আনৰ চুলিৰে নেঘেৰী খোপা বান্ধি কিমান সফল হ’ব বিজেপি?

Share This Article

সমাগত কৰ্ণাটক নিৰ্বাচনক লৈ ভয়ংকৰভাৱে হতাশ বিজেপি দল।দক্ষিণ ভাৰতত খোপনি পুতিবলৈ নানান পৰিকল্পনা কৰিও হতাশ হোৱা দলটোৱে নানান কাৰচাজিৰে বিগত পাঁচটা বছৰ শাসন চলালে !তিনিবাৰকৈ মুখ্যমন্ত্ৰীয়েই সলাব লগা হ’ল এটা ৫ বছৰীয়া কাৰ্যকালত।বিগত ৫ বছৰৰ দুৰ্নীতি,অনিয়ম,কমিছনৰাজ আদিয়ে বেকফুটত ৰাখিছে দলটোক ৷উপায়হীন দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে তৈয়াৰ কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা!তালিকাত আছে মুঠ ৪০ জন ষ্টাৰ কেম্পেইনাৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও সোমাল ষ্টাৰ কেম্পেইনাৰৰ তালিকাত কিন্তু নোসোমাল আন ৰাজ্যত ষ্টাৰ কেম্পেইনাৰৰ তালিকাত থকা বিজেপিৰ জনপ্ৰিয় যুৱনেতা তেজস্বী সূৰ্য।
৩০ বছৰীয়া তেজস্বী সূৰ্য বাংগালুৰু দক্ষিণৰ সাংসদ৷হিন্দুত্বৰ শ্লোগানেৰে সমগ্ৰ ভাৰতত হিন্দুত্বৰ জয়গান গোৱা তেজস্বী সূৰ্যক কিন্তু নিজৰ ৰাজ্যতেই দায়িত্ব নিদিয়াক লৈ ক্ষোভিত হৈছে তেওঁৰ অনুগামী বিজেপি যুৱ মৰ্চাৰ সদস্য সকল।কেৱল তেজস্বী সূৰ্যই নহয়,ৰাজ্যখনৰ আন এগৰাকী সাংসদ প্ৰতাপ সিংহাকো প্ৰচাৰকৰ তালিকাৰ পৰা আঁতৰাই ৰাখিছে দলটোৱে৷প্ৰতাপ সিংহা মহীশূৰ-কৰাগু সমষ্টিৰ সাংসদ হোৱাৰ ওপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ। আনহাতে,প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰকো প্ৰচাৰ অভিযানৰ ষ্টাৰ কেম্পেইনাৰতো বাদেই সাধাৰণ প্ৰচাৰকৰ তালিকাৰ পৰাও আঁতৰাই ৰাখিছে।

হিন্দুত্বৰ শ্লোগানক BYE BYE দিছে বিজেপিয়ে !হিন্দুত্বৰ নাম ল’বলৈ বিজেপিৰ ভয় কৰ্ণাটকত !ভয়-ভাবুকিৰে ভোট বিচাৰিছে বিজেপিয়ে !পদুম টিপক নহ’লে মোডীয়ে একো নিদিয়ে !এই মন্তব্য স্বয়ং সভাপতিৰ

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক ২০২৪ চনৰ ছেমিফাইনেল বুলি গ্ৰহণ কৰি বিপদত পৰিছে বিজেপি !ইমান দিনে হিন্দুত্বৰ শ্লোগান
দি অহা বিজেপি নেতাক ভোট ভঙাৰ ভয়ত আঁতৰাই ৰাখিছে প্ৰচাৰকৰ তালিকাৰ পৰা।আনহাতে,সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল দলৰ সভাপতি জে পি নাড্ডাই ভয় ভাবুকিৰে ভোটাৰক ভোট দিবলৈ কোৱা বুলি অভিযোগ তুলিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।জয়ৰাম ৰমেশে কৰ্ণাটকত জে পি নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ক্লিপ নিজৰ টুইটাৰ একাউণ্টত আপলোড কৰি লিখিছে যে জে পি নাড্ডাই ভয় ভাবুকিৰে ভোট বিচাৰি ‘গণতন্ত্ৰৰ ওপৰত ভয়ংকৰ ভাবুকি’ৰ সৃষ্টি কৰিছে।উল্লেখ্য যে নাড্ডাক কৰ্ণাটকত দিয়া ভাষণটোত এনেদৰে মন্তব্য দিয়া গৈছে যে ‘ কৰ্ণাটকত উন্নয়নৰ নদী বোৱাবলৈ হ’লে বিজেপিক ভোট দিয়ক।উন্নয়নৰ ধাৰা একেদৰে ৰাখিবলৈ হ’লে আৰু মোডীৰ আশীৰ্বাদ পায় থাকিবলৈ হ’লে আপোনালোকক মই পদুমৰ চিনত ভোট দিবলৈ আহ্বান জনাইছোঁ।’কেৱল জয়ৰাম ৰমেশেই নহয়,কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটেয়ো নাড্ডাৰ ভাষণটোৰ ভিডিঅ’ টুইট কৰি বিজেপিয়ে ভয় ভাবুকিৰে ভোট বিচৰা বিষয়টোক কঠোৰ ভাষাৰে সমালোচনা কৰে।মুঠ কথাত কৰ্ণাটকৰ নিৰ্বাচনক লৈ থৰহৰি কম্পমান হৈ থকা শাসক দল বিজেপিয়ে কৰ্ণাটকত হিন্দুত্বৰ ট্ৰামকাৰ্ড খেলি ভোট ভাঙিব নিবিচৰা বিষয়টো স্পষ্ট হৈছে।অৱশ্যে বিজেপিৰ এই অভিসন্ধি কিমান সফল হয় সেয়া স্পষ্ট হ’ব ১৩ মে’তহে !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.