সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও

গৌতম প্ৰতিম গগৈ , নিপম চুতীয়া

২৫ মে’, গুৱাহাটী

২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ চৰজমিন অনুসন্ধান- এটা দিনত কাম বিচাৰি অসমৰ কিমান নিবনুৱা যুৱক যুৱতী ৰাওনা হ’ব হাইদৰাবাদ অভিমুখে৷ দ্য ক্ৰছকাৰেন্টৰ অনুসন্ধান- কোম্পানীত চিকিউৰিটী গার্ডৰ কাম বিচাৰি অসমৰ কিমান শিক্ষিত যুৱক যুৱতী ঘৰ এৰি গুছি যাব হাইদৰাবাদলৈ৷ এই অনুসন্ধানতেই পোহৰলৈ আহিছে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ এখন উদ্বেগজনক ছবি৷ যুৱকৰ পৰা বৃদ্ধলৈ, যুৱতীৰ পৰা ৫ বছৰীয়া সন্তানৰ মাতৃয়ে কোলাত সন্তানক লৈ বহি:ৰাজ্যলৈ কামৰ সন্ধানত ঢাপলি মেলাৰ ভয়াৱহ ছবি পোহৰলৈ আহিছে আমাৰ এই অনুসন্ধানত৷ যি সময়ত অসমত এক লাখ চাকৰিৰ মেলাৰ আয়োজন কৰা হৈছে , সেই সময়তে দৈনিক কিদৰে শ শ যুৱক যুৱতী কামৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে, তাৰ ভয়াৱহ ছবি উন্মোচিত হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত ৷

- Donation -

অসমত এক লাখ চাকৰি, বহি:ৰাজ্যত কেইলাখ অসমীয়া?

ভয়াৱহ নিবনুৱা সমস্যাই গ্ৰাস কৰিছে অসমক৷ কর্মৰ অভাবে হতাশ কৰিছে অসমৰ শিক্ষিত প্ৰজন্মক৷ কামৰ সন্ধানত হাবাথুৰি খাইছে অসমৰ দৰিদ্ৰ আৰু শিক্ষিত নতুন প্ৰজন্মই৷ কিন্তু এক লাখ চাকৰিৰ প্ৰচাৰত সেইখন ভয়াৱহ ছবি যেন নিস্প্ৰভ হৈ পৰিছে ৷ অসম চৰকাৰ শাসনৰ গাদীত বহাৰ পূর্বেই ড হিমন্ত বিশ্ব শর্মাই প্ৰতিশ্ৰুতি দিছিল এক লাখ নিযুক্তিৰ ৷ সেই প্ৰতিশ্ৰুতিৰেই সফল অংশ হিচাপে ২৫ মে’ত খানাপাৰাত বিশাল আয়োজনেৰে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ৪৪ হাজাৰ নব নিযুক্তক৷ যদিও এই নিযুক্তি পত্ৰ বিতৰনৰ অনুষ্ঠানৰ জড়িয়তে অসম চৰকাৰে সফলতা দাবী কৰিছে ,তাৰ বিপৰীতে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত ফাদিল হৈছে আন এখন উদ্বেগজনক ছবিহে৷

ট্ৰেইন টু বাংগালুৰু

২১ মে’ৰ পুৱা ৫ বজাত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি উপস্থিত হৈছিল গুৱাহাটী ৰেলৱে ষ্টেচনত৷ ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত আছিল ১৫৪০৩৯ নম্বৰৰ বাংগালুৰু অভিমুখী ৰে’লখন৷ তাতেই লগ পোৱা গৈছিল অসমৰ পৰা বহি:ৰাজ্যলৈ কর্মৰ সন্ধানত ঢাপলি মেলা অসংখ্য যুৱক যুৱতীক৷ গুৱাহাটীৰ পৰা বাংগালুৰু অভিমুখে ৰাওনা হোৱা যুৱক যুৱতীৰ প্ৰায় দহটা গোটৰ ৭০ ৰ পৰা ৮০ গৰাকী ব্যক্তিৰ লগত কথোপকথন হৈছে দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিৰ৷

