সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে

২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত শীৰ্ষত আছে মেক্সিকো ৷ এই বছৰটোত মেক্সিকোৰ ৭ গৰাকী সাংবাদিকে প্ৰাণ হেৰুওৱাবলগীয়া হ’ল ৷ তাৰ পাছতে ভাৰত আৰু আফগানিস্তানত প্ৰাণ হেৰুৱালে ৬ গৰাকীকৈ সাংবাদিকে ৷২০২১ চনত কংগোত মৃত্যু হয় ৩ গৰাকী সাংবাদিকৰ ৷ইয়াৰে ২৮ গৰাকী সাংবাদিকৰ মৃত্যু হৈছে তেওলোকৰ অনুসন্ধানমূলক বাতৰি আৰু বিশ্লেষণৰ বাবে ৷ আনহাতে , সংঘাতপূৰ্ণ অঞ্চলত বাতৰি সংগ্ৰহ কৰিবলৈ গৈও প্ৰাণ হেৰুৱালে বহুকেইগৰাকী সাংবাদিকে ৷

Leave A Reply

Your email address will not be published.