সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ

২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ পৰিক্ৰমাক অভিহিত কৰিছে বিকাশৰ অনিৰুদ্ধ যাত্ৰা হিচাপে ৷ কিন্তু বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ এবছৰ পাছত পোহৰলৈ আহিছে এক অতিশয় উদ্বেগজনক তথ্য ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’নমি শীৰ্ষক সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি জুন মাহত অসমত নিবনুৱাৰ হাৰ হৈছে ১৭.২ শতাংশ ৷২০২১ চনৰ মে’ মাহত ০.০১ শতাংশ , ২০২২ চনৰ জানুৱাৰী মাহত ৮.৫ শতাংশৰ পৰা জুন মাহত নিবনুৱাৰ হাৰ বৃদ্ধি হ’ল ১৭.২ শতাংশলৈ ৷নিবনুৱাৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান হ’ল তৃতীয় ৷ অসমতকৈ আগত আছে হাৰিয়ানা আৰু ৰাজস্থান ৷ হাৰিয়ানাত নিবনুৱাৰ হাৰ ৩০.৬ শতাংশ হোৱাৰ বিপৰীতে ৰাজস্থানত নিবনুৱাৰ হাৰ হ’ল ২৯.৬ শতাংশ ৷ তাৰ পাছতেই আছে অসম আৰু জন্মু- কাশ্মীৰ ৷ দুয়োখন ৰাজ্যত নিবনুৱাৰ হাৰ হ’ল ১৭.২ শতাংশ ৷ চেন্টাৰ ফৰ মনিটৰিঙ ইণ্ডিয়ান ইক’নমিৰ তথ্য অনুসৰি , জুন মাহত ভাৰতৰ নিবনুৱাৰ হাৰ হ’ল ৭.৮ শতাংশ ৷ গ্ৰামীন অঞ্চলত ৮.০৩ শতাংশ আৰু চহৰ অঞ্চলত ৭.৩০ শতাংশ ৷ অৰ্থাৎ সৰ্বভাৰতীয় নিবনুৱাৰ হাৰতকৈ অসমৰ নিবনুৱাৰ হাৰ প্ৰায় ১০ শতাংশ বেছি ৷

Leave A Reply

Your email address will not be published.