সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন নিৰ্বাহ কৰা এজন ব্যক্তিৰ নাম ভিক্টৰ দাস। কিন্ত ভিক্টৰ দাসৰ পৰিচয় মাথো ইমানেই নে? ভিক্টৰ দাসৰ এ টু জেড সৱিশেষ দ্য ক্ৰছকাৰেন্ট লীড ষ্ট’ৰীত৷
ভিক্টৰ দাস। এটা মাথোঁ টুইটেৰে ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা এজন যুৱক ভিক্টৰ দাস। আমি ভিক্টৰ দাসক নায়ক সজাবলৈ বিচৰা নাই। অথবা সমাজ ব্যৱস্থা এটাই সৃষ্টি কৰা খলনায়ক বুলিও ক’বলৈ বিচৰা নাই। আমি মাথোঁ কিছু বিশদভাৱে ভিক্টৰ দাস কোন জানিবলৈ বিচাৰিছো। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত কেৰোণ লগাৰ অভিযোগ তুলি আজি খবৰৰ শিৰোনাম ভিক্টৰ দাস। ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰিছিল যে চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত দৰদাম আৰম্ভ হৈছে। টুইটযোগে কৰা এই অভিযোগত ভিক্টৰ দাসে লিখিছে যে এজন প্ৰাক্তন বিধায়কৰ নেতৃত্বত চলিছে নিযুক্তি প্ৰক্ৰিয়াৰ দাম। তিনি লাখ টকাৰ পৰা আঠ লাখ টকা পৰ্যন্ত দৰদাম হোৱা বুলি টুইটযোগে অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ ব্যক্তিজনে। আৰু ঠিক তাৰ পাছৰে পৰা ভিক্টৰ দাসৰ জীৱনৰ ৰুটিনখন যেন কিছু সালসলনি হৈ গ’ল। আৰক্ষীয়ে থানালৈ মাতি জব্দ কৰিলে ভিক্টৰ দাসৰ ম’বাইল ফোন আৰু ৰ’য়েল এনফিল্ড বাইকখন। গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ উঠিছে ভিক্টৰ দাসৰ। কিন্ত আকৌ সেই প্ৰশ্ন ভিক্টৰ দাস কোন? ভিক্টৰ দাসৰ পৰিয়ালৰ ইতিহাস কি?
ভিক্টৰ দাসৰ পিতৃৰ নাম আছিল কুমুদ দাস। সেয়া ২০২০ চনৰ ঘটনা। কামাখ্যা জংচনৰ এটা ৰেলৱে ট্ৰেকত উদ্ধাৰ হৈছিল ভিক্টৰৰ পিতৃ কুমুদ দাসৰ মৃতদেহ। ৰেলৱেৰ সৎ, নিষ্ঠাবান, সাহসী আৰু এজন হাঁহিমুখীয়া বিষয়াৰূপে পৰিচিত আছিল ভিক্টৰ দাস। ৰেলৱেৰ বিয়াগোম নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে এক সৰৱ কণ্ঠৰ নাম আছিল ভিক্টৰৰ পিতৃ কুমুদ দাস। সেই নিযুক্তি কেলেংকাৰীৰ প্ৰধান হেঙাৰ হৈ উঠিব বুলিয়েই কুমুদ দাসক দিয়া হৈছিল অত্যাধিক মানসিক চাপ। কিন্ত হাৰ মনা নাছিল কুমুদ দাসে। আৰম্ভ হৈছিল এখন যুদ্ধৰ। আৰু অৱশেষত নিথৰ হৈ পৰি ৰ’ল কুমুদ দাস। মৃত অৱস্থাত উদ্ধাৰ হ’ল ভিক্টৰৰ পিতৃ। আত্মহত্যাৰ নাম দিয়েই ঘটনাৰ তদন্তৰ সামৰণি পৰিল। কিন্ত কুমুদ দাসৰ পৰিয়ালে মানি লোৱা নাছিল এই কথা। কৰিছিল প্ৰতিবাদ। ভিক্টৰ দাস কুমুদ দাসৰ জ্যেষ্ঠ পুত্ৰ। ভিক্টৰৰ টুইটাৰ একাউণ্ট এনে বহু ঘটনাৰ জীয়া দস্তাবেজ। কুমুদ দাসৰ মৃত্যুৰ তদন্ত বিচৰা ভিক্টৰৰ মাতৃ আৰু মাতৃ সহিতে ভিক্টৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে। কিন্ত নাই, নিথৰ হৈ পৰা কুমুদ দাসৰ মৃত্যুৰ কোনো তদন্ত নহ’ল। ৰে’ল বিভাগত সংঘটিত হোৱা সেই নিযুক্তি কেলেংকাৰীৰো কোনো তদন্ত নহ’ল। আকৌ নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ। ২০২০ বৰ্ষত ভিক্টৰৰ পিতৃ কুমুদ দাস। আৰু আজি এয়া ২০২২… মাথোঁ দুটা বছৰৰ ব্যৱধান।আজিৰ শিৰোনাম ভিক্টৰ দাস। পিতৃৰ দৰেই অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ যেন এক নাম ভিক্টৰ দাস। ৰে’ল বিভাগৰ নিযুক্তিৰ বিৰুদ্ধে থিয় হৈ জীৱন হেৰুৱাইছিল কুমুদ দাসে। আৰু আজি চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেৰোণ লগাৰ অভিযোগ তুলি আৰক্ষীৰ কাঠগৰাত সাহসী কুমুদ দাসৰ পুত্ৰ ভিক্টৰ দাস।

Leave A Reply

Your email address will not be published.