‘The Bikini Killer’খ্যাত চাৰ্লছ শোভৰাজৰ ক’লা অধ্যায়ৰ কিছু কাহিনী

দ্য চাৰপেন্ট-দ্য কিলাৰ, দ্য গ্ৰেট এছকেপ-The great escape, দ্য চাৰপেন্ট-The serpent, দ্য হোক- The hawk...চাৰ্লছ শোভৰাজৰ ক'লা অধ্যায়ৰ কিছু কাহিনী

                                                                                                   দ্য চাৰপেন্ট – দ্য কিলাৰ                                                                                   

৩০ টাকৈ হত্যাকাণ্ড ৷ কোনো গুৰুতৰ কাৰণত নহয় ৷ কেতিয়াবা যদি সামান্য পাছপোৰ্টৰ বাবে, আন কেতিয়াবা হীৰাৰ টুকুৰা এটা লুট কৰিবৰ বাবে ৷ আক্ৰমণৰ লক্ষ্য ধনী ব্যৱসায়ী, বিদেশী মহিলা ৷ সমগ্ৰ বিশ্বৰ চকুত দাগী অপৰাধী৷ এবাৰ গ্ৰীচৰ দুৰ্ভেদ্য কাৰাগাৰৰ পৰা পলায়ন ৷ আন এবাৰ তিহাৰ জে’লৰ পৰা চিনেমাৰ কায়দাৰে মিলি গ’ল বতাহত ৷বহু নাৰীৰ হত্যাত অভিযুক্ত ৷ কিন্তু অনেক নাৰীৰ চকুত এজন ভাল মানুহ-আকলুৱা প্ৰেমিক ৷ কেতিয়াবা প্ৰয়োজনত ফোন আহে দেশৰ বিদেশ মন্ত্ৰীৰ ৷ কথা পাতে ৷ দেশে সহায় বিচাৰে ৷ নাম চাৰ্লছ শোভৰাজ ৷

                                                                                দ্য গ্ৰেট এছকেপ- The great escape                                                                             

১৬ মাৰ্চ, ১৯৮৬ ৷ দেওবাৰ ৷ তিহাৰ জে’ল ৷ জেলৰ কয়েদীসকল ব্যস্ত নিজৰ চেল চাফ চিকুন কৰাত ৷ কোনোবাই কাপোৰ ধুইছে ৷ কোনোবাই শাৰীৰিক অনুশীলন কৰিছে ৷ দেওবাৰ বাবে আন লোকৰ আহ যাহ বন্ধ ৷ কিন্তু সেইদিনা ব্যতিক্ৰম হ’ল ৷
দুপৰীয়া ২ বাজি ৪০ মিনিট ৷ এখন গাড়ী আহি ৰ’ল জে’লৰ ৩ নম্বৰ গেটৰ সন্মুখত ৷ গাড়ীৰ পৰা দুজন মানুহ নামিল ৷ এজনৰ নাম ৰিচাৰ্ড হ’ল- কুখ্যাত ড্ৰাগছ পেডলাৰ ৷ তেওঁৰ হাতত সিদিনা ড্ৰাগছ নাছিল ৷ আছিল আপেল, আঙুৰ, চকলেট, বৰফি আৰু পিঠাৰ টোপোলা ৷ চিপাহীৰ হাতত এশ টকা গুজি দি ৰিচাৰ্ড ভিতৰলৈ সোমাই আহিল ৷ জে’লৰ অধীক্ষক এছ আৰ যাদৱৰ টেবুলত সেই টোপোলা ৰখা হ’ল আৰু কোৱা হ’ল যে – চাৰ্লছ শোভৰাজৰ জন্মদিন উপলক্ষ্যে মিঠাই আৰু ফলমূল অনা হৈছে ৷ সকলোৰে মাজত যাতে বিলাই দিয়ে ৷ প্ৰায় ১০ বছৰ একেখন কাৰাগাৰত থকা শোভৰাজ আৰু এছ আৰ যাদৱৰ মাজৰ সম্পৰ্ক বন্ধুৰ দৰে হৈ পৰিছিল ৷ গতিকে অবিশ্বাস কৰাৰ কথা নাহিল ৷ মিঠাই , ফল মূল , চকলেট চিপাহী , কয়েদী সকলোৰে মাজত বিলাই দিয়া হ’ল ৷ তাৰ পাছত যি ঘটিল , ভাৰতৰ ইতিহাসৰ এক অবিশ্বাস্য ঘটনা হৈ ৰ’ল ৷

