সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অন্ধ্ৰপ্ৰদেশত ১০ জন লোকৰ প্ৰাণ লোৱা কি এই ষ্টেৰিন গেছ?

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত গেছ ট্ৰেজেদিত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে৷ বিশাখাপট্টনমৰ গোপালাপট্টনম নামৰ ঠাইত অৱস্থিত এল জি পলিমাৰ প্লান্ট আজিৰে পৰা পৰা মুকলিৰ যো জা চলোৱা হৈছিল৷প্ৰস্তুতি আৰম্ভ কৰাৰ লগে লগে ফেক্টৰীটোৰ পৰা পুৱাই গেছ নিৰ্গত হ’বলৈ ধৰে৷মূহুৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চল গেছ আৰু ধোৱাই চানি ধৰে৷ শিশুৰ পৰা বৃদ্ধলৈ অনেক লোকৰ চকুৰ পোৰণি আৰম্ভ হয়,উশাহ -নিশাহ লোৱাত কষ্ট পাবলৈ ধৰে৷আক্ৰান্ত লোকসকলক কিঙ জৰ্জ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷এতিয়ালৈকে গেছ নিৰ্গত হোৱাৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি চিকিৎসকে জনাইছে৷বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্তই জনোৱা মতে এল জি প্লান্টৰ পৰা ষ্টেৰিন নামৰ এবিধ ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ কিন্তু এই গেছবিধ বিষাক্ত নহয় ৷

কি এই ষ্টেৰিন?
কাৰখানাত ব্যৱহৃত ষ্টেৰিন আচলতে এবিধ দাহ্য জুলীয়া দ্ৰব্য ৷প্লাষ্টিক ,ফাইবাৰ গ্লাছ,ৰবৰ আদিৰ নিৰ্মানত ইয়াক ব্যৱহাৰ কৰা হয়৷অমেৰিকাৰ নেচনেল লাইব্ৰেৰী অব মেডিচিনৰ ৱেবচাইটত উল্লেখ থকা মতে ষ্টেৰিন গেছৰ উপস্থিতি গাড়ী,চিগাৰেটৰ ধোৱা আনকি প্ৰাকৃতিক শাক -পাচলি ,ফল মূলতো পোৱা যায়৷আমেৰিকাৰ এনভাইৰনমেন্ট এজেন্সিৰ মতে ,ষ্টেৰিন গেছ অলপ সময়ৰ বাবে যদি নিৰ্গত হয় তেনেহ’লে চকুৰ পোৰণি বা শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে ৷কিন্তু দীঘলীয়া সময়ৰ বাবে মানুহ এই গেছৰ মাজত থাকিলে ইয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আক্ৰমন কৰি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷এই মুহূৰ্তৰ সকাহৰ খবৰ যে বিশাখাপট্টনমৰ কাৰখানাৰ পৰা গেছৰ নিৰ্গমন বন্ধ হৈছে৷

কেনেকৈ নিৰ্গত হ’ল?
বিশাখাপট্টনমৰ এল জি প্লান্টৰ কৰ্তৃপক্ষই জনোৱা মতে কাৰখানাৰ ভিতৰত ১৮০০ টন ষ্টেৰিন জমা হৈ আছিল৷কিন্তু দীৰ্ঘদিন ধৰি কাৰখানাটো বন্ধ হৈ থকা বাবে ভিতৰৰ তাপমাত্ৰা সলনি হয় আৰু গেছৰ ৰূপত নিৰ্গত হয়৷ এই ঘটনাত কাৰখানটোৰ চাৰিওফালে ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলৰ লোকসকল আক্ৰান্ত হৈছে৷ ৫ টাকৈ এনডিআৰএফৰ দলে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.