সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১৯ মে’ : ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব কি?

১৭৪৩ : পিয়েৰ ক্ৰিষ্টিনে আজিৰ দিনটোতে উদ্ভাৱন কৰিছিল ‘চেন্টিগ্ৰেড’ মানকৰ৷
১৮৯২: বহুচৰ্চিত নাট্যকাৰ অস্কাৰ ৱাইল্ডক দুবছৰীয়া কাৰাবাসৰ পিছত জেলৰ পৰা মুকলি৷ সমকামিতাৰ অপৰাধত তেওঁক এই শাস্তি দিয়া হৈছিল৷ সেই সময়ত ব্ৰিটেইনত সমকামিতা শাস্তিযোগ্য অপৰাধ আছিল৷
১৯০৪: টাটা উদ্যোগৰ প্ৰতিষ্ঠাতা জমছেডজী টাটাৰ মৃত্যু ৷
১৯১০: জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জন্ম৷
১৯১৩: ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম৷
১৯৩৪: ইংৰাজী ভাষাৰ প্ৰষিদ্ধ ভাৰতীয় লেখক ৰাস্কিন বণ্ডৰ জন্ম৷
১৯৩৬ : ব্ৰিটেইনৰ আবিস্কাৰক ৰবাৰ্ট ডেটচনে ৰাডাৰ প্ৰস্তুত কৰি উলিয়ায়৷ ব্ৰিটেইনৰ বিমানবন্দৰত প্ৰথমতে ৰাডাৰ স্থাপন কৰা হৈছিল৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.