সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘The Bikini Killer’খ্যাত চাৰ্লছ শোভৰাজৰ ক’লা অধ্যায়ৰ কিছু কাহিনী

দ্য চাৰপেন্ট-দ্য কিলাৰ, দ্য গ্ৰেট এছকেপ-The great escape, দ্য চাৰপেন্ট-The serpent, দ্য হোক- The hawk

                                                                                                   দ্য চাৰপেন্ট – দ্য কিলাৰ                                                                                   

৩০ টাকৈ হত্যাকাণ্ড ৷ কোনো গুৰুতৰ কাৰণত নহয় ৷ কেতিয়াবা যদি সামান্য পাছপোৰ্টৰ বাবে, আন কেতিয়াবা হীৰাৰ টুকুৰা এটা লুট কৰিবৰ বাবে ৷ আক্ৰমণৰ লক্ষ্য ধনী ব্যৱসায়ী, বিদেশী মহিলা ৷ সমগ্ৰ বিশ্বৰ চকুত দাগী অপৰাধী৷ এবাৰ গ্ৰীচৰ দুৰ্ভেদ্য কাৰাগাৰৰ পৰা পলায়ন ৷ আন এবাৰ তিহাৰ জে’লৰ পৰা চিনেমাৰ কায়দাৰে মিলি গ’ল বতাহত ৷বহু নাৰীৰ হত্যাত অভিযুক্ত ৷ কিন্তু অনেক নাৰীৰ চকুত এজন ভাল মানুহ-আকলুৱা প্ৰেমিক ৷ কেতিয়াবা প্ৰয়োজনত ফোন আহে দেশৰ বিদেশ মন্ত্ৰীৰ ৷ কথা পাতে ৷ দেশে সহায় বিচাৰে ৷ নাম চাৰ্লছ শোভৰাজ ৷

- Donation -

                                                                                দ্য গ্ৰেট এছকেপ- The great escape                                                                             

১৬ মাৰ্চ, ১৯৮৬ ৷ দেওবাৰ ৷ তিহাৰ জে’ল ৷ জেলৰ কয়েদীসকল ব্যস্ত নিজৰ চেল চাফ চিকুন কৰাত ৷ কোনোবাই কাপোৰ ধুইছে ৷ কোনোবাই শাৰীৰিক অনুশীলন কৰিছে ৷ দেওবাৰ বাবে আন লোকৰ আহ যাহ বন্ধ ৷ কিন্তু সেইদিনা ব্যতিক্ৰম হ’ল ৷
দুপৰীয়া ২ বাজি ৪০ মিনিট ৷ এখন গাড়ী আহি ৰ’ল জে’লৰ ৩ নম্বৰ গেটৰ সন্মুখত ৷ গাড়ীৰ পৰা দুজন মানুহ নামিল ৷ এজনৰ নাম ৰিচাৰ্ড হ’ল- কুখ্যাত ড্ৰাগছ পেডলাৰ ৷ তেওঁৰ হাতত সিদিনা ড্ৰাগছ নাছিল ৷ আছিল আপেল, আঙুৰ, চকলেট, বৰফি আৰু পিঠাৰ টোপোলা ৷ চিপাহীৰ হাতত এশ টকা গুজি দি ৰিচাৰ্ড ভিতৰলৈ সোমাই আহিল ৷ জে’লৰ অধীক্ষক এছ আৰ যাদৱৰ টেবুলত সেই টোপোলা ৰখা হ’ল আৰু কোৱা হ’ল যে – চাৰ্লছ শোভৰাজৰ জন্মদিন উপলক্ষ্যে মিঠাই আৰু ফলমূল অনা হৈছে ৷ সকলোৰে মাজত যাতে বিলাই দিয়ে ৷ প্ৰায় ১০ বছৰ একেখন কাৰাগাৰত থকা শোভৰাজ আৰু এছ আৰ যাদৱৰ মাজৰ সম্পৰ্ক বন্ধুৰ দৰে হৈ পৰিছিল ৷ গতিকে অবিশ্বাস কৰাৰ কথা নাহিল ৷ মিঠাই , ফল মূল , চকলেট চিপাহী , কয়েদী সকলোৰে মাজত বিলাই দিয়া হ’ল ৷ তাৰ পাছত যি ঘটিল , ভাৰতৰ ইতিহাসৰ এক অবিশ্বাস্য ঘটনা হৈ ৰ’ল ৷