জেলৰ চিপাহী – কয়েদীবোৰ এজন এজনকৈ ঢলি পৰিবলৈ ধৰিলে ৷ তাৰ পাছত চাৰ্লছ বহিল জে’লৰ গাড়ীৰ চালকৰ আসনত ৷ পাছৰ আসনত জে’লৰ ৱাৰ্ডেন আনন্দ স্বৰূপ ৷ নিৰ্বিঘ্নে গাড়ী চলাই জে’লৰ পৰা ওলাই বতাহত মিলি গ’ল কুখ্যাত অপৰাধী চাৰ্লছ শোভৰাজ ৷ তেতিয়া ঘড়ীত সময় আবেলি তিনিটা ৷ কাৰাগাৰৰ পৰা কিছুদূৰত উদ্ধাৰ হ’ল মুখত টেপ বন্ধা অৱস্থাত ৰাস্তাত পৰি ৰোৱা ৱাৰ্ডেন আনন্দ স্বৰূপ ৷

মাত্ৰ ২০ মিনিটৰ ভিতৰত সমগ্ৰ অপাৰেশ্যন কাৰ্যকৰী কৰি তোলা হৈছিল ৷ পৰিকল্পনা অনুসৰি ফল – মূল , চকলেটত মিলোৱা হৈছিল চেতনানাশক ৷ কিন্তু জে’লৰ বাহিৰৰ পৰা কোনে সহায় কৰিছিল চাৰ্লছ শোভৰাজক ৷ আৰক্ষী নিশ্চিত আছিল চাৰ্লছ শোভৰাজক প্ৰতিটো ডাঙৰ অপাৰেশ্যনত সহায় কৰে কোনো এগৰাকী মহিলাই ৷ এইবাৰো কোনো মহিলাৰ সহায়তে অকল্পনীয়ভাৱে পলাই গ’ল চাৰ্লছ শোভৰাজ ৷ অনুসন্ধানত ওলাল -তিহাৰ জে’লৰ পৰা শোভৰাজে পলায়ন কৰা সময়তে দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্লছ হোষ্টেলৰ পৰা নোহোৱা হৈছে স্নেহা সংগাৰ নামৰ এগৰাকী ছাত্ৰী ৷ স্নেহাই চাৰ্লছ শোভৰাজক আইনী প্ৰক্ৰিয়াত সহায় কৰি আহিছিল ৷ ঝাঁসীৰ ললিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল স্নেহাক ৷ শোভৰাজ ক’ত আছে স্নেহাই নাজানে ৷ কিন্তু স্নেহা আৰু শোভৰাজৰ মাজত আছিল গভীৰ আন্তৰিক সম্পৰ্ক ৷ স্নেহাৰ মানসিক জগত আচ্ছন্ন কৰি ৰাখিছিল দুৰ্ধৰ্ষ চাৰ্লছ শোভৰাজে ৷
অনুসন্ধানত ওলাল আন এগৰাকী মহিলাৰ পৰিচয় ৷ বৈশালী ৰেড্ডী ৷ তামিলনাডুৰ বিবাহ বিচ্ছেদিত মহিলা ৷ বয়স ৪৬ ৷ তিনিটা সন্তানৰ মাতৃ ৷ চাৰ্লছৰ লগত প্ৰেমৰ সম্পৰ্ক ৷ যি কাৰাগাৰতে চাৰ্লছৰ লগত বিবাহপাশত আবদ্ধ হোৱা কথা আছিল ৷ কিন্তু তাৰ আগতে পলাল চাৰ্লছ শোভৰাজ ৷ বৈশালীয়েও নাজানে ক’লৈ গ’ল চাৰ্লছ শোভৰাজ ৷

