সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাটিৰ দালালৰ বিৰুদ্ধে অভিযান : ৰৌ বৰালি জালত পৰিবনে ?

 

ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সক্ৰিয় হৈ থকা চাৰি শতাধিক মাতিৰ দালালক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷ সোমবাৰে নিশাৰ পৰা অভিযান চলাই আৰক্ষীয়ে ৪৫৩ জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে ৷ইয়াৰ ভিতৰত আছে কামৰূপৰ ৫০ জন , মৰিগাৱৰ ২৭ জন , হোজাইৰ ২৬ জন , ধুবুৰীৰ ২০ জন আৰু নগাৱৰ ১৬ জন দালাল ৷ ইয়াৰ পূৰ্বে চক্ৰ বিষয়াসকলৰ এখন সন্মিলনত মাটিৰ দালালসকলক গামোচা পিন্ধাই বিদায় দিবলৈ আহ্বান জনাইছিল ৷ কিন্তু তাৰ পাছতো চক্ৰ বিষয়াৰ কাৰ্জালয়ত অব্যাত আছিল দালালৰ দপদপনি ৷ অৱশেষত অসম আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ কৰে ৷অসম আৰক্ষীৰ এই অভিযানৰ পাছত এতিয়া ছোছিয়েল মেডিয়াত প্ৰশ্ন উঠিছে অসম আৰক্ষীয়ে ৰৌ বৰালিক জালত পেলাবলৈ সক্ষম হ’বনে ? নে পুঠি খলিহনা ধৰিয়েই দায়িত্ব সামৰিব ?

- Donation -

২)

মাটিৰ দালালৰ বিৰুদ্ধে চলি থকা অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মাটিৰ দালালৰ ৭০০ জনীয়া তালিকা এখন প্ৰস্তুত কৰিছে ৷ বাকীসকল দালালকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব ৷ এয়া সকলোৰে বাবে এক সকীয়ণি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে দালালসকলক জেৰা কৰিলে আৰু বহু নাম নিশ্চয় পোহৰলৈ আহিব ৷ সেই অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহন কৰা হ’ব ৷ তেও লগতে বিষয়াসকলকো দালালৰ লগত উঠা বহা নকৰিবলৈ সকীয়াই দিয়ে ৷

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন দাখিল কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মনোনয়ন দাখিলৰ সময়ত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই। অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অহা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল। বৰ্তমানলৈ বিৰোধীয়ে ঘোষণা কৰা নাই ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী।গতিকে  বিনা প্ৰতিদ্বন্দ্বিতাই সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ সম্ভাৱনা আছে ।মনোনয়ন দাখিলৰ পাছত সোণোৱালে কয় যে বিজেপি আৰু মিত্ৰদলৰ বিধায়কসকলৰ সহযোগত মনোনয়ন পত্ৰ দাখিল কৰা হ’ল। নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, অমিত শ্বাহ, বি এল সন্তোষকো তেও ধন্যবাদ জ্ঞাপন কৰে ৷

আলফা স্বাধীনৰ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে  কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত  তেওঁৰ পৰা পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি বিচাৰিছিল৷ অমিত শ্বাহে  আলোচনা আগবঢ়াই নিয়াৰ বাবে টেলিফোনত পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি দিছে৷ পৰেশ বৰুৱাই বিচাৰিলে আলোচনাৰ প্ৰসংগত এতিয়াৰে পৰা পোনপটীয়াকৈ টেলিফোনত কথা পাতিব পাৰিব৷

বুধবাৰে  বোকাখাতত অসম চৰকাৰে দাহ কৰিব ২৪৭৯টা গড়ৰ খড়্গ ৷ নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে গড়ৰ খড়্গ দাহ কৰা । খড়্গসমুহ দাহ কৰি শেষ কৰিবৰ বাবে প্ৰায় ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত খড়্গসমুহত মুখাগ্নি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বুধবাৰে পুৱা ৭-৩০ বজাত বোকাখাত কোষাগাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তাৰ মাজত খড়্গসমুহ বোকাখাত ৰাজহুৱা খেলপথাৰলৈ অনা হ’ব ৷ তাৰ পাছতেই বিশ্ব গঁড় দিৱস উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হ’ব ৷ সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ’ব ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে বোকাখাতত বাহৰ পাতিছে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰত চিতাভষ্মৰূপে বিসৰ্জন দিয়া হ’ব ৷

বুধবাৰে  বোকাখাতত অসম চৰকাৰে দাহ কৰিব ২৪৭৯টা গড়ৰ খড়্গ ৷ নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে গড়ৰ খড়্গ দাহ কৰা । খড়্গসমুহ দাহ কৰি শেষ কৰিবৰ বাবে প্ৰায় ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত খড়্গসমুহত মুখাগ্নি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বুধবাৰে পুৱা ৭-৩০ বজাত বোকাখাত কোষাগাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তাৰ মাজত খড়্গসমুহ বোকাখাত ৰাজহুৱা খেলপথাৰলৈ অনা হ’ব ৷ তাৰ পাছতেই বিশ্ব গঁড় দিৱস উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হ’ব ৷ সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ’ব ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে বোকাখাতত বাহৰ পাতিছে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰত চিতাভষ্মৰূপে বিসৰ্জন দিয়া হ’ব ৷

গুজৰাটৰ মুদ্ৰা বন্দৰত জব্দ হৈছে প্ৰায় ৯ হাজাৰ কৌটি টকা মূল্যৰ তিনি টণ হিৰোইন ৷সোমবাৰে ডি আর্ আইৰ এক অভিযানত বৃহৎ পৰিমানৰ হিৰোইন জব্দ হয় ৷এই বন্দৰটো পৰিচালনা কৰে আদানী গোষ্ঠীয়ে ৷গুজৰাটত এই বিপুল পৰিমানৰ হিৰোইন জব্দ কৰাৰ পাছত ডি আর্ আয়ে আহমদাবাদ , দিল্লী , চেন্নাই আদিতো অভিযান চলায় ৷ সন্দেহ কৰা মতে আফগানিস্থানৰ পৰা এই হিৰোইনখিনি সৰবৰাহ কৰা হৈছিল ৷

ৰাছিয়াত অনুষ্ঠিত হোৱা শেহতীয়া নিৰ্বাচনত ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন নেতৃত্বাধীন ইউনাইটেড ৰাছিয়া দলে দুই তৃতীয়াংশ আসনত জয়লাভ কৰিছে ৷ সোমবাৰে নিশা সম্পন্ন হোৱা ভোটগননাত পুটিনৰ দলটোৱে ৫০ শতাংশ ভোট লাভ কৰে ৷ ইয়াৰ বিপৰীতে কমিউনিষ্ট পাৰ্টীয়ে লাভ কৰিছে ১৯ শতাংশ ভোট ৷ এই বিজয়ৰ ফলত ২০২৪ চনত ব্লাডিমিৰ পুটিন আকৌ দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ এইবাৰ কৰোনা পৰিস্থিতিৰ বাবে ই ভোটৰো সুবিধা প্ৰদান কৰা হয় ৷

ৰাছিয়াৰ লগতে সোমবাৰে কানাডাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয় ৷কানাডাত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে জাষ্টিন ট্ৰুডু৷ জাষ্টিন ট্ৰুডু নেতৃত্বাধীন লিবাৰেল পাৰ্টী ২০১৫ চনৰ পৰাই দেশখনৰ শাসনত আছে ৷ ট্ৰুডুয়ে কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা পৰাজিত কৰি প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৷

 

 

 

 

Leave A Reply

Your email address will not be published.