উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ

Share This Article

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ ৷
২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে ৷ শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে ৷ এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম আৰু মণিপুৰত ৱাণ্টেড হৈ আছিল ৷
প্ৰত্যৰ্পিত এইসকল উগ্ৰপন্থীৰ মাজত আছে কেইবাজনো শীৰ্ষস্থানীয় নেতা ৷ এইসকলৰ মাজত আছে NDFBৰ ৰাজেন দৈমাৰী , মণিপুৰৰ UNLFৰ কেপ্তেইন সানাতোম্বা নিংথোজান , প্ৰিপাকৰ লেফটেণেন্ট পশুৰাম লাইছৰাম ৷
হিন্দুস্থান টাইমছৰ ৰিপৰ্ট অনুসৰি এই ২২ জন উগ্ৰপন্থীৰ ১২ জন জড়িত UNLF, প্ৰিপাক(প্ৰো) , KYEKL আৰু পিএল এ ৰ সৈতে জড়িত ৷ বাকী ১০জন জড়িত NDFB আৰু KLOৰ সৈতে জড়িত ৷
২০১৯ চনৰ মাৰ্চত ম্যানমাৰৰ “সাগায়িং”ত ম্যাণমাৰৰ সেনাই চলোৱা অভিযানত এইসকল উগ্ৰপন্থী ধৰা পৰিছিল ৷ চৰকাৰী সুত্ৰৰ মতে কুটনৈতিক স্তৰত চৰকাৰৰ ই এক ডাঙৰ সাফল্য ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.