ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও

২৫ মে’, গুৱাহাটী

২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ চৰজমিন অনুসন্ধান- এটা দিনত কাম বিচাৰি অসমৰ কিমান নিবনুৱা যুৱক যুৱতী ৰাওনা হ’ব হাইদৰাবাদ অভিমুখে৷ দ্য ক্ৰছকাৰেন্টৰ অনুসন্ধান- কোম্পানীত চিকিউৰিটী গার্ডৰ কাম বিচাৰি অসমৰ কিমান শিক্ষিত যুৱক যুৱতী ঘৰ এৰি গুছি যাব হাইদৰাবাদলৈ৷ এই অনুসন্ধানতেই পোহৰলৈ আহিছে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ এখন উদ্বেগজনক ছবি৷ যুৱকৰ পৰা বৃদ্ধলৈ, যুৱতীৰ পৰা ৫ বছৰীয়া সন্তানৰ মাতৃয়ে কোলাত সন্তানক লৈ বহি:ৰাজ্যলৈ কামৰ সন্ধানত ঢাপলি মেলাৰ ভয়াৱহ ছবি পোহৰলৈ আহিছে আমাৰ এই অনুসন্ধানত৷ যি সময়ত অসমত এক লাখ চাকৰিৰ মেলাৰ আয়োজন কৰা হৈছে , সেই সময়তে দৈনিক কিদৰে শ শ যুৱক যুৱতী কামৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে, তাৰ ভয়াৱহ ছবি উন্মোচিত হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত ৷

অসমত এক লাখ চাকৰি, বহি:ৰাজ্যত কেইলাখ অসমীয়া?

ভয়াৱহ নিবনুৱা সমস্যাই গ্ৰাস কৰিছে অসমক৷ কর্মৰ অভাবে হতাশ কৰিছে অসমৰ শিক্ষিত প্ৰজন্মক৷ কামৰ সন্ধানত হাবাথুৰি খাইছে অসমৰ দৰিদ্ৰ আৰু শিক্ষিত নতুন প্ৰজন্মই৷ কিন্তু এক লাখ চাকৰিৰ প্ৰচাৰত সেইখন ভয়াৱহ ছবি যেন নিস্প্ৰভ হৈ পৰিছে ৷ অসম চৰকাৰ শাসনৰ গাদীত বহাৰ পূর্বেই ড হিমন্ত বিশ্ব শর্মাই প্ৰতিশ্ৰুতি দিছিল এক লাখ নিযুক্তিৰ ৷ সেই প্ৰতিশ্ৰুতিৰেই সফল অংশ হিচাপে ২৫ মে’ত খানাপাৰাত বিশাল আয়োজনেৰে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ৪৪ হাজাৰ নব নিযুক্তক৷ যদিও এই নিযুক্তি পত্ৰ বিতৰনৰ অনুষ্ঠানৰ জড়িয়তে অসম চৰকাৰে সফলতা দাবী কৰিছে ,তাৰ বিপৰীতে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত ফাদিল হৈছে আন এখন উদ্বেগজনক ছবিহে৷

ট্ৰেইন টু বাংগালুৰু

২১ মে’ৰ পুৱা ৫ বজাত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি উপস্থিত হৈছিল গুৱাহাটী ৰেলৱে ষ্টেচনত৷ ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত আছিল ১৫৪০৩৯ নম্বৰৰ বাংগালুৰু অভিমুখী ৰে’লখন৷ তাতেই লগ পোৱা গৈছিল অসমৰ পৰা বহি:ৰাজ্যলৈ কর্মৰ সন্ধানত ঢাপলি মেলা অসংখ্য যুৱক যুৱতীক৷ গুৱাহাটীৰ পৰা বাংগালুৰু অভিমুখে ৰাওনা হোৱা যুৱক যুৱতীৰ প্ৰায় দহটা গোটৰ ৭০ ৰ পৰা ৮০ গৰাকী ব্যক্তিৰ লগত কথোপকথন হৈছে দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিৰ৷