যমুনামুখৰ পৰা অহা এট গোটৰ এজন ব্যক্তিয়ে কয়, “ মই বাংগালুৰুৰ এখন হোটেলত কাম কৰো৷ আমি এইবাৰ ৫ জন ব্যক্তি কাম কৰিবলৈ বাংগালুৰুলৈ ওলাইছো৷” হোটেলতেই কাম কৰিবলৈ ওলোৱা আন এজন ব্যক্তিয়ে কয়, “অসমত আমি কাম বিচাৰি পোৱা নাই৷ পেটৰ কাৰণে আমি বাংগালুৰুলৈ ওলাইছো৷ অসমত কাম পালে আমি কিয় বাহিৰলৈ যাম?” একেখন ৰে’লতেই বাংগালুৰু অভিমুখে ৰাওনা হৈছিল ছয়গাঁওৰ ৫ জন যুৱক৷ তেওঁলোকে কয়, “ বাংগালুৰুলৈ গৈ কি কাম পাম নাজানো৷ কিন্তু গৈ আছো৷ অসমত কাম পাবলৈ দিগদাৰ৷” এইদৰেই বাংগালুৰু অভিমুখে ৰাওনা হোৱা খাৰুপেটীয়াৰ এটা ১০ জনীয়া যুৱকৰ দল,একে ঠাইৰে ৭ জনীয়া আন এটা দল,বিশ্বনাথৰ ৩ জনীয়া দল আৰু কৰিমগঞ্জৰ ৮ জনীয়া এটা দলক একেখন ৰে’লতেই সাক্ষাৎ লাভ কৰিছিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে৷ ৰে’লখনৰ আন এটা দবাত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে লগ পাইছিল দুগৰাকী মহিলাক৷ ইয়াৰে এগৰাকী মহিলা মায়ঙৰ৷ মহিলা গৰাকীৰ লগত এটি ৫ বছৰীয়া শিশুও৷ মহিলাগৰাকীয়ে কয়, “ মোৰ স্বামী ঢুকাল৷ আমাৰ খেতি মাটি নাই৷ কৰিবলৈ কাম বনো নাই৷ ঘৰ চলাব নোৱাৰি কনমানি সন্তানটিক লৈয়ে কামৰ সন্ধানত বাংগালুৰুলৈ ওলাইছো৷”

 

দৈনিক বহি:ৰাজ্যলৈ কাম বিচাৰি ঢাপলি মেলি অসমৰ শ শ লোকৰ

২৩ মে’, ২০২৩, মঙলবাৰ৷ এইবাৰ আগৰতলা- বেংলুৰ অভিমুখী হামচফৰ নামৰ ৰেলত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান৷ সন্ধিয়া ৭ বজাত বাংগালুৰু অভিমুখে ৰাওনা হোৱা ৰে’লখনত সাক্ষাৎ পোৱা গৈছিল বেংলুৰ-তামিলনাডু আদি বহি:ৰাজ্যৰ কোম্পানীত কাম কৰিবলৈ ওলোৱা অসমৰ অসংখ্য যুৱক যুৱতীক৷ কোনোবাই যদি পূর্বৰে পৰা বহি:ৰাজ্যত থকা কাৰোবাৰ লগত যোগাযোগ কৰি হোটেলত কাম কৰাৰ লক্ষ্যৰে অসম এৰিছে, কোনোবাই কোনোবা কোম্পানীত চিকিউৰিটী গার্ডৰ কাম বিচাৰি বহি:ৰাজ্যলৈ ৰাওনা হৈছে৷ বৰপেটাৰ পৰা অহা এটা ৫ জনীয়া গোটৰ এজনে কয়, ‘বাহিৰত কাম কৰাৰ সুবিধা আছে৷ তাত বহুত কোম্পানী আছে৷ কিন্তু অসমত সেই সুবিধা নাই৷’ শিলচৰৰ পৰা অহা এটা ৫ জনীয়া গোটৰ এজনে কয় যে অসমত কামৰ অভাবত তেওঁলোক বেংলুৰলৈ ৰাওনা হৈছে৷ এটা টাইলচৰ কোম্পানীত কাম কৰিব তেওঁলোকে৷ একেদৰে কৰিমগঞ্জৰ এটা ১০ জনীয়া গোট,গোৱালাপাৰাৰ পৰা অহা ৪ জনীয়া গোট,লংকাৰ পৰা অহা ৫ জনীয়া গোট,হাইলাকান্দিৰ পৰা অহা ৮ জনীয়া গোটৰ যুৱকে ‘দ্য ক্ৰছকাৰেণ্ট’ক জনায় যে, অসমত কামৰ অভাবৰ বাবেই তেওঁলোক বহি:ৰাজ্যলৈ যাবলগীয়া হৈছে৷ একেখন ৰেলৰ ‘বি-16’ ডবাত কৰিমগঞ্জৰ আন এটা গোটক লগ পাইছিল দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিয়ে৷ তেওলোক ৪০ জন যুৱক একেলগে বেংলুৰলৈ গৈছে বুলি তেওঁলোকৰ এজনেই অৱগত কৰিছে৷
যুৱক কেইজনৰ ভাষ্য তলত সংযোজন কৰা হৈছে৷

