বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানীৰ নাম

Share This Article

শেহতীয়া বৰ্ষবোৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সমৃদ্ধিশালী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত। আদানী গ্রুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ নাম আজি প্ৰকাশ পায় এই তালিকাত। আনহাতে মুকেশ আম্বানী আটাইতকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ ১১ নম্বৰ স্থানত আছে।

বিগত ২০২১ বৰ্ষৰ ৬ জানুৱাৰীত প্ৰকাশ পোৱা তালিকাত মুকেশ আম্বানীৰ নাম নাছিল আটাইতকৈ ধনী ১০ জন ব্যক্তিৰ ভিতৰত । অৱশ্যে পৰৱৰ্তী সময়ত ২০২১ বৰ্ষৰ ২৩ ছেপ্টেম্বৰত এই তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও ১৬ অক্টোবৰ ২০২১ ত প্ৰকাশ পোৱা তালিকাত পুনৰ অন্তৰ্ভুক্ত নহ’ল মুকেশ আম্বানীৰ নাম।

ফৰ্বছৰ তথ্য অনুসৰি গৌতম আদানী সম্পত্তিৰ মূল্য আজি ১১ বজাত ৯০.৪ বিলিয়ন ডলাৰ হয়গৈ। অৰ্থাৎ ভাৰতীয় মূল্যত ৬.৭৮ লাখ কোটি। আনহাতে ৰিলায়েঞ্চ ইন্দাষ্ট্ৰীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ সম্পত্তিৰ মূল্য ৮৯.২ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৬.৬৯ লাখ কোটি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.