জেলৰ চিপাহী – কয়েদীবোৰ এজন এজনকৈ ঢলি পৰিবলৈ ধৰিলে ৷ তাৰ পাছত চাৰ্লছ বহিল জে’লৰ গাড়ীৰ চালকৰ আসনত ৷ পাছৰ আসনত জে’লৰ ৱাৰ্ডেন আনন্দ স্বৰূপ ৷ নিৰ্বিঘ্নে গাড়ী চলাই জে’লৰ পৰা ওলাই বতাহত মিলি গ’ল কুখ্যাত অপৰাধী চাৰ্লছ শোভৰাজ ৷ তেতিয়া ঘড়ীত সময় আবেলি তিনিটা ৷ কাৰাগাৰৰ পৰা কিছুদূৰত উদ্ধাৰ হ’ল মুখত টেপ বন্ধা অৱস্থাত ৰাস্তাত পৰি ৰোৱা ৱাৰ্ডেন আনন্দ স্বৰূপ ৷

মাত্ৰ ২০ মিনিটৰ ভিতৰত সমগ্ৰ অপাৰেশ্যন কাৰ্যকৰী কৰি তোলা হৈছিল ৷ পৰিকল্পনা অনুসৰি ফল – মূল , চকলেটত মিলোৱা হৈছিল চেতনানাশক ৷ কিন্তু জে’লৰ বাহিৰৰ পৰা কোনে সহায় কৰিছিল চাৰ্লছ শোভৰাজক ৷ আৰক্ষী নিশ্চিত আছিল চাৰ্লছ শোভৰাজক প্ৰতিটো ডাঙৰ অপাৰেশ্যনত সহায় কৰে কোনো এগৰাকী মহিলাই ৷ এইবাৰো কোনো মহিলাৰ সহায়তে অকল্পনীয়ভাৱে পলাই গ’ল চাৰ্লছ শোভৰাজ ৷ অনুসন্ধানত ওলাল -তিহাৰ জে’লৰ পৰা শোভৰাজে পলায়ন কৰা সময়তে দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্লছ হোষ্টেলৰ পৰা নোহোৱা হৈছে স্নেহা সংগাৰ নামৰ এগৰাকী ছাত্ৰী ৷ স্নেহাই চাৰ্লছ শোভৰাজক আইনী প্ৰক্ৰিয়াত সহায় কৰি আহিছিল ৷ ঝাঁসীৰ ললিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল স্নেহাক ৷ শোভৰাজ ক’ত আছে স্নেহাই নাজানে ৷ কিন্তু স্নেহা আৰু শোভৰাজৰ মাজত আছিল গভীৰ আন্তৰিক সম্পৰ্ক ৷ স্নেহাৰ মানসিক জগত আচ্ছন্ন কৰি ৰাখিছিল দুৰ্ধৰ্ষ চাৰ্লছ শোভৰাজে ৷
অনুসন্ধানত ওলাল আন এগৰাকী মহিলাৰ পৰিচয় ৷ বৈশালী ৰেড্ডী ৷ তামিলনাডুৰ বিবাহ বিচ্ছেদিত মহিলা ৷ বয়স ৪৬ ৷ তিনিটা সন্তানৰ মাতৃ ৷ চাৰ্লছৰ লগত প্ৰেমৰ সম্পৰ্ক ৷ যি কাৰাগাৰতে চাৰ্লছৰ লগত বিবাহপাশত আবদ্ধ হোৱা কথা আছিল ৷ কিন্তু তাৰ আগতে পলাল চাৰ্লছ শোভৰাজ ৷ বৈশালীয়েও নাজানে ক’লৈ গ’ল চাৰ্লছ শোভৰাজ ৷

