সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন দেশে লকডাউনৰ সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰে ৷ অধ্যাপক ফাৰগুছনে লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ গৱেষকৰ সৈতে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল ,য’ত কোৱা হৈছিল যে যদিহে চৰকাৰে কোনো পদক্ষেপ নলয় তেনেহ’লে ক’ৰোনা ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশখনত ৫ লক্ষাধিক মানুহৰ মৃত্যু হ’ব৷ কিন্তু সামাজিক দূৰত্ব আৰু লকডাউন বলবৎ কৰি এই সংখ্যা ১৩ হাজাৰলৈ হ্ৰাস কৰিব পাৰি ৷ নেইল ফাৰগুছনৰ পৰামৰ্শমতেই ব্ৰিটেইনত ১৬ মাৰ্চৰ পৰা বলবৎ কৰা হ’ল সম্পূৰ্ণ লকডাউন৷ পিছত আন আন দেশেও একেই পথত খোজ দিয়ে ৷ কিন্তু আশ্বৰ্যজনক কথাটো হ’ল লকডাউন উলংঘা কৰি এতিয়া নিজে পদৰ পৰা ইস্তাফা দিবলগীয়া হৈছে ব্ৰিটেইন চৰকাৰৰ মহামাৰী বিষয়ৰ উপদেষ্টা নেইল ফাৰগুছনে৷ ফাৰগুছনে লকডাউন চলি থকাৰ মাজতে মাজতে তেওঁৰ প্ৰেমিকা ,এগৰাকী বিবাহিতা মহিলাক সাক্ষাৎ কৰিছিল ৷ এই খবৰ প্ৰথমতে পোহৰলৈ আনে দ্য টেলিগ্ৰাফ কাকতে ৷ কাকতখনত প্ৰকাশিত খবৰ মতে , যোৱা ১৬ মাৰ্চত ব্ৰিটেইনত লকডাউন বলবৎ হোৱাৰ পাছত ১৮ মাৰ্চৰ দিনা নেইল ফাৰগুছনে বিবিচিৰ এক অনুষ্ঠানত ঘোষণা কৰিছিল যে তেওঁ লণ্ডনৰ ফ্লেটত নিজকে আইছ’লেটেড কৰি ৰাখিছে৷ ফাৰগুছনে ২৬ মাৰ্চৰ দিনা টুইটাৰযোগে পুনৰবাৰ দেশবাসীক সকীয়াই দিয়ে যে ক’ৰোনা ভাইৰাছ ক্ৰমাৎ অধিক সংক্ৰামক হৈ উঠিছে৷ কিন্তু তাৰ চাৰিদিন পাছতে তেওঁ এন্টনিয়া ষ্টাটছ নামৰ প্ৰেমিকা তথা বিবাহিতা মহিলাগৰাকীক লণ্ডনৰ নিজৰ ফ্লেটত সাক্ষাৎ কৰে ৷ একেটা সপ্তাহতে দ্বিতীয়বাৰ ফাৰগুচনে প্ৰেমিকা এন্টনিয়াক নিজৰ ফ্লেটলৈ আমন্ত্ৰণ জনায় ৷ প্ৰেমিকা এন্টনিয়াই আনকি তেওঁৰ বন্ধুসকলক এই কথাও তাৰ আগতে সদৰী কৰিছিল যে তেওঁৰ স্বামীৰ দেহত ক’ৰোনাৰ লক্ষণ ফুটি উঠিছে৷ তাৰ পাছতো সামাজিক দূৰত্ব উলংঘা কৰি ,লকউাউন ভাঙি প্ৰফেচৰ ফাৰগুছনে প্ৰেমিকাক সাক্ষাৎ কৰি যায়৷ ৫১ বৰ্ষীয় ফাগুৰছনৰ পত্নী আৰু এটা সন্তান আছে যদিও তেওঁলোক সম্প্ৰতি পৃথকে থাকে ৷ অনলাইন ডেটিঙ এপ এটাৰ জড়িয়তে তেওঁৰ চিনাকি হয় এন্টনিয়াৰ লগত ৷ ৩৮ বৰ্ষীয় এন্টনিয়া ষ্টাটছ দক্ষিণ জাৰ্মানীৰ ৷ ২০০৩ চনৰ পৰা তেওঁ স্বামীৰ কৰ্মসূত্ৰে লণ্ডনত থাকিবলৈ লয়৷ এগৰাকী এক্টিভিষ্ট হিচাপে পৰিচিত এন্টনিয়া আৰু ফাৰগুছনৰ লকডাউনৰ মাজত সাক্ষাতৰ খবৰে দেশখনত একপ্ৰকাৰ ভূমিকম্পৰ সৃষ্টি কৰে ৷তাৰ পাছতে চৰকাৰৰ মহামাৰী বিষয়ক মুখ্য উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল প্ৰফেচৰ নেইল ফাগুৰছনে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.</p

- Donation -

Leave A Reply

Your email address will not be published.