পেগাছাছৰ সহায়ত কৰ্ণাটক চৰকাৰৰ পতন ঘটোৱা হৈছিল নেকি ?

Share This Article

পেগাছাছ নামৰ স্পাইৱেৰটো কিদৰে কাৰোবাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে , সেয়া দ্য ক্ৰছকাৰেন্টৰ পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ সেয়া আছিল বিদেশৰ ঘটনা ৷ কিন্তু ভাৰতত পেগাছাছৰ সহায়ত চৰকাৰৰ পতন ঘটোৱাৰ এক বিস্ফোৰক বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ এই বাতৰি প্ৰকাশ পাইছে দ্য ৱায়াৰত ৷ বাতৰিটোৰ মতে , ২০১৯ চনত হঠাৎ কৰ্ণাটকত পতন ঘটিছিল জে ডি (এছ ) আৰু কংগ্ৰেছ চৰকাৰৰ ৷ চৰকাৰ পতনৰ পূৰ্বে পেগাছাছৰ টাৰ্গেট হৈ পৰিছিল মুখ্যমন্ত্ৰী , উপ- মুখ্যমন্ত্ৰীসহ কেবাগৰাকীও নেতা ৷

দ্য ৱায়াৰত অজয় আশীৰ্বাদ মহাপাত্ৰই যুগুতোৱা বাতৰি অনুসৰি ২০১৯ চনৰ জুলাইত কৰ্ণাটকত জে ডি (এছ) আৰু কংগ্ৰেছ চৰকাৰৰ পতন ঘটোৱাৰ আগে আগে পেগাগাছৰ টাৰ্গেট হৈ পৰিছিল ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰ , মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ ব্যক্তিগত সহায়কৰ ফোন নম্বৰ ৷ লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী ছিদ্দাৰময়াৰ ফোন নম্বৰো আছে টাৰ্গেট লিষ্টত ৷ ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ’ৰ তথ্যৰ আধাৰত বিশ্লেষণ কৰি এই বাতৰি প্ৰকাশ কৰিছে দ্য ৱায়াৰে ৷ ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাত তুংগত উঠা সময়তে এই নেতাসকল স্পাইৱেৰৰ টাৰ্গেট ওি পৰিছিল বুলি বাতৰিটোত কোৱা হৈছে ৷ তাৰ পাছতে শাসকীয় পক্ষৰ ১৭ জন বিধায়কে দল ত্যাগ কৰাত কংগ্ৰেছ – জেডি (এছ ) চৰকাৰৰ পতন ঘটে ৷ অৱশ্যে ‘ ফৰবিডেন ষ্টৰীজ’ য়ে ফাদিল কৰা প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ ভিতৰতহে কুমাৰস্বামী আৰু পৰমেশ্বৰৰ নম্বৰ পোৱা ঘৈছে ৷ এতিয়ালৈকে তেওলোকৰ মোবাইল হেণ্ডছেটৰ ফৰেনছিক পৰীক্ষা সম্পন্ন হোৱা নাই ৷ ফৰেনছিক পৰীক্ষাই আন বহু তথ্য পোহৰলৈ আনিব বুলি আশা কৰিব পাৰি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.