                                                                                    দ্য চাৰপেন্ট – The serpent

১৯৭৬ চনত চাৰ্লছ শোভৰাজৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছিল ৷ ৬ গৰাকী মহিলাক হত্যাৰ অভিযোগ ৷ আটাইৰে মৃতদেহ উদ্ধাৰ হয় বিকিনি পৰিহিতা অৱস্থাত ৷ চাৰ্লছ শোভৰাজ- দ্য বিকিনী কিলাৰ ৷ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শোভৰাজক ৷ বিশেষ তথ্য প্ৰমান নাথাকিলেও শোভৰাজক দিয়া হয় ১২ বছৰৰ কাৰাদণ্ড ৷ কিন্তু কাৰাদণ্ডৰ অন্ত পৰিবলৈ মাত্ৰ দুটা বছৰ বাকী থকা অৱস্থাত কিয় পলায়ন কৰিলে শোভৰাজে ?
উত্তৰ আছিল শোভৰাজৰ হাততেই ৷ কাৰণ থাইলেণ্ডত ১১ গৰাকী ব্যক্তিক হত্যাত অভিযুক্ত চাৰ্লছ শোভৰাজ ৷ ভাৰতত কাৰাবাসৰ অন্ত পৰিলেই শোভৰাজক হস্তান্তৰ কৰা হ’ব থাই চৰকাৰক ৷ থাইলেণ্ডত এনে হত্যাকাৰীৰ শাস্তি মৃত্যুদণ্ড ৷ সেইবাবেই ভাৰতত কাৰাবাসৰ অন্ত পৰাৰ আগতেই কাৰাগাৰৰ পৰাই পলায়ন কৰে এইগৰাকী দুৰ্ধৰ্ষ হত্যাকাৰীয়ে ৷
তিহাৰৰ পৰা পলায়ন বেছিদিন স্থায়ী নহ’ল ৷ গোৱাৰ এখন ৰেষ্টুৰেন্টৰ পৰা গ্ৰেপ্তাৰ হ’ল চাৰ্লছ শোভৰাজ ৷ বান্ধৱীৰ সৈতে আড্ডা দি আছিল ৷ তাতেই ছুটী কটাবলৈ যোৱা মুম্বাইৰ আৰক্ষী বিষয়া মধুকৰ জেণ্ডে শোভৰাজক দেখিবলৈ পায় আৰু ততালিকে কৰায়ত্ত কৰে ৷

বিশ্বাস হয় জানো ? গ্ৰীচৰ কাৰাগাৰ ভাঙি পলায়ন কৰা ,তিহাৰৰ অভেদ্য নিৰাপত্তা ছেদেলি ভেদেলি কৰি পেলোৱা চাৰ্লছ শোভৰাজ গ্ৰেপ্তাৰ হ’ব ৰেষ্টুৰেন্টত ? তাকো কৰায়ত্ত কৰিব মুম্বাইৰ এজন বিষয়াই ?
আচলতে চাৰ্লছ শোভৰাজ গ্ৰেপ্তাৰ হৈছিল নিজেই ৷ কাৰণ , জে’লৰ পৰা পলায়ন কৰাৰ অপৰাধত তেওঁৰ আৰু ১০ বছৰৰ কাৰাদণ্ড হ’ব ৷ তেতিয়ালৈকে থাইলেণ্ডত ৰুজু হোৱা গোচৰৰ ২০ বছৰ উকলি যাব ৷ আৰু থাইলেণ্ডত ২০ বছৰ পাৰ হৈ যোৱা গোচৰৰ কোনো শাস্তি নহয় ৷ একমাত্ৰ সেইবাবেই তিহাৰ জে’লৰ পৰা পলায়নৰ দৰে এটা কঠিন পথ বাচি লৈছিল চাৰ্লছ শোভৰাজে ৷

