“সেনা দিৱস” উপলক্ষে ৰাষ্ট্ৰীয় পতাকা ‘মনুমেণ্টেল নেচনেল ফ্লেগ’ প্ৰদৰ্শন

Share This Article

আজি “সেনা দিৱস” উপলক্ষে খাদী কাপোৰেৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা মনুমেণ্টেল নেচনেল ফ্লেগ ভাৰত-পাকিস্তানৰ সীমান্তত এক বিশাল ৰাজহুৱা  অনুষ্ঠানত প্ৰদৰ্শন কৰে। মনুমেণ্টেল নেচনেল ফ্লেগৰ জোখ ২২৫ ফুট দীঘল, ১৫০ ফুট বহল আৰু ওজন প্ৰায় ১৪০০ কি.গ্ৰা.। ৭০ জন খাদী শিল্পীয়ে এই পতাকা খন প্ৰস্তুত কৰিবলৈ সময় লৈছিল ৪৯ দিন।
উল্লেখযোগ্য যে, ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ঐতিহাসিক যুদ্ধৰ কেন্দ্ৰবিন্দু আছিল লংগেৱালাত। এই লংগেৱালাতে আজি মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰে। আজি পঞ্চম বাৰৰ বাবে প্ৰদৰ্শন কৰে মনুমেণ্টেল নেচনেল ফ্লেগ।
ইয়াৰ আগতে, ২০২১ চনৰ ২ অক্টোবৰ তাৰিখে লেহত, ৮ অক্টোৱৰত বায়ু সেনা দিৱস উপলক্ষে হিন্দন এয়াৰবেচত, ২১ অক্টোবৰত লালকিল্লাত প্ৰদৰ্শন কৰা হৈছিল। ২০২১ চনৰ ৪ ডিচেম্বৰত মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ ওচৰৰ নেভেল ডকয়াৰ্ডত নৌ সেনা দিৱস উদযাপনৰ বাবে মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.