এমবাপে নহয়, পাৰ্থক্যৰ ৰেখা আঁকিলে গ্ৰিজমেনে !

Share This Article

ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপেক ইংলেণ্ডে কেনেকৈ প্ৰতিহত কৰিব, তাক লৈ বেছ আলোচনা হৈছিল । কিয়নো যোৱাবাৰৰ বিজয়ী দলটোৰ তেওঁ আছিল প্ৰধান অস্ত্ৰ । পাঁচটাকৈ গ’ল দি সেই তালিকাত তেৱেঁই শীৰ্ষত আছে । গতিকে স্বাভাৱিকতে তেওঁক লৈ আলোচনা হ’বই । কিন্তু ডিডিয়াৰ ডেচাম্পছৰ ভঁৰালত অস্ত্ৰৰ অভাৱ নাছিল । ইংলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখনলৈ তাকে তেল-টেঙা ঘঁহি উলিয়াই আনিলে । এণ্টইন গ্ৰিজমেন তেওঁৰ নাম । ৩১ বছৰীয়া এটেকিং মিড-ফিল্ডাৰগৰাকী অপৰিচিত মুঠেই নহয় । এটলেটিকো মাদ্ৰিদৰ হৈ ক্লাব খেলা গ্ৰিজমেনে ফৰাচী দলৰ জাৰ্চী পিন্ধিছে শতাধিকবাৰ । গ’লো দিছে ৪২ টাকৈ । ইংলেণ্ডৰ বিৰুদ্ধে খেলত পাঁচ ফুট ৯ ইঞ্চি উচ্চতাৰ খেলুৱৈগৰাকীয়েই দুৰন্ত আৰু অপ্ৰতিৰোধ্য হৈ উঠিল । দুয়োটা গ’লৰ ক্ষেত্ৰতে তেওঁৰ পাঢেই নিৰ্ণায়ক আছিল । ১৭ মিনিটত গ্ৰিজমেনৰ পাচ পাই চৌৱামিনিয়ে প্ৰথমটো আৰু ৭৮ মিনিটত তেওঁৰ দীঘলীয়া থ্ৰ’ত বক্সৰ ভিতৰত থকা অলিভাৰ জিৰোদে হেডিঙেৰে গ’ল দি ফ্ৰান্সৰ জয় নিশ্চিত কৰে । তাৰ আগেয়ে ৫৪ মিনিটত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পেনাল্টী কিকযোগে গ’ল দি ব্যৱধান ১-১ কৰিছিল । পৰাজয়ৰ বাবে তেওঁলোকে নিজকে দোষী কৰিবলৈ আৰু সমল পাব । শেষৰফালে স্বয়ং কেনেই পেনাল্টী-কিক মাৰে বাৰৰ ওপৰেৰে । আনহাতে ৰাছফৰ্ডৰ ফ্ৰীকিকৰো একেই দশা । বিশ্ব কাপৰ দৰে পৰ্যায়ত এনেদৰে সুবিধাৰ বৰষুণ নাহে । গতিকেই ইংলেণ্ড উভতি যাবলৈ বাধ্য ! ছেমিফাইনেলত ফ্ৰান্সে এতিয়া মৰক্কো আৰু আৰ্জেণ্টিনাই খেলিব ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.