শোভৰাজৰ এই কাহিনী পঢ়ি বিস্ময়ত চকু থৰ হৈ ৰৈছিল ভাৰতবাসীৰ ৷ ১৯৯৭ চনত শোভৰাজৰ শাস্তিৰ অন্ত পৰে ৷ ইতিমধ্যে তেওঁৰ অপৰাধৰ বেছিভাগ সাক্ষী , বেছিভাগ অভিযোগকাৰীৰ মৃত্যু হৈছিল ৷ নতুন কোনো গোচৰো নাছিল৷ সেইবাবেই কাৰাগাৰৰ পৰা মুক্তিৰ পথ সহজ হৈ পৰিল ৷ সেই শোভৰাজ এইবাৰ গ্ৰেপ্তাৰ হয় নেপালত ৷

চন ২০০৩ ৷ কাঠমাণ্ডুৰ এটা কেচিন’ত চাৰ্লছ শোভৰাজক প্ৰত্যক্ষ কৰে দ্য হিমালয়ান টাইমছৰ এজন সাংবাদিকে ৷ দুসপ্তাহ ধৰি শোভৰাজৰ পিছ লয় সাংবাদিকজনে ৷ নিশ্চিত হয় যে শোভৰাজ এইবাৰ জুৱাৰ ধান্দাত নামিছে ৷ হিমালয়া টাইমছত এই খবৰ প্ৰকাশ পায় ৷ তাৰ পাছতেই ১৯৭৫ চনৰ এটা হত্যাৰ গোচৰত কাঠামাণ্ডু আৰক্ষীয়ে চাৰ্লছ শোভৰাজক গ্ৰেপ্তাৰ কৰে ৷ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ চাৰ্লছৰ তেতিয়াও দাবী আছিল – কোনো আদালতেই তেওঁক হত্যাকাৰী বুলি প্ৰমান কৰিব পৰা নাই ৷ মেডিয়াইহে হত্যাকাৰী সজাইছে ৷

এইজন চাৰ্লছ শোভৰাজ কাৰাগাৰত থাকোতেই আকৌ প্ৰেম হয় নিজৰ অধিবক্তাৰ জীয়ৰী নিহিতা বিশ্বাসৰ লগত ৷ ২০১০ চনত জে’লৰ পৰাই কুৰি বছৰীয়া নিহিতাৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ যি আছিল শোভৰাজতকৈ ৪৪ বছৰ সৰু ৷

১৯ বছৰ নেপালৰ কাৰাগাৰত থকাৰ পাছত বিগত ২১ ডিচেম্বৰত বাৰ্ধক্যজনিত কাৰণত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৷ তাৰ পাছতেই শোভৰাজ ৰাওণা হয় পেৰিছ অভিমুখে ৷ য’ত তেওঁৰ পৰিয়াল থাকে ৷

                                                                                            দ্য হোক- The hawk                                                                                       

পেৰিছ অভিমুখী বিমানত শোভৰাজ বহাৰ পাছতেই ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পায় চাৰ্লছ শোভৰাজৰ এটা বিশেষ সাক্ষাৎকাৰ ৷ যি সাক্ষাৎকাৰ নেপালৰ কাৰাগাৰৰ পৰাই ২০১৬ চনত ৰিতু চাৰিনক প্ৰদান কৰিছিল শোভৰাজে ৷ এটাই চৰ্ত আছিল এই সাক্ষৎকাৰ যেন তেওঁ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছতহে প্ৰকাশ পায় ৷

বিগত ২৩ ডিচেম্বৰত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পোৱা সাক্ষাৎকাৰত চাৰ্লছ শোভৰাজে ক’লে – জৈইশ ই মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ সৈতে হোৱা তেওঁৰ বৈঠকৰ কাহিনী ৷

