সোঁৱৰণ !! প্ৰথম ছিজনতেই জিলিকিছিল কৌস্তভ কাশ্যপ

Share This Article

দেউতাক প্ৰণৱ বৰুৱা শিল্পী আছিল বাবেই নে কি, তেওঁৰ বেটিঙতো ধৰা দিছিল শিল্পই । কাট, ড্ৰাইভবোৰত থাকে আৰ্ট ! এটা ষ্টাইলল । হওঁতে, কৌস্তভ কাশ্যপ বৰুৱাৰ ( পৃথু ) প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰ বৰ দীঘলীয়া নাছিল । কিন্তু যিমান দিন সক্ৰিয় আছিল, বেছ উপভোগ কৰিয়েই ক্ৰিকেট খেলি গ’ল তেওঁ । আনকি অন্তিমখন ৰন্জী ট্ৰফীৰ খেলতো তেওঁ অৰ্দ্ধ-শতৰান কৰিহে খেলপথাৰ এৰিছিল ।

 

সেইয়া আছিল ১৯৯৩-৯৪ ছিজনৰ কথা । খেল আছিল ত্ৰিপুৰাৰ বিৰুদ্ধে। প্ৰথম ইনিংছত অসমৰ সংগ্ৰহ ৩৯৬ ৰান । অসম ক্ৰিকেট সন্থাৰ এতিয়া  যুটীয়া সম্পাদক হোৱা ৰাজীন্দৰ  সিঙৰ বেটৰপৰা আহে সৰ্বাধিক ৯৬ ৰান ( অপৰাজিত ) । তেওঁৰবাদে   লালচান্দ ৰাজপুতে ৭৪, কৌস্তভ কাশ্যপে ৫০ আৰু গৌতম দত্তই ৪৩ ৰান কৰে । দ্বিতীয় ইনিংছত কৌস্তভে বেট ধৰিবলগীয়া হোৱা নাছিল । অসম ১০ উইকেটত সহজেই জয়ী হৈছিল । পেচ বলাৰ জাভেদ জামানে উভয়  ইনিংছ মুঠতে ১১ টা উইকেট পাইছিল ১১৬ ৰান দি । সেইখন খেলতে কৌস্তভে ত্ৰিপুৰা অলক সাহাৰ ৰূপত, ৰন্জী ট্ৰফীত একমাত্ৰ উইকেটটো লাভ কৰিছিল । চাৰি বছৰজোৰা প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত কৌস্তভৰবাবে স্মৰণীয় খেলখন হয়তো বংগৰ বিৰুদ্ধেই আছিল ।

সেইটো আছিল তেওঁৰ প্ৰথমটো ছিজন । পূব মন্ডলৰ প্ৰথমকেইখন খেলত তেওঁৰ স্ক’ৰ আছিল ৪,৪,২৩,৬ আৰু ৪ । তাৰ পিছত খেল মালিগাঁৱৰ ৰে’লৱে ষ্টেডিয়ামত । বংগ তেতিয়া কি দল ! নেতৃত্বত, টেষ্ট অপেনাৰ প্ৰণৱ ৰয়, অৰুণ লাল, গাংগুলী ভাতৃদ্বয়, শ্নেহাশীষ আৰু সৌৰভ । বলিঙত সাগৰময় । অসমো অৱশ্যে কম নাছিল ! প্ৰথম ইনিংছত পিছে অসমে ২৫৯ ৰানহে কৰিবলৈহে সক্ষম হয় । আগৰ খেলত ত্ৰিপুৰাৰবিৰুদ্ধে শতৰান কৰা ৰাজীন্দৰ সিং আৰু ৰাজেশ বৰাৰ বেটৰপৰা ক্ৰমে ১ আৰু ১৩ ৰানহে আহিল । ফৰ্মত থকা অপেনাৰ দীপক দাসেও ২০ ৰান কৰিয়েই উভতিল । এটা মূৰে  উইকেট কামুৰি থকা আনজন অপেনাৰ জাহিৰ আলমে ৫৬ ৰান কৰি ঘূৰি অহাৰ পিছত স্ক’ৰ হয় ৫ উইকেটত ১০৬ ৰান । উইকেটত তেতিয়া কম বয়সীয়া আৰু একপ্ৰকাৰ অনভিজ্ঞ কৌস্তভ আৰু বিজয় তিৱাৰী । পিছে প্ৰতিপক্ষৰ বহু চল-চাতুৰি, কৌশল, বেহু একাষৰীয়া  কৰি তেওঁলোকে উইকেট খামুচি থাকিল । যুঁজ চলালে একপ্ৰকাৰ দেৱালত পিঠি দি । ষষ্ঠ উইকেটত তেওঁলোকে ৭০ ৰান সংযোগ ঘটাই অসমৰ স্ক’ৰ মোটামুটি সন্মানজনক অৱস্থালৈ আগবঢ়াই নিয়ে । কৌস্তভে দলৰহৈ সৰ্বাধিক ৬৬ আৰু বিকাশে ২৪ ৰান কৰে । অসমৰ ২৫৯ ৰানৰ প্ৰত্যুত্তৰত বংগই সৌৰভ গাংগুলীৰ ৮৭ ৰানৰ সহায়েৰে ৩৭৬ ৰান কৰে । দ্বিতীয় ইনিংছতো অসমৰ প্ৰায় একেই অৱস্থা । এটা সময়ত  স্ক’ৰ ৫ উইকেটত ১০৭ । আকৌ বিজয়, আকৌ কৌস্তভ ! এইবাৰ তেওঁলোকে মিলি ১১০ ৰানৰ যুটী বান্ধি দলক উদ্ধাৰ কৰে । ছয় নম্বৰত বেট ধৰিবলৈ অহা বিজয়ে সৰ্বাধিক ৭২ আৰু ৭ নম্বৰত অহা কৌস্তভে কৰে ৫৯ । তেওঁলোকৰবাদে জাহিৰ আলমে ৫৩, বিশ্বজিত মজুমদাৰে ৪০ আৰু হেমাংগ বৰুৱাৰ বেটৰপৰা আহে অপৰাজিত ৩২ ৰানৰ বৰঙণি । ৯ উইকেটত ৩৪২ ৰান কৰি অসমৰ ইনিংছ ঘোষণা । বংগই ২ উইকেটত ৬৭ ৰান কৰোতেই ড্ৰ হোৱা খেলখনৰ সামৰণি পৰে ।
বন্ধুমহলত কে-কে হিচাপেও বেছ জনপ্ৰিয় পৃথুৱে মুঠ ১৪ খন প্ৰথম শ্ৰেণীৰ খেলৰ ২৪টা ইনিংছত ৪১১ ৰান কৰিছিল । অৰ্দ্ধ শতৰান ৩ টা । নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰণৱ বৰুৱাৰ পুত্ৰ কৌস্তভৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৯ ছেপ্টেম্বৰত । বৰ কম বয়সতে আমি তেওঁক হেৰুৱাবলগীয়া হ’ল ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.