যমুনামুখৰ পৰা অহা এট গোটৰ এজন ব্যক্তিয়ে কয়, “ মই বাংগালুৰুৰ এখন হোটেলত কাম কৰো৷ আমি এইবাৰ ৫ জন ব্যক্তি কাম কৰিবলৈ বাংগালুৰুলৈ ওলাইছো৷” হোটেলতেই কাম কৰিবলৈ ওলোৱা আন এজন ব্যক্তিয়ে কয়, “অসমত আমি কাম বিচাৰি পোৱা নাই৷ পেটৰ কাৰণে আমি বাংগালুৰুলৈ ওলাইছো৷ অসমত কাম পালে আমি কিয় বাহিৰলৈ যাম?” একেখন ৰে’লতেই বাংগালুৰু অভিমুখে ৰাওনা হৈছিল ছয়গাঁওৰ ৫ জন যুৱক৷ তেওঁলোকে কয়, “ বাংগালুৰুলৈ গৈ কি কাম পাম নাজানো৷ কিন্তু গৈ আছো৷ অসমত কাম পাবলৈ দিগদাৰ৷” এইদৰেই বাংগালুৰু অভিমুখে ৰাওনা হোৱা খাৰুপেটীয়াৰ এটা ১০ জনীয়া যুৱকৰ দল,একে ঠাইৰে ৭ জনীয়া আন এটা দল,বিশ্বনাথৰ ৩ জনীয়া দল আৰু কৰিমগঞ্জৰ ৮ জনীয়া এটা দলক একেখন ৰে’লতেই সাক্ষাৎ লাভ কৰিছিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে৷ ৰে’লখনৰ আন এটা দবাত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে লগ পাইছিল দুগৰাকী মহিলাক৷ ইয়াৰে এগৰাকী মহিলা মায়ঙৰ৷ মহিলা গৰাকীৰ লগত এটি ৫ বছৰীয়া শিশুও৷ মহিলাগৰাকীয়ে কয়, “ মোৰ স্বামী ঢুকাল৷ আমাৰ খেতি মাটি নাই৷ কৰিবলৈ কাম বনো নাই৷ ঘৰ চলাব নোৱাৰি কনমানি সন্তানটিক লৈয়ে কামৰ সন্ধানত বাংগালুৰুলৈ ওলাইছো৷”

 

দৈনিক বহি:ৰাজ্যলৈ কাম বিচাৰি ঢাপলি মেলি অসমৰ শ শ লোকৰ

২৩ মে’, ২০২৩, মঙলবাৰ৷ এইবাৰ আগৰতলা- বেংলুৰ অভিমুখী হামচফৰ নামৰ ৰেলত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান৷ সন্ধিয়া ৭ বজাত বাংগালুৰু অভিমুখে ৰাওনা হোৱা ৰে’লখনত সাক্ষাৎ পোৱা গৈছিল বেংলুৰ-তামিলনাডু আদি বহি:ৰাজ্যৰ কোম্পানীত কাম কৰিবলৈ ওলোৱা অসমৰ অসংখ্য যুৱক যুৱতীক৷ কোনোবাই যদি পূর্বৰে পৰা বহি:ৰাজ্যত থকা কাৰোবাৰ লগত যোগাযোগ কৰি হোটেলত কাম কৰাৰ লক্ষ্যৰে অসম এৰিছে, কোনোবাই কোনোবা কোম্পানীত চিকিউৰিটী গার্ডৰ কাম বিচাৰি বহি:ৰাজ্যলৈ ৰাওনা হৈছে৷ বৰপেটাৰ পৰা অহা এটা ৫ জনীয়া গোটৰ এজনে কয়, ‘বাহিৰত কাম কৰাৰ সুবিধা আছে৷ তাত বহুত কোম্পানী আছে৷ কিন্তু অসমত সেই সুবিধা নাই৷’ শিলচৰৰ পৰা অহা এটা ৫ জনীয়া গোটৰ এজনে কয় যে অসমত কামৰ অভাবত তেওঁলোক বেংলুৰলৈ ৰাওনা হৈছে৷ এটা টাইলচৰ কোম্পানীত কাম কৰিব তেওঁলোকে৷ একেদৰে কৰিমগঞ্জৰ এটা ১০ জনীয়া গোট,গোৱালাপাৰাৰ পৰা অহা ৪ জনীয়া গোট,লংকাৰ পৰা অহা ৫ জনীয়া গোট,হাইলাকান্দিৰ পৰা অহা ৮ জনীয়া গোটৰ যুৱকে ‘দ্য ক্ৰছকাৰেণ্ট’ক জনায় যে, অসমত কামৰ অভাবৰ বাবেই তেওঁলোক বহি:ৰাজ্যলৈ যাবলগীয়া হৈছে৷ একেখন ৰেলৰ ‘বি-16’ ডবাত কৰিমগঞ্জৰ আন এটা গোটক লগ পাইছিল দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিয়ে৷ তেওলোক ৪০ জন যুৱক একেলগে বেংলুৰলৈ গৈছে বুলি তেওঁলোকৰ এজনেই অৱগত কৰিছে৷
যুৱক কেইজনৰ ভাষ্য তলত সংযোজন কৰা হৈছে৷

