সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা এইগৰাকী ৰাজনীতিকে এতিয়া ৪৫ মিলিয়ন জনতাৰ দেশখনক ৰাছিয়াৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিবনে?এক প্ৰতিবেদন৷
ৰাছিয়াৰ আক্ৰমণত বিধস্ত হৈ পৰিছে ইউক্ৰেইন৷দ্বিতীয় দিনালৈ ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে প্ৰায় ডেৰশ ইউক্ৰেইনৰ নাগৰিকৰ৷যুদ্ধ বিমানৰ শব্দত কপি উঠিছে ইউক্ৰেইনৰ আকাশ৷বাৰুদৰ ধোৱা আৰু জুইত জ্বলিছে ইউক্ৰেইন৷বিশাল ৰাছিয়ান সেনাৰ অভিযানত এতিয়া আতংকত কপি উঠিছে ইউক্ৰেইনৰ ৪৫ মিলিয়ন জনতা৷কিন্তু এই ৪৫ মিলিয়ন জনতাৰ সুৰক্ষাৰ দায়িত্ব এজন বিশেষ ব্যক্তিৰ হাতত৷তেও হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি৷এই প্ৰতিবেদনত জানো আহক,এজন কমেডিয়ানৰ পৰা কেনেকৈ নাটকীয়ভাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি৷
৪৪ বছৰ পূর্বে এটা ইহুদী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল জেলনস্কিয়ে৷১৭ বছৰ বয়সত জেলেনস্কিয়ে যোগদান কৰে এটা স্থানীয় কমেডিয়ান গ্ৰুপত৷জেলেনস্কিয়ে কিয়েভতে লাভ কৰে আইনী ডিগ্ৰী৷কিন্তু জেলেনস্কি জৰিত হৈ পৰে অভিনয় জগতত৷সেইসময়ত ৰাছিয়াৰ টেলিভিচন সমূহৰ কমেডিয়ান শ্ব’ৰ প্ৰতিযোগিতা সমূহত প্ৰায়ে অংশ লৈছিল জেলেনস্কিয়ে৷২০০৩ চনত জেলেনস্কিয়ে প্ৰতিষ্ঠা কৰিলে এটা টিভি প্ৰডাকচন কোম্পানী৷ইয়াৰ নাম ৰাখে কেভাৰটাল95৷এই কোম্পানীটোয়ে ইউক্ৰেইনৰ ওৱান প্লাচ ওৱান নেটৱর্কৰ বাবে কমেডি শ্ব নির্মাণ কৰিবলৈ আৰম্ভ কৰে আৰু জনপ্ৰিয় হৈ উঠে৷ইয়াৰ পিছত অভিনয় জগততে নিজৰ খুপনি পুতিবলৈ চেষ্টা কৰে জেলেনস্কিয়ে৷২০০৯ চনত জেলেনস্কিয়ে নির্মাণ কৰে লভ ইন দ্য বিগ চিটি নামৰ এখন বোলছবি৷২০১০ চনত নির্মাণ কৰে জোৱেস্কি ভার্চেচ নেপোলিয়ন৷অফিচ ৰোমাঞ্চ,আৱাৰ টাইম আদি জেলেনস্কিৰ জনপ্ৰিয় ছবি৷২০১৪ চনটো আছিল ইউক্ৰেইনৰ বাবে বিশেষ সময়৷ব্যাপক বিদ্ৰোহৰ পৰিণতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদৰ পৰা সেই বছৰেই পদত্যাগ কৰে ৰাছিয়া সমর্থিত ইুক্ৰেইনৰ ৰাষ্ট্ৰপতি ভিক্তৰ য়ানুকোভিচে৷ইয়াৰ ঠিক এটা বছৰ পিছতেই,অর্থাৎ ২০১৫ চনত জেলেনস্কিৰ কোম্পানী কেভাৰটালে ইউক্ৰেইন ওৱান প্লাছ ওৱান নেটৱর্কৰ বাবে নির্মাণ কৰে আন এখন চিৰিজ৷নাম আছিল চার্ভেন্ট অফ দ্য পিপল৷চিৰিজখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জেলেন্সকিয়ে৷চিৰিজখনৰ কাহিনী অনুসৰি ৩০ বছৰ বয়সীয়া এজন হাই স্কুল শিক্ষক