Investigative reporting with dedication.

বাবৰি মছজিদৰ ৰায়ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পালেও ভৰি নিদিয়ে যোগী আদিত্যনাথে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী জনে কয় যে এজন ‘যোগী’ তথা ‘হিন্দু’ হিচাপে কেতিয়াও মছজিদৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ প্ৰশ্ন নাহে।
ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ কিছু সময় পিছতে ABP নিউজ চেনেলৰ এটা অনুষ্ঠানত যোগী আদিত্য নাথে কয় যে যদিও মুখ্য মন্ত্ৰী হিচাপে তেখেতৰ বাবে সকলো ধৰ্ম বা জাতি একেই, এজন যোগী হিচাপে তেওঁ মছজিদৰ অনুষ্ঠানলৈ কেতিয়াও নাযায়। এজন ‘হিন্দু’ যোগী হিচাপে তেখেতৰ নিজৰ ধৰ্মীয় উপাসনা শৈলী অনুসৰি জীয়াই থকাৰ অধিকাৰ আছে বুলি মুখ্য মন্ত্ৰীজনে জনায়।গতিকে এনে অনুষ্ঠানলৈ তেখেতক কোনেও নিমন্ত্ৰণ নকৰে বুলিও জানিব দিয়ে।
উল্লেখযোগ্য যে ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্য অতিথি ৰূপে যোগী আদিত্যনাথ উপস্থিত আছিল।




