২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে

Share This Article

২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত শীৰ্ষত আছে মেক্সিকো ৷ এই বছৰটোত মেক্সিকোৰ ৭ গৰাকী সাংবাদিকে প্ৰাণ হেৰুওৱাবলগীয়া হ’ল ৷ তাৰ পাছতে ভাৰত আৰু আফগানিস্তানত প্ৰাণ হেৰুৱালে ৬ গৰাকীকৈ সাংবাদিকে ৷২০২১ চনত কংগোত মৃত্যু হয় ৩ গৰাকী সাংবাদিকৰ ৷ইয়াৰে ২৮ গৰাকী সাংবাদিকৰ মৃত্যু হৈছে তেওলোকৰ অনুসন্ধানমূলক বাতৰি আৰু বিশ্লেষণৰ বাবে ৷ আনহাতে , সংঘাতপূৰ্ণ অঞ্চলত বাতৰি সংগ্ৰহ কৰিবলৈ গৈও প্ৰাণ হেৰুৱালে বহুকেইগৰাকী সাংবাদিকে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.