একেলগে ২৫খন বিদ্যালয়ত চাকৰি কৰা উত্তৰপ্ৰদেশৰ এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী!

Share This Article

সপোন নহয়, এক আচৰিত অথচ বাস্তৱ ঘটনা। এইখন দেশতেই ঘটিছে এক আচৰিত ঘটনা। অভিযোগ অনুসৰি, এগৰাকী শিক্ষয়িত্ৰী- কিন্তু তেঁও শিক্ষকতা কৰে ২৫খন বিদ্যালয়ত। ১৩ মাহ শিক্ষকতা কৰি ১ কোটি টকাৰ বেতন লাভ কৰিছে তেওঁ। এই ঘটনা উত্তৰপ্ৰদেশৰ। উত্তৰপ্ৰদেশৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনামিকা শুক্ল। ৰাজ্যখনৰ শিক্ষকৰ ডাটাবেছ তৈয়াৰ কৰোঁতেই পোহৰলৈ আহিছে এই তথ্য। তথ্য লাভৰ পিছতেই ৰাজ্যখনৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে তদন্ত। প্ৰকাশিত বাতৰি অনুসৰি, পূৰ্ণকালীনভাৱে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত শিক্ষকতা কৰিলেও তেওঁ আন ২৫খন বিদ্যালয়ত লাভ কৰিছিল নিযুক্তি। আমেথী, আম্বেদকাৰ নগৰ, ৰায়বৰেলী, প্ৰয়াগৰাজ, আলিগড়সহ কেইবাখনো জিলাত শিক্ষয়িত্ৰী হিচাপে নিযুক্ত আছিল। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অনামিকা শুক্লৰ ঘৰ মৈনপুৰীত। ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে ৰায়তৰেলীৰ এখন স্কুলত দেখা গৈছিল যদিও তাৰপিছৰ পৰা সন্ধানহীন হৈ আছে শিক্ষয়িত্ৰী গৰাকী।
ইতিমধ্যে কোন বেংকত দৰমহা জমা হৈছিল তাৰ তদন্ত কৰি আছে আৰক্ষীয়ে। তদুপৰি সেই বেংক একাউণ্টৰ পৰা অন্য একাউণ্টলৈ ধন হস্তান্তৰ কৰা হৈছে নেকি, সেয়াও তদন্ত কৰিছে আৰক্ষীয়ে।
বিষয়টো সন্দৰ্ভত উত্তৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী সতীশ দ্বিবেদীয়ে কয়- “বিভাগৰ পৰা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। অভিযোগ সত্য প্ৰমাণিত হ’লে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হটব। আমাৰ চৰকাৰ অহাৰ পিছত বিভাগৰ স্বচ্ছতাৰ ক্ষেত্ৰত কাম কৰি আহিছে। তাৰবাবেই ডিজিটেল ডাটাবেছ তৈয়াৰ কৰা হৈছে।”
উত্তৰপ্ৰদেশৰ এই ঘটনাই এতিয়া বিভিন্ন মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.