 

অসমৰ কোন গাঁৱৰ কিমান ল’ৰা বহি:ৰাজ্যত আছে?

অসমৰ কোনখন গাওঁৰ কিমান ল’ৰাই বহি:ৰাজ্যত কাম কৰি ঘৰ চলাইছে তাৰ তথ্য বিচাৰি অসমৰ ৫ খন জিলাৰ ১২ খন গাঁৱত দ্য ক্ৰছকাৰেণ্টৰ ১২ জন প্ৰতিনিধিয়ে চলাইছিল অনুসন্ধান৷ সেই অনুসন্ধানৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি,ধেমাজি জিলাৰ ১ আৰু ২ নং চেলাজহ গাওঁৰ সর্বমুঠ ১৯ জন যুৱক বর্তমান কর্মৰত হৈ আছে বহি:ৰাজ্যত৷ তেওঁলোক হাইদৰাবাদ,অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাৰ বিভিন্ন কোম্পানীত কর্মৰত হৈ আছে৷ একেখন জিলাৰে বেতনী হোলা গাঁৱৰ সর্বমুঠ ৭ জন যুৱক কর্মৰত বহি:ৰাজ্যত৷ একেদৰে নলখামা গাওৰ ১৫ জনকৈ যুৱক কর্মৰত বহি:ৰাজ্যত৷ ধেমাজিৰেই ন পাম বেৰ ভঙা গাওৰ ২০ জন যুৱক কর্মৰত বহি:ৰাজ্যত৷ অন্যহাতে লখিমপুৰ জিলাৰ লালুকৰ পুখুৰী পৰিয়া গাঁৱৰ ২১ জনকৈ ব্যক্তি কর্মৰত বহি:ৰাজ্যত৷ ইয়াৰে ১৫ গৰাকী অৰুণাচলত আৰু ৬ গৰাকী কর্মৰত হাইদৰাবাদত৷ নগাওঁ জিলাৰ বৰভেটি পঞ্চায়তৰ শিমলুগুৰি গাওঁৰ ৭ জনকৈ যুৱক বর্তমান হাইদৰাবাদ আৰু কেৰালাত কর্মৰত হৈ আছে৷ শিৱসাগৰ জিলাৰ বৰাহী বাৰী পঞ্চায়তৰ অর্ন্তগত অঞ্চলৰ শতাধিক যুৱক বহি:ৰাজ্যত কর্মৰত বুলি তথ্য লাভ কৰা গৈছে৷ অনুসন্ধানকালত ইয়াৰে ২২ জন যুৱকৰ তথ্য লাভ কৰা গৈছে৷ অন্যহাতে মাজুলীৰ জকাইবোৱা, বেঙেনাকলীয়া আৰু মেৰুৱাবাৰী গাওৰ ২০৩ জন যুৱক কর্মৰত হৈ আছে বহি:ৰাজ্যত৷ কোনো কোনো পৰিয়ালৰ ক্ষেত্ৰত একে ঘৰৰে ২-৩ জন যুৱক কৰ্মৰত হৈ আছে বহি:ৰাজ্যত। অন্যহাতে মাজুলীৰেই বেঙেনা আটি সত্ৰৰ ৬ জনকৈ যুৱক কর্মৰত বহি:ৰাজ্যত৷

অসমৰ কোন যুৱক কি কামত নিয়োজিত হৈ আছেগৈ বহি:ৰাজ্যত?

‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান কালত বহি:ৰাজ্যত কর্মৰত হৈ থকা যুৱকৰ সৈতে ফোনযোগে চলিছিল বার্তালাপ৷ ফোনযোগে যোগাযোগ হোৱা ধেমাজীৰ হেমন্ত বৰা বর্তমান কেৰালাৰ এন্নাকুলাম জিলাৰ এটা প্লাইউদ কোম্পানীত কর্মৰত হৈছে৷ হেমন্ত বৰাই জনোৱা মতে, তেওঁ নিয়োজিত হৈ থকা কোম্পানীটোত অসমৰ ২০ জনমান যুৱক নিয়োজিত হৈ থকাৰ বিপৰীতে কাষৰে আন এটা কোম্পানীত নিয়োজিত হৈ আছে ১৫ জনমান অসমীয়া যুৱক৷ লক্ষনীয়ভাবে হেমন্তৰ ধেমাজিৰ নিজা গাঁৱৰ আন ৫ জন যুৱক বর্তমান কেৰালাত কর্মৰত হৈ আছে বুলিও অৱগত কৰিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আগত হেমন্তৰ প্ৰশ্ন-‘ ইয়াত থাকি আমি ঘৰখন চলাব পাৰিছো৷ অসমত থাকিলে কি কৰিব পাৰিলোহেতেঁন?’
কেৰালাতেই কর্মৰত ধেমাজিৰ আন এজন যুৱকৰ লগত হোৱা বার্তালাপত কয়, ‘আমি বৰফৰ কোম্পানীত কাম কৰো৷ আমাৰ কোম্পানীত ২০ জনমান অসমীয়া ল’ৰা আছে৷ আমি থকা অঞ্চলটোত ৪-৫ হাজাৰতকৈ কম অসমীয়া লৰা নাই৷’ যোগাযোগ স্থাপন হোৱা লখিমপুৰৰ হিৰকজ্যোতি গগৈ কর্মৰত হৈ আছে বাংগালুৰুৰ দ’মলুৰৰ এটা ছফ্টৱেৰ কোম্পানীত৷ সেই কোম্পানীটোত অসমৰ ৪০০ ৰো অধিক যুৱক কর্মৰত হৈ থকাৰ কথা অৱগত কৰিছে হীৰকে৷ একেদৰে যোগাযোগ স্থাপন হৈছিল বাংগালুৰুত চিকিউৰিটী গার্ড হিচাপে কর্মৰত হৈ থকা বাক্সাৰ বীৰেন মেধিৰ সৈতে৷ তেওঁ কাম কৰা কোম্পানীতো কেইবাজনো অসমৰ যুৱক নিয়োজিত হৈ থকা বুলি অৱগত কৰিছে৷ হাইদৰাবাদৰ এটা কোম্পানীত চিকিউৰটি গার্ড হিচাপে কর্মৰত হৈ থকা মুন্না ডেকাই কয় যে, তেওঁলোক কোম্পানীত অসমৰ ৫০০ ৰো অধিক যুৱক নিয়োজিত হৈ আছে৷ অধিকাংশই নিয়োজিত হৈ আছে চিকিউৰ’টি গার্ড হিচাপে৷ যোগাযোগ স্থাপন হৈছিল বাংগালুৰুত কর্মৰত যোৰহাটৰ মানসজ্যোতি চুতীয়াৰ সৈতে৷ তেওঁ কর্মৰত কোম্পানীতো বহু অসমীয়া যুৱক নিয়োজিত হৈ থকা বুলি অৱগত কৰিছে৷

 

