ফুচুলাই ভোট নলয় কংগ্ৰেছে !

Share This Article

কংগ্ৰেছে পূৰণ কৰিব ৫ গেৰাণ্টী !জনতাৰ ধন পানীত নেপেলায় কংগ্ৰেছে !কিন্তু থাকিব terms & condition !কি হ’ব এই terms & condition বোৰ ?

কৰ্ণাটকত শাসনলৈ অহা কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিছিল বহুবোৰ প্ৰতিশ্ৰুতি।কিন্তু তাৰে ৫ টা প্ৰতিশ্ৰুতিক গেৰাণ্টী হিচাপে ঘোষণা কৰিছিল কংগ্ৰেছে।এতিয়া কংগ্ৰেছৰ সেই ৫ টা গেৰাণ্টী পূৰণ কৰাৰ সময় সমাগত।কিন্তু কংগ্ৰেছে কিছু নীতি নিয়মৰ মাজত এই গেৰাণ্টী সমূহ কাৰ্যকৰী কৰিব।গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ দপ্তৰৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই কয় ‘ আমি ইতিমধ্যে ৫ টা গেৰাণ্টী পূৰ্ণ কৰাৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰিছোঁ।আমি খুব সোনকালেই এই গেৰাণ্টীৰ পূৰ্ণতা দিম।কোনো এখন চৰকাৰী আঁচনিয়েই সকলোৰে কাৰণে বিনামূলীয়া নহয়৷কিন্তু আমি খুব সোনকালে কৰি দেখুৱাম! ‘

মুখেৰে নহয়,কামেৰে দেখুৱাব কংগ্ৰেছে !৫ গেৰাণ্টীৰ বাবে কৌশল তৈয়াৰ কংগ্ৰেছৰ !গেৰাণ্টী ৰূপায়ণত কিমান সফল হ’ব কংগ্ৰেছ?

কংগ্ৰেছৰ ৫ টা গেৰাণ্টী আছিল।সেয়া আছিল ক্ৰমে গৃহজ্যোতি আঁচনিৰ জৰিয়তে প্ৰতি ঘৰ মানুহলৈ ২০০ ইউনিট কৈ বিনামূলীয়া বিদ্যুৎ ,গৃহ লক্ষ্মী আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলালৈ মাহিলি ২০০০ টকাকৈ সাহাৰ্য,অন্ন ভাগ্য আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতি ঘৰ লোকৰ ঘৰত ১০ কেজি চাউল,নিবনুৱা গ্ৰেজুৱেট যুৱক যুৱতীক প্ৰতি মাহে ৩০০০ টকাকৈ সাহাৰ্য ,১৮ ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক যুৱতীক ১৫০০ টকাকৈ ধন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে।সকলো মহিলালৈ বিনামূলীয়া ৰাজহুৱা পৰিবহনৰ ব্যৱস্থা কৰাও আছিল অন্যতম গেৰাণ্টী।খাৰ্গেই এই গেৰাণ্টী সম্পৰ্কত পুনৰ কয় ‘চৰকাৰে কৰদাতাৰ ধন ব্যৱহাৰ কৰে।গতিকে প্ৰতিটো টকাই খুব ভালদৰে ব্যৱহাৰ হোৱাৰ বিষয়টোত গুৰুত্ব দিব লাগিব।আমি জানো যে চৰকাৰে এই গেৰাণ্টি পূৰণ কৰিবলৈ যাওঁতে যথেষ্ট পৰিমাণে বিত্তীয় বোজা বহন কৰিব লাগিব।কিন্তু কংগ্ৰেছে এই অসম্ভৱক সম্ভৱ কৰি দেখুৱাব যে সেইটো নিশ্চিত।’তেওঁ লগতে কয় প্ৰতিশ্ৰুতিবোৰ পূৰণ হ’ব।কিন্তু আপোনালোকে এনেকুৱা এটা স্কীম দেখুৱাওকচোন,সেয়া লাগিলে কেন্দ্ৰীয় চৰকাৰৰে হওক অথবা ৰাজ্য চৰকাৰৰে হওক যিখন কোনো বিশেষ মানদণ্ড নথকাকৈ প্ৰদান কৰে।আমি নীতিনিয়মবোৰ ইতিমধ্যে নিৰ্ধাৰণ কৰিছোঁ৷আমি এই গেৰাণ্টী আঁচনিবোৰ কিছুমান নিৰ্দিষ্ট নিয়মৰ মাজেদি ৰূপায়ণ কৰিম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.