                                                                                    দ্য চাৰপেন্ট – The serpent

১৯৭৬ চনত চাৰ্লছ শোভৰাজৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছিল ৷ ৬ গৰাকী মহিলাক হত্যাৰ অভিযোগ ৷ আটাইৰে মৃতদেহ উদ্ধাৰ হয় বিকিনি পৰিহিতা অৱস্থাত ৷ চাৰ্লছ শোভৰাজ- দ্য বিকিনী কিলাৰ ৷ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শোভৰাজক ৷ বিশেষ তথ্য প্ৰমান নাথাকিলেও শোভৰাজক দিয়া হয় ১২ বছৰৰ কাৰাদণ্ড ৷ কিন্তু কাৰাদণ্ডৰ অন্ত পৰিবলৈ মাত্ৰ দুটা বছৰ বাকী থকা অৱস্থাত কিয় পলায়ন কৰিলে শোভৰাজে ?
উত্তৰ আছিল শোভৰাজৰ হাততেই ৷ কাৰণ থাইলেণ্ডত ১১ গৰাকী ব্যক্তিক হত্যাত অভিযুক্ত চাৰ্লছ শোভৰাজ ৷ ভাৰতত কাৰাবাসৰ অন্ত পৰিলেই শোভৰাজক হস্তান্তৰ কৰা হ’ব থাই চৰকাৰক ৷ থাইলেণ্ডত এনে হত্যাকাৰীৰ শাস্তি মৃত্যুদণ্ড ৷ সেইবাবেই ভাৰতত কাৰাবাসৰ অন্ত পৰাৰ আগতেই কাৰাগাৰৰ পৰাই পলায়ন কৰে এইগৰাকী দুৰ্ধৰ্ষ হত্যাকাৰীয়ে ৷
তিহাৰৰ পৰা পলায়ন বেছিদিন স্থায়ী নহ’ল ৷ গোৱাৰ এখন ৰেষ্টুৰেন্টৰ পৰা গ্ৰেপ্তাৰ হ’ল চাৰ্লছ শোভৰাজ ৷ বান্ধৱীৰ সৈতে আড্ডা দি আছিল ৷ তাতেই ছুটী কটাবলৈ যোৱা মুম্বাইৰ আৰক্ষী বিষয়া মধুকৰ জেণ্ডে শোভৰাজক দেখিবলৈ পায় আৰু ততালিকে কৰায়ত্ত কৰে ৷

বিশ্বাস হয় জানো ? গ্ৰীচৰ কাৰাগাৰ ভাঙি পলায়ন কৰা ,তিহাৰৰ অভেদ্য নিৰাপত্তা ছেদেলি ভেদেলি কৰি পেলোৱা চাৰ্লছ শোভৰাজ গ্ৰেপ্তাৰ হ’ব ৰেষ্টুৰেন্টত ? তাকো কৰায়ত্ত কৰিব মুম্বাইৰ এজন বিষয়াই ?
আচলতে চাৰ্লছ শোভৰাজ গ্ৰেপ্তাৰ হৈছিল নিজেই ৷ কাৰণ , জে’লৰ পৰা পলায়ন কৰাৰ অপৰাধত তেওঁৰ আৰু ১০ বছৰৰ কাৰাদণ্ড হ’ব ৷ তেতিয়ালৈকে থাইলেণ্ডত ৰুজু হোৱা গোচৰৰ ২০ বছৰ উকলি যাব ৷ আৰু থাইলেণ্ডত ২০ বছৰ পাৰ হৈ যোৱা গোচৰৰ কোনো শাস্তি নহয় ৷ একমাত্ৰ সেইবাবেই তিহাৰ জে’লৰ পৰা পলায়নৰ দৰে এটা কঠিন পথ বাচি লৈছিল চাৰ্লছ শোভৰাজে ৷

শোভৰাজৰ এই কাহিনী পঢ়ি বিস্ময়ত চকু থৰ হৈ ৰৈছিল ভাৰতবাসীৰ ৷ ১৯৯৭ চনত শোভৰাজৰ শাস্তিৰ অন্ত পৰে ৷ ইতিমধ্যে তেওঁৰ অপৰাধৰ বেছিভাগ সাক্ষী , বেছিভাগ অভিযোগকাৰীৰ মৃত্যু হৈছিল ৷ নতুন কোনো গোচৰো নাছিল৷ সেইবাবেই কাৰাগাৰৰ পৰা মুক্তিৰ পথ সহজ হৈ পৰিল ৷ সেই শোভৰাজ এইবাৰ গ্ৰেপ্তাৰ হয় নেপালত ৷

