সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোঁৱৰণ !! প্ৰথম ছিজনতেই জিলিকিছিল কৌস্তভ কাশ্যপ

জিতেন গগৈ  

দেউতাক প্ৰণৱ বৰুৱা শিল্পী আছিল বাবেই নে কি, তেওঁৰ বেটিঙতো ধৰা দিছিল শিল্পই । কাট, ড্ৰাইভবোৰত থাকে আৰ্ট ! এটা ষ্টাইলল । হওঁতে, কৌস্তভ কাশ্যপ বৰুৱাৰ ( পৃথু ) প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰ বৰ দীঘলীয়া নাছিল । কিন্তু যিমান দিন সক্ৰিয় আছিল, বেছ উপভোগ কৰিয়েই ক্ৰিকেট খেলি গ’ল তেওঁ । আনকি অন্তিমখন ৰন্জী ট্ৰফীৰ খেলতো তেওঁ অৰ্দ্ধ-শতৰান কৰিহে খেলপথাৰ এৰিছিল ।

 

- Donation -

সেইয়া আছিল ১৯৯৩-৯৪ ছিজনৰ কথা । খেল আছিল ত্ৰিপুৰাৰ বিৰুদ্ধে। প্ৰথম ইনিংছত অসমৰ সংগ্ৰহ ৩৯৬ ৰান । অসম ক্ৰিকেট সন্থাৰ এতিয়া  যুটীয়া সম্পাদক হোৱা ৰাজীন্দৰ  সিঙৰ বেটৰপৰা আহে সৰ্বাধিক ৯৬ ৰান ( অপৰাজিত ) । তেওঁৰবাদে   লালচান্দ ৰাজপুতে ৭৪, কৌস্তভ কাশ্যপে ৫০ আৰু গৌতম দত্তই ৪৩ ৰান কৰে । দ্বিতীয় ইনিংছত কৌস্তভে বেট ধৰিবলগীয়া হোৱা নাছিল । অসম ১০ উইকেটত সহজেই জয়ী হৈছিল । পেচ বলাৰ জাভেদ জামানে উভয়  ইনিংছ মুঠতে ১১ টা উইকেট পাইছিল ১১৬ ৰান দি । সেইখন খেলতে কৌস্তভে ত্ৰিপুৰা অলক সাহাৰ ৰূপত, ৰন্জী ট্ৰফীত একমাত্ৰ উইকেটটো লাভ কৰিছিল । চাৰি বছৰজোৰা প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত কৌস্তভৰবাবে স্মৰণীয় খেলখন হয়তো বংগৰ বিৰুদ্ধেই আছিল ।

সেইটো আছিল তেওঁৰ প্ৰথমটো ছিজন । পূব মন্ডলৰ প্ৰথমকেইখন খেলত তেওঁৰ স্ক’ৰ আছিল ৪,৪,২৩,৬ আৰু ৪ । তাৰ পিছত খেল মালিগাঁৱৰ ৰে’লৱে ষ্টেডিয়ামত । বংগ তেতিয়া কি দল ! নেতৃত্বত, টেষ্ট অপেনাৰ প্ৰণৱ ৰয়, অৰুণ লাল, গাংগুলী ভাতৃদ্বয়, শ্নেহাশীষ আৰু সৌৰভ । বলিঙত সাগৰময় । অসমো অৱশ্যে কম নাছিল ! প্ৰথম ইনিংছত পিছে অসমে ২৫৯ ৰানহে কৰিবলৈহে সক্ষম হয় । আগৰ খেলত ত্ৰিপুৰাৰবিৰুদ্ধে শতৰান কৰা ৰাজীন্দৰ সিং আৰু ৰাজেশ বৰাৰ বেটৰপৰা ক্ৰমে ১ আৰু ১৩ ৰানহে আহিল । ফৰ্মত থকা অপেনাৰ দীপক দাসেও ২০ ৰান কৰিয়েই উভতিল । এটা মূৰে  উইকেট কামুৰি থকা আনজন অপেনাৰ জাহিৰ আলমে ৫৬ ৰান কৰি ঘূৰি অহাৰ পিছত স্ক’ৰ হয় ৫ উইকেটত ১০৬ ৰান । উইকেটত তেতিয়া কম বয়সীয়া আৰু একপ্ৰকাৰ অনভিজ্ঞ কৌস্তভ আৰু বিজয় তিৱাৰী । পিছে প্ৰতিপক্ষৰ বহু চল-চাতুৰি, কৌশল, বেহু একাষৰীয়া  কৰি তেওঁলোকে উইকেট খামুচি থাকিল । যুঁজ চলালে একপ্ৰকাৰ দেৱালত পিঠি দি । ষষ্ঠ উইকেটত তেওঁলোকে ৭০ ৰান সংযোগ ঘটাই অসমৰ স্ক’ৰ মোটামুটি সন্মানজনক অৱস্থালৈ আগবঢ়াই নিয়ে । কৌস্তভে দলৰহৈ সৰ্বাধিক ৬৬ আৰু বিকাশে ২৪ ৰান কৰে । অসমৰ ২৫৯ ৰানৰ প্ৰত্যুত্তৰত বংগই সৌৰভ গাংগুলীৰ ৮৭ ৰানৰ সহায়েৰে ৩৭৬ ৰান কৰে । দ্বিতীয় ইনিংছতো অসমৰ প্ৰায় একেই অৱস্থা । এটা সময়ত  স্ক’ৰ ৫ উইকেটত ১০৭ । আকৌ বিজয়, আকৌ কৌস্তভ ! এইবাৰ তেওঁলোকে মিলি ১১০ ৰানৰ যুটী বান্ধি দলক উদ্ধাৰ কৰে । ছয় নম্বৰত বেট ধৰিবলৈ অহা বিজয়ে সৰ্বাধিক ৭২ আৰু ৭ নম্বৰত অহা কৌস্তভে কৰে ৫৯ । তেওঁলোকৰবাদে জাহিৰ আলমে ৫৩, বিশ্বজিত মজুমদাৰে ৪০ আৰু হেমাংগ বৰুৱাৰ বেটৰপৰা আহে অপৰাজিত ৩২ ৰানৰ বৰঙণি । ৯ উইকেটত ৩৪২ ৰান কৰি অসমৰ ইনিংছ ঘোষণা । বংগই ২ উইকেটত ৬৭ ৰান কৰোতেই ড্ৰ হোৱা খেলখনৰ সামৰণি পৰে ।
বন্ধুমহলত কে-কে হিচাপেও বেছ জনপ্ৰিয় পৃথুৱে মুঠ ১৪ খন প্ৰথম শ্ৰেণীৰ খেলৰ ২৪টা ইনিংছত ৪১১ ৰান কৰিছিল । অৰ্দ্ধ শতৰান ৩ টা । নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰণৱ বৰুৱাৰ পুত্ৰ কৌস্তভৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৯ ছেপ্টেম্বৰত । বৰ কম বয়সতে আমি তেওঁক হেৰুৱাবলগীয়া হ’ল ।

Leave A Reply

Your email address will not be published.