নাটকীয়ভাবে এদিন দেশখনৰ ৰাষ্ট্ৰপতি হৈ পৰে৷চৰকাৰৰ দুনীর্তিৰ বিৰুদ্ধে দিয়া এটা বক্তব্যৰ ভিডিঅ’ ব্যাপক ৰুপত ভাইৰেল হৈ পৰে আৰু সেই ভিডিঅ’ৰ দ্বাৰা জনপ্ৰিয় হৈ উঠা শিক্ষকজন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়৷চিৰিজখনৰ এই চৰিত্ৰটোত অভিনয় কৰিছিল জেলেনস্কিয়ে৷এই চিৰিজখনৰ জৰিয়তে টেলিভিচনত ষ্টাৰ হিচাপে প্ৰতিষ্ঠা হৈ পৰে জেলেন্সকি৷কিন্তু সেই চিৰিজখনৰ দৰেই এদিন বাস্তবতো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয় ভলদিমিৰ জেলেনস্কি৷
২০১৮ চনলৈ উইক্ৰেইন আৰু ৰাছিয়াত জনপ্ৰিয় হৈ পৰে জেলেনস্কি৷টেলিভিচন ষ্টাৰ আৰু ধনী ব্যক্তি হিচাপে পৰিচিত জেলেনস্কি৷ইুক্ৰেইন আৰু ৰাছিয়াত কেইবাটাও মেডিয়া কোম্পানী,বিভিন্ন স্থানত ঘৰ আদিৰে বিশাল সম্পত্তি গঢ়ি উঠে জেলেনস্কিৰ৷ইতিমধ্যে ২০১৭ চনতেই এটা ৰাজনৈতিক দলৰ বাবে আবেদন জনাই থয় কেভাৰটাল 95 ৰ সদস্য সকলে৷২০১৮ চনৰ মার্চ মাহত জেলেনস্কিৰ কোম্পানীৰ লগত জৰিত মানুহখিনিয়েই জন্ম দিয়ে এটা ৰাজনৈতিক দল৷নাম দিয়ে চার্ভেন্ট অফ দ্য পিপল৷আৰু ইয়াৰ পিছতেই আৰম্ভ হয় জেলেনস্কিৰ ৰাজনৈতিক যাত্ৰা৷
২০১৯ চনত জেলেনস্কিয়ে ৰাষ্ট্ৰপতি নির্বাচনত প্ৰাথীত্ব আগবঢ়ায়৷পেট্ৰ’ পৰ’চেনিক পৰাজিত কৰি ৭৩ শতাংশ ভোট লাভেৰে ২০১৯ চনৰ ২০ মেত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয় জেলেনস্কি৷
ৰাষ্ট্ৰপতি হিচাপে জেলেনস্কিৰ সন্মুখত প্ৰথমটো প্ৰত্যাহ্বান আছিল পূব ইুক্ৰেইনৰ গৃহযুদ্ধ৷২০১৪ চনৰ পৰা অব্যাহত থকা বিদ্ৰোহত প্ৰায় ১৫ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে৷ৰাছিয়াৰ লগত হোৱা আলোচনাত সফল নহল জেলেনস্কি৷বৰঞ্চ সংঘাত বৃদ্ধি হৈ আহিল ৰাছিয়াৰ সৈতে৷নাটো আৰূ ইউৰোপীয় সংঘৰ অংশ হোৱাৰ চেষ্টাত লিপ্ত হল জেলেনস্কি৷কিন্তু এই কথাট ক্ষোভিত হল ৰাছিয়া৷পৰিনতিত এতিয়া ৰাছিয়াৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হব লগা হৈছে জেলেনস্কিৰ ইউক্ৰেইন৷ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশে দেশে সহায় বিচাৰিছে ইউক্ৰেইনে৷অভিযোগ আনিছে,অকলে এৰি দিয়া হৈছে ইউক্ৰেইনক৷বিশ্বৰ ৰাজনীতিত তিষ্ঠি থাকিবলৈ এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে ইউক্ৰেইন৷প্ৰশ্ন হব,কমেডিয়ানৰ পৰা ৰাজনীতিক হোৱা জেলেনস্কিয়ে সংকটৰ পৰা মুক্ত কৰিব পাৰিবনে ইউক্ৰেইন আৰু ইউক্ৰেইনৰ ৪৫ মিলিয়ন জনতাক৷

- Donation -

Leave A Reply

Your email address will not be published.