চন ২০০৩ ৷ কাঠমাণ্ডুৰ এটা কেচিন’ত চাৰ্লছ শোভৰাজক প্ৰত্যক্ষ কৰে দ্য হিমালয়ান টাইমছৰ এজন সাংবাদিকে ৷ দুসপ্তাহ ধৰি শোভৰাজৰ পিছ লয় সাংবাদিকজনে ৷ নিশ্চিত হয় যে শোভৰাজ এইবাৰ জুৱাৰ ধান্দাত নামিছে ৷ হিমালয়া টাইমছত এই খবৰ প্ৰকাশ পায় ৷ তাৰ পাছতেই ১৯৭৫ চনৰ এটা হত্যাৰ গোচৰত কাঠামাণ্ডু আৰক্ষীয়ে চাৰ্লছ শোভৰাজক গ্ৰেপ্তাৰ কৰে ৷ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ চাৰ্লছৰ তেতিয়াও দাবী আছিল – কোনো আদালতেই তেওঁক হত্যাকাৰী বুলি প্ৰমান কৰিব পৰা নাই ৷ মেডিয়াইহে হত্যাকাৰী সজাইছে ৷

এইজন চাৰ্লছ শোভৰাজ কাৰাগাৰত থাকোতেই আকৌ প্ৰেম হয় নিজৰ অধিবক্তাৰ জীয়ৰী নিহিতা বিশ্বাসৰ লগত ৷ ২০১০ চনত জে’লৰ পৰাই কুৰি বছৰীয়া নিহিতাৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ যি আছিল শোভৰাজতকৈ ৪৪ বছৰ সৰু ৷

১৯ বছৰ নেপালৰ কাৰাগাৰত থকাৰ পাছত বিগত ২১ ডিচেম্বৰত বাৰ্ধক্যজনিত কাৰণত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৷ তাৰ পাছতেই শোভৰাজ ৰাওণা হয় পেৰিছ অভিমুখে ৷ য’ত তেওঁৰ পৰিয়াল থাকে ৷

                                                                                            দ্য হোক- The hawk                                                                                       

পেৰিছ অভিমুখী বিমানত শোভৰাজ বহাৰ পাছতেই ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পায় চাৰ্লছ শোভৰাজৰ এটা বিশেষ সাক্ষাৎকাৰ ৷ যি সাক্ষাৎকাৰ নেপালৰ কাৰাগাৰৰ পৰাই ২০১৬ চনত ৰিতু চাৰিনক প্ৰদান কৰিছিল শোভৰাজে ৷ এটাই চৰ্ত আছিল এই সাক্ষৎকাৰ যেন তেওঁ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছতহে প্ৰকাশ পায় ৷

বিগত ২৩ ডিচেম্বৰত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পোৱা সাক্ষাৎকাৰত চাৰ্লছ শোভৰাজে ক’লে – জৈইশ ই মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ সৈতে হোৱা তেওঁৰ বৈঠকৰ কাহিনী ৷

১৯৯৯ ত জৈইশ ই মহম্মদে ইণ্ডিয়ান এয়াৰ লাইনছৰ এখন বিমান অপহৰণ কৰি লৈ যায় ৷ বিনিময়ত দাবী কৰে মাছুদ আজাহাৰৰ মুক্তি ৷ ঠিক সেই সময়তে চাৰ্লছ শোভৰাজ প্ৰয়োজনীয় হৈ উঠিছিল ভাৰত চৰকাৰৰ বাবে ৷ বিদেশ মন্ত্ৰী যশৱন্ত সিনহাই বাৰম্বাৰ টেলিফোনত কথা পাতিছিল শোভৰাজৰ সৈতে ৷ শোভৰাজৰ যোগাযোগ চলিছিল সন্ত্ৰাসবাদীৰ সৈতে ৷ যশৱন্ত সিনহাই চাৰ্লছক সাক্ষাৎ কৰিবলৈ পেৰিছলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল ৷ চৰকাৰৰ হৈ সেই বিশেষ প্ৰতিনিধিয়ে শোভৰাজৰ হৈ দীঘলীয়া আলোচনা কৰিছিল ৷

সন্ত্ৰাসবাদীৰ পৰা চাৰ্লছে অন্তত: এট আশ্বাস আদায় কৰিছিল যে ১১ দিনলৈ কোনো যাত্ৰীৰ একো অনিষ্ট নকৰে ৷ চাৰ্লছ শোভৰাজে আদায় কৰা এই আশ্বাসৰ বাবেই ১১ দিনলৈ ভাৰত চৰকাৰে বিমান অপহৰণকাৰীৰ লগত আলোচনা চলাই যাব পাৰিছিল ৷