লক্ষণীয়ভাবে আটাইকেইজন যুৱকে অসমত সুবিধাজনক কামৰ অভাবৰ কথা উল্লেখ কৰিছে৷ যাৰবাবে তেওলোকে সংস্থাপনৰ স্বার্থত বহি:ৰাজ্যলৈ যোৱাৰ কথাও উল্লেখ কৰিছে৷ নিসন্দেহে অসমত তেওঁলোক আছিল একো একোগৰাকী নিবনুৱা৷ যাৰ বাবে তেওঁলোক যাবলৈ বাধ্য হৈছিল বহি:ৰাজ্যলৈ৷ কিন্তু তেওঁলোকে অৱগত কৰা অনুসৰি, অসমত নিয়োগ বিনিময় কেন্দ্ৰত তেওঁলোকৰ পঞ্জীয়ন নাই৷ অর্থাৎ অসমৰ নিবনুৱাৰ পৰিসংখ্যাৰ পৰা আঁতৰি ৰৈছে এই সকল বহি:ৰাজ্যত অস্থায়ীভাবে কর্মৰত অসমৰ যুৱক৷ কিন্তু এইদৰে বহি:ৰাজ্যত সর্বমুঠ কিমান নিবনুৱা কর্মৰত হৈ জানানে?

কেইলাখ নিবনুৱাই কাম কৰি আছে বহি:ৰাজ্যত?

কোভিডৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ সময়ত অসম চৰকাৰ ‘অসম কেয়াৰ’ নামেৰে এক আঁচনি ৰূপায়ন কৰিছিল৷ এই আঁচনিৰ অধীনত বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিৰ বাবে ৩ মাহলৈ ২ হাজাৰ টকাকৈ সাহার্য ঘোষণা কৰা হৈছিল৷ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিয়ে মিচড কল যোগে পঞ্জীয়ন কৰিব লগা হৈছিল৷ সেই আঁচনি ঘোষনাৰ পাছতেই চৰকাৰৰ নিদির্ষ্ট বিভাগে ৯ লাখ মিচড কল লাভ কৰিছিল৷ সেই সমূহ মিচড কল ভেৰিফাই কৰাৰ পাছত বহি:ৰাজ্যত থকা অসমৰ সর্বমুঠ ৪ লাখ ২৯ হাজাৰ ৮৫১ গৰাকী ব্যক্তিৰ তথ্য লাভ কৰা বুলি সংবাদমেল যোগে ঘোষনা কৰিছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ এইয়া চৰকাৰী তথ্য৷ কেৰালাত কর্মৰত ধেমাজিৰ বিকাশ দত্তই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ লগত হোৱা বার্তালপত কয় যে তেওঁ সময়ত চৰকাৰী সাহার্যৰ বাবে পঞ্জীয়ন কৰা নাছিল৷ অর্থাৎ সেই অনুসৰি বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিৰ সংখ্যা নিসন্দেহে চৰকাৰী তথ্যতকৈ বেছি হ’ব৷ নিসন্দেহে এই ৪ লাখ ২৯ হাজাৰ ব্যক্তিৰ অধিকাংশই কর্মৰ খাতিৰতে সেই সময়ত বহি:ৰাজ্যত থকাটোও নিশ্চিত৷ লক্ষনীয়ভাবে আজিও বহি:ৰাজ্যলৈ অসমৰ যুৱতী যুৱতীৰ যাত্ৰা অব্যাহত আছে৷

মাত্ৰ দুখন ৰে’লৰ কেইটামান দবাত চলিছিল দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধান৷ অনুসন্ধানকালত সাক্ষাৎ লাভ কৰা বহি:ৰাজ্যমুখী অসমৰ যুৱক যুৱতীয়ে জনাইছে, তেওঁলোক অসমত লাভ কৰা নাই কর্মসংস্থাপনৰ সুবিধা৷ বহি:ৰাজ্যৰ কোম্পানী তেওঁলোকৰ বাবে এতিয়া ত্ৰাণকর্তা৷ বহি:ৰাজ্যৰ কোম্পানীত চিকিউৰ’টি গার্ডৰ কাম তেওঁলোকৰ বাবে কর্মসংস্থাপন৷ নিত্য বহি:ৰাজ্যলৈ কাম বিচাৰি ঢাপলি মেলিছে অসমৰ যুৱক যুৱতীয়ে৷ খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰনী অনুষ্ঠানে অসমৰ নিবনুৱা সমস্যা সমাধানৰ চমক সৃষ্টিকাৰী ছবি দাঙি ধৰে৷ কিন্তু বহি:ৰাজ্যমুখী ৰেলৰ দবাত এইদৰেই উন্মোচিত হয় অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ প্ৰকৃত ছবিখন৷

Unemployment

Leave A Reply

Your email address will not be published.