জাহ্নবী কাপুৰে৷ইয়াৰ পূৰ্বে ছাৰা আলী খানৰ লগত তেওঁক দেখা গৈছিল ‘লাভ আজকল ‘ত৷

 

 

 

Leave A Reply

Your email address will not be published.