যশৱন্ত সিনহাই বাৰম্বাৰ ফোন কৰিছিল চাৰ্লছক ৷ দীঘলীয়া কথা বতৰা হৈছিল ৷ চাৰ্লছৰ প্ৰস্তাৱ আছিল – ভাৰত চৰকাৰে ছমাহৰ ভিতৰত মাছুদ আজাহাৰক মুকলি কৰি দিয়া হ’ব বুলি প্ৰস্তাৱ লওক ৷ চাৰ্লছৰ তৰফৰ পৰা সৰ্ব্বোচ্চ চেষ্টা চলোৱা হ’ব বিমান মুকলি কৰাবলৈ ৷ চাৰ্লছ শোভৰাজ যাবলৈ বিচাৰিছিল কান্দাহাৰলৈ ৷ অপহৰণকাৰীৰ লগত আলোচনা কৰিবলৈ ৷ যশৱন্ত সিনহাই কেবিনেটত বিষয়টো উত্থাপণ কৰিলে ৷ কিন্তু কেবিনেটে চাৰ্লছৰ প্ৰস্তাৱ নাকচ কৰিলে আৰু মাছুদ আজাহাৰক মুকলি কৰি দিবলৈ সিদ্ধান্ত ল’লে ৷ ইণ্ডিয়ান এক্সপ্ৰেছক চাৰ্লছে কৈ গ’ল – যদি ভাৰত চৰকাৰে তেওঁৰ প্ৰস্তাৱ মানি ল’লেহঁতেন তেনেহ’লে তেওঁ নিশ্চয় অপহৰণকাৰীক সৈমান কৰিবলৈ সক্ষম হ’লহেঁতেন ৷
মাছুদ আজাহাৰৰ মুক্তিৰ পাছত কেইবাবাৰো তেওঁৰ সাক্ষাৎ হয় শোভৰাজৰ সৈতে ৷২০০০-২০০৩ ৰ ভিতৰত তিনিবাৰকৈ কৰাচী ভ্ৰমণ কৰে চাৰ্লছ শোভৰাজে ৷

                                                                                       দ্য হায়েনা – The hyena                                                                                         

অৱশেষত চাৰ্লছ শোভৰাজ কাৰাগাৰৰ পৰা মুকলি হ’ল ৷ বয়স এতিয়া ৭৮ ৷ বিভিন্ন ৰোগত শৰীৰ ভাৰাক্ৰান্ত ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত পেৰিছত উপস্থিত হৈছে দুৰ্ধৰ্ষ হত্যাকাৰী শোভৰাজ ৷ জীৱনৰ বাকী ছোৱা সময় কি কৰিব – চাৰ্লছ শোভৰাজে ?
“মই আৰু বহুত বছৰ জীয়াই থাকিম বুলি আশা কৰো ৷ বাকীছোৱা সময় জীয়ৰীৰ সৈতে কটাম আৰু চেষ্টা কৰিম কিতাপ পঢ়িবলৈ আৰু লিখিবলৈ ৷’’- সাক্ষাৎকাৰত এইদৰে কয় বিকিনী কিলাৰে ৷
চাৰ্লছ শোভৰাজ – এজন হত্যাকাৰী ৷ লগতে এজন প্ৰেমিক ৷ কিন্তু কাৰ প্ৰেমিক ? কোনোবা মহিলাৰ নে নিজৰ জীৱনৰ ? যিয়ে মৃত্যুদণ্ডৰ ভয়ত কাৰাগাৰৰ পৰা পলায়নৰ দু:সাহসিক অভিযান হাতত লয় ৷ কমেও ২০ টা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পাছত কেনেদৰে জীয়াই থাকিল চাৰ্লছ শোভৰাজ , সেয়াও এক অন্য বিস্ময় ৷ গ্ৰীচৰ দুৰ্ভেদ্য কাৰাগাৰ অতিক্ৰম কৰাটো কিদৰে সম্ভৱ হ’ল ? তিহাৰ জে’লৰ পলায়নৰ কাহিনী আজিও সাঁথৰৰ দৰেই ৰহস্যঘন ৷

কিছু প্ৰশ্ন তেতিয়াও থাকি যায় ৷ ছয় গৰাকী মহিলাক হত্যা কৰা চাৰ্লছ শোভৰাজে কেনেদৰে প্ৰেমৰ জালত বন্দী কৰে আন মহিলাক ? চাৰ্লছ শোভৰাজৰ এগৰাকী প্ৰেমিকাৰ মতে – চাৰ্লছৰ চকুত মায়া আছে …৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296