এজন যুৱকক লৈ বিপাঙত এটা কোৱাৰেণ্টীন চেণ্টাৰৰ কৰ্তৃপক্ষ

Share This Article

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে কোৱাৰেণ্টীনৰ বিশেষ ব্যৱস্থা কৰিছে। বহুসময়ত ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত চৰকাৰে কোৱাৰেণ্টীনত থকা লোকসকলক যোগান ধৰা খাদ্যক লৈ সমালোচনা কৰিছে বিভিন্নজনে। খাদ্যৰ লগতে লেতেৰা পৰিৱেশৰ কথাও চৰ্চিত হৈছে। কিন্তু এইবাৰ চৰ্চালৈ আহিছে অন্য এটা বিষয়। কোৱাৰেণ্টীনত থকা এগৰাকী ২১বছৰীয়া যুৱকে চিন্তাত পেলাইছে বিভাগীয় কৰ্তৃপক্ষক। কাৰণ, যুৱকগৰাকী সাধাৰণ যুৱকৰ দৰে নহয়। যুৱকজনে সাধাৰণতে অকলেই ৪০-৫০টা ৰুটি আৰু ১০-২০ প্লেট ভাত খাব পাৰে। এই কথা পোহৰলৈ আহিল, যিদিনা তেওঁ চৰকাৰে ব্যৱস্থা কৰা কোৱাৰেণ্টীনত থকা অৱস্থাত ৮৫টা ৰুটি অকলে এবাৰতেই গ্ৰহণ কৰিছিল। বিহাৰৰ ২১বছৰীয়া অনুপ ওজাৰ এই কথাই বিপাঙত পেলাইছে কোৱাৰেণ্টীন চেণ্টাৰৰ কৰ্তৃপক্ষক।


এনেদৰে খাদ্য যোগান ধৰাত আপত্তি নাই বুলি জনাইছে কৰ্তৃপক্ষই। কিন্তু ৰান্ধনিসকলেহে এইক্ষেত্ৰত আপত্তি দৰ্শাইছে। খবৰ অনুসৰি, বিহাৰৰ উক্ত কোৱাৰেণ্টীন চেণ্টাৰটোত ৮৭জন লোক আছে। কিন্তু অনুপৰ বাবেই ৰান্ধনিয়ে ১০০জন লোকৰ হিচাপত খাদ্য প্ৰস্তুত কৰিবলগীয়া হয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.