 

অসমৰ কোন গাঁৱৰ কিমান ল’ৰা বহি:ৰাজ্যত আছে?

অসমৰ কোনখন গাওঁৰ কিমান ল’ৰাই বহি:ৰাজ্যত কাম কৰি ঘৰ চলাইছে তাৰ তথ্য বিচাৰি অসমৰ ৫ খন জিলাৰ ১২ খন গাঁৱত দ্য ক্ৰছকাৰেণ্টৰ ১২ জন প্ৰতিনিধিয়ে চলাইছিল অনুসন্ধান৷ সেই অনুসন্ধানৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি,ধেমাজি জিলাৰ ১ আৰু ২ নং চেলাজহ গাওঁৰ সর্বমুঠ ১৯ জন যুৱক বর্তমান কর্মৰত হৈ আছে বহি:ৰাজ্যত৷ তেওঁলোক হাইদৰাবাদ,অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাৰ বিভিন্ন কোম্পানীত কর্মৰত হৈ আছে৷ একেখন জিলাৰে বেতনী হোলা গাঁৱৰ সর্বমুঠ ৭ জন যুৱক কর্মৰত বহি:ৰাজ্যত৷ একেদৰে নলখামা গাওৰ ১৫ জনকৈ যুৱক কর্মৰত বহি:ৰাজ্যত৷ ধেমাজিৰেই ন পাম বেৰ ভঙা গাওৰ ২০ জন যুৱক কর্মৰত বহি:ৰাজ্যত৷ অন্যহাতে লখিমপুৰ জিলাৰ লালুকৰ পুখুৰী পৰিয়া গাঁৱৰ ২১ জনকৈ ব্যক্তি কর্মৰত বহি:ৰাজ্যত৷ ইয়াৰে ১৫ গৰাকী অৰুণাচলত আৰু ৬ গৰাকী কর্মৰত হাইদৰাবাদত৷ নগাওঁ জিলাৰ বৰভেটি পঞ্চায়তৰ শিমলুগুৰি গাওঁৰ ৭ জনকৈ যুৱক বর্তমান হাইদৰাবাদ আৰু কেৰালাত কর্মৰত হৈ আছে৷ শিৱসাগৰ জিলাৰ বৰাহী বাৰী পঞ্চায়তৰ অর্ন্তগত অঞ্চলৰ শতাধিক যুৱক বহি:ৰাজ্যত কর্মৰত বুলি তথ্য লাভ কৰা গৈছে৷ অনুসন্ধানকালত ইয়াৰে ২২ জন যুৱকৰ তথ্য লাভ কৰা গৈছে৷ অন্যহাতে মাজুলীৰ জকাইবোৱা, বেঙেনাকলীয়া আৰু মেৰুৱাবাৰী গাওৰ ২০৩ জন যুৱক কর্মৰত হৈ আছে বহি:ৰাজ্যত৷ কোনো কোনো পৰিয়ালৰ ক্ষেত্ৰত একে ঘৰৰে ২-৩ জন যুৱক কৰ্মৰত হৈ আছে বহি:ৰাজ্যত। অন্যহাতে মাজুলীৰেই বেঙেনা আটি সত্ৰৰ ৬ জনকৈ যুৱক কর্মৰত বহি:ৰাজ্যত৷

অসমৰ কোন যুৱক কি কামত নিয়োজিত হৈ আছেগৈ বহি:ৰাজ্যত?

‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান কালত বহি:ৰাজ্যত কর্মৰত হৈ থকা যুৱকৰ সৈতে ফোনযোগে চলিছিল বার্তালাপ৷ ফোনযোগে যোগাযোগ হোৱা ধেমাজীৰ হেমন্ত বৰা বর্তমান কেৰালাৰ এন্নাকুলাম জিলাৰ এটা প্লাইউদ কোম্পানীত কর্মৰত হৈছে৷ হেমন্ত বৰাই জনোৱা মতে, তেওঁ নিয়োজিত হৈ থকা কোম্পানীটোত অসমৰ ২০ জনমান যুৱক নিয়োজিত হৈ থকাৰ বিপৰীতে কাষৰে আন এটা কোম্পানীত নিয়োজিত হৈ আছে ১৫ জনমান অসমীয়া যুৱক৷ লক্ষনীয়ভাবে হেমন্তৰ ধেমাজিৰ নিজা গাঁৱৰ আন ৫ জন যুৱক বর্তমান কেৰালাত কর্মৰত হৈ আছে বুলিও অৱগত কৰিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আগত হেমন্তৰ প্ৰশ্ন-‘ ইয়াত থাকি আমি ঘৰখন চলাব পাৰিছো৷ অসমত থাকিলে কি কৰিব পাৰিলোহেতেঁন?’
কেৰালাতেই কর্মৰত ধেমাজিৰ আন এজন যুৱকৰ লগত হোৱা বার্তালাপত কয়, ‘আমি বৰফৰ কোম্পানীত কাম কৰো৷ আমাৰ কোম্পানীত ২০ জনমান অসমীয়া ল’ৰা আছে৷ আমি থকা অঞ্চলটোত ৪-৫ হাজাৰতকৈ কম অসমীয়া লৰা নাই৷’ যোগাযোগ স্থাপন হোৱা লখিমপুৰৰ হিৰকজ্যোতি গগৈ কর্মৰত হৈ আছে বাংগালুৰুৰ দ’মলুৰৰ এটা ছফ্টৱেৰ কোম্পানীত৷ সেই কোম্পানীটোত অসমৰ ৪০০ ৰো অধিক যুৱক কর্মৰত হৈ থকাৰ কথা অৱগত কৰিছে হীৰকে৷ একেদৰে যোগাযোগ স্থাপন হৈছিল বাংগালুৰুত চিকিউৰিটী গার্ড হিচাপে কর্মৰত হৈ থকা বাক্সাৰ বীৰেন মেধিৰ সৈতে৷ তেওঁ কাম কৰা কোম্পানীতো কেইবাজনো অসমৰ যুৱক নিয়োজিত হৈ থকা বুলি অৱগত কৰিছে৷ হাইদৰাবাদৰ এটা কোম্পানীত চিকিউৰটি গার্ড হিচাপে কর্মৰত হৈ থকা মুন্না ডেকাই কয় যে, তেওঁলোক কোম্পানীত অসমৰ ৫০০ ৰো অধিক যুৱক নিয়োজিত হৈ আছে৷ অধিকাংশই নিয়োজিত হৈ আছে চিকিউৰ’টি গার্ড হিচাপে৷ যোগাযোগ স্থাপন হৈছিল বাংগালুৰুত কর্মৰত যোৰহাটৰ মানসজ্যোতি চুতীয়াৰ সৈতে৷ তেওঁ কর্মৰত কোম্পানীতো বহু অসমীয়া যুৱক নিয়োজিত হৈ থকা বুলি অৱগত কৰিছে৷

 

