বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ

Share This Article

২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ পৰিক্ৰমাক অভিহিত কৰিছে বিকাশৰ অনিৰুদ্ধ যাত্ৰা হিচাপে ৷ কিন্তু বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ এবছৰ পাছত পোহৰলৈ আহিছে এক অতিশয় উদ্বেগজনক তথ্য ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’নমি শীৰ্ষক সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি জুন মাহত অসমত নিবনুৱাৰ হাৰ হৈছে ১৭.২ শতাংশ ৷২০২১ চনৰ মে’ মাহত ০.০১ শতাংশ , ২০২২ চনৰ জানুৱাৰী মাহত ৮.৫ শতাংশৰ পৰা জুন মাহত নিবনুৱাৰ হাৰ বৃদ্ধি হ’ল ১৭.২ শতাংশলৈ ৷নিবনুৱাৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান হ’ল তৃতীয় ৷ অসমতকৈ আগত আছে হাৰিয়ানা আৰু ৰাজস্থান ৷ হাৰিয়ানাত নিবনুৱাৰ হাৰ ৩০.৬ শতাংশ হোৱাৰ বিপৰীতে ৰাজস্থানত নিবনুৱাৰ হাৰ হ’ল ২৯.৬ শতাংশ ৷ তাৰ পাছতেই আছে অসম আৰু জন্মু- কাশ্মীৰ ৷ দুয়োখন ৰাজ্যত নিবনুৱাৰ হাৰ হ’ল ১৭.২ শতাংশ ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’নমিৰ তথ্য অনুসৰি , জুন মাহত ভাৰতৰ নিবনুৱাৰ হাৰ হ’ল ৭.৮ শতাংশ ৷ গ্ৰামীন অঞ্চলত ৮.০৩ শতাংশ আৰু চহৰ অঞ্চলত ৭.৩০ শতাংশ ৷ অৰ্থাৎ সৰ্বভাৰতীয় নিবনুৱাৰ হাৰতকৈ অসমৰ নিবনুৱাৰ হাৰ প্ৰায় ১০ শতাংশ বেছি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.