লক্ষণীয়ভাবে আটাইকেইজন যুৱকে অসমত সুবিধাজনক কামৰ অভাবৰ কথা উল্লেখ কৰিছে৷ যাৰবাবে তেওলোকে সংস্থাপনৰ স্বার্থত বহি:ৰাজ্যলৈ যোৱাৰ কথাও উল্লেখ কৰিছে৷ নিসন্দেহে অসমত তেওঁলোক আছিল একো একোগৰাকী নিবনুৱা৷ যাৰ বাবে তেওঁলোক যাবলৈ বাধ্য হৈছিল বহি:ৰাজ্যলৈ৷ কিন্তু তেওঁলোকে অৱগত কৰা অনুসৰি, অসমত নিয়োগ বিনিময় কেন্দ্ৰত তেওঁলোকৰ পঞ্জীয়ন নাই৷ অর্থাৎ অসমৰ নিবনুৱাৰ পৰিসংখ্যাৰ পৰা আঁতৰি ৰৈছে এই সকল বহি:ৰাজ্যত অস্থায়ীভাবে কর্মৰত অসমৰ যুৱক৷ কিন্তু এইদৰে বহি:ৰাজ্যত সর্বমুঠ কিমান নিবনুৱা কর্মৰত হৈ জানানে?

কেইলাখ নিবনুৱাই কাম কৰি আছে বহি:ৰাজ্যত?

কোভিডৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ সময়ত অসম চৰকাৰ ‘অসম কেয়াৰ’ নামেৰে এক আঁচনি ৰূপায়ন কৰিছিল৷ এই আঁচনিৰ অধীনত বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিৰ বাবে ৩ মাহলৈ ২ হাজাৰ টকাকৈ সাহার্য ঘোষণা কৰা হৈছিল৷ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিয়ে মিচড কল যোগে পঞ্জীয়ন কৰিব লগা হৈছিল৷ সেই আঁচনি ঘোষনাৰ পাছতেই চৰকাৰৰ নিদির্ষ্ট বিভাগে ৯ লাখ মিচড কল লাভ কৰিছিল৷ সেই সমূহ মিচড কল ভেৰিফাই কৰাৰ পাছত বহি:ৰাজ্যত থকা অসমৰ সর্বমুঠ ৪ লাখ ২৯ হাজাৰ ৮৫১ গৰাকী ব্যক্তিৰ তথ্য লাভ কৰা বুলি সংবাদমেল যোগে ঘোষনা কৰিছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ এইয়া চৰকাৰী তথ্য৷ কেৰালাত কর্মৰত ধেমাজিৰ বিকাশ দত্তই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ লগত হোৱা বার্তালপত কয় যে তেওঁ সময়ত চৰকাৰী সাহার্যৰ বাবে পঞ্জীয়ন কৰা নাছিল৷ অর্থাৎ সেই অনুসৰি বহি:ৰাজ্যত থকা অসমৰ ব্যক্তিৰ সংখ্যা নিসন্দেহে চৰকাৰী তথ্যতকৈ বেছি হ’ব৷ নিসন্দেহে এই ৪ লাখ ২৯ হাজাৰ ব্যক্তিৰ অধিকাংশই কর্মৰ খাতিৰতে সেই সময়ত বহি:ৰাজ্যত থকাটোও নিশ্চিত৷ লক্ষনীয়ভাবে আজিও বহি:ৰাজ্যলৈ অসমৰ যুৱতী যুৱতীৰ যাত্ৰা অব্যাহত আছে৷

মাত্ৰ দুখন ৰে’লৰ কেইটামান দবাত চলিছিল দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধান৷ অনুসন্ধানকালত সাক্ষাৎ লাভ কৰা বহি:ৰাজ্যমুখী অসমৰ যুৱক যুৱতীয়ে জনাইছে, তেওঁলোক অসমত লাভ কৰা নাই কর্মসংস্থাপনৰ সুবিধা৷ বহি:ৰাজ্যৰ কোম্পানী তেওঁলোকৰ বাবে এতিয়া ত্ৰাণকর্তা৷ বহি:ৰাজ্যৰ কোম্পানীত চিকিউৰ’টি গার্ডৰ কাম তেওঁলোকৰ বাবে কর্মসংস্থাপন৷ নিত্য বহি:ৰাজ্যলৈ কাম বিচাৰি ঢাপলি মেলিছে অসমৰ যুৱক যুৱতীয়ে৷ খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰনী অনুষ্ঠানে অসমৰ নিবনুৱা সমস্যা সমাধানৰ চমক সৃষ্টিকাৰী ছবি দাঙি ধৰে৷ কিন্তু বহি:ৰাজ্যমুখী ৰেলৰ দবাত এইদৰেই উন্মোচিত হয় অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ প্ৰকৃত ছবিখন৷

Unemployment

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296