১৯৯৯ ত জৈইশ ই মহম্মদে ইণ্ডিয়ান এয়াৰ লাইনছৰ এখন বিমান অপহৰণ কৰি লৈ যায় ৷ বিনিময়ত দাবী কৰে মাছুদ আজাহাৰৰ মুক্তি ৷ ঠিক সেই সময়তে চাৰ্লছ শোভৰাজ প্ৰয়োজনীয় হৈ উঠিছিল ভাৰত চৰকাৰৰ বাবে ৷ বিদেশ মন্ত্ৰী যশৱন্ত সিনহাই বাৰম্বাৰ টেলিফোনত কথা পাতিছিল শোভৰাজৰ সৈতে ৷ শোভৰাজৰ যোগাযোগ চলিছিল সন্ত্ৰাসবাদীৰ সৈতে ৷ যশৱন্ত সিনহাই চাৰ্লছক সাক্ষাৎ কৰিবলৈ পেৰিছলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল ৷ চৰকাৰৰ হৈ সেই বিশেষ প্ৰতিনিধিয়ে শোভৰাজৰ হৈ দীঘলীয়া আলোচনা কৰিছিল ৷

সন্ত্ৰাসবাদীৰ পৰা চাৰ্লছে অন্তত: এট আশ্বাস আদায় কৰিছিল যে ১১ দিনলৈ কোনো যাত্ৰীৰ একো অনিষ্ট নকৰে ৷ চাৰ্লছ শোভৰাজে আদায় কৰা এই আশ্বাসৰ বাবেই ১১ দিনলৈ ভাৰত চৰকাৰে বিমান অপহৰণকাৰীৰ লগত আলোচনা চলাই যাব পাৰিছিল ৷

যশৱন্ত সিনহাই বাৰম্বাৰ ফোন কৰিছিল চাৰ্লছক ৷ দীঘলীয়া কথা বতৰা হৈছিল ৷ চাৰ্লছৰ প্ৰস্তাৱ আছিল – ভাৰত চৰকাৰে ছমাহৰ ভিতৰত মাছুদ আজাহাৰক মুকলি কৰি দিয়া হ’ব বুলি প্ৰস্তাৱ লওক ৷ চাৰ্লছৰ তৰফৰ পৰা সৰ্ব্বোচ্চ চেষ্টা চলোৱা হ’ব বিমান মুকলি কৰাবলৈ ৷ চাৰ্লছ শোভৰাজ যাবলৈ বিচাৰিছিল কান্দাহাৰলৈ ৷ অপহৰণকাৰীৰ লগত আলোচনা কৰিবলৈ ৷ যশৱন্ত সিনহাই কেবিনেটত বিষয়টো উত্থাপণ কৰিলে ৷ কিন্তু কেবিনেটে চাৰ্লছৰ প্ৰস্তাৱ নাকচ কৰিলে আৰু মাছুদ আজাহাৰক মুকলি কৰি দিবলৈ সিদ্ধান্ত ল’লে ৷ ইণ্ডিয়ান এক্সপ্ৰেছক চাৰ্লছে কৈ গ’ল – যদি ভাৰত চৰকাৰে তেওঁৰ প্ৰস্তাৱ মানি ল’লেহঁতেন তেনেহ’লে তেওঁ নিশ্চয় অপহৰণকাৰীক সৈমান কৰিবলৈ সক্ষম হ’লহেঁতেন ৷
মাছুদ আজাহাৰৰ মুক্তিৰ পাছত কেইবাবাৰো তেওঁৰ সাক্ষাৎ হয় শোভৰাজৰ সৈতে ৷২০০০-২০০৩ ৰ ভিতৰত তিনিবাৰকৈ কৰাচী ভ্ৰমণ কৰে চাৰ্লছ শোভৰাজে ৷

                                                                                       দ্য হায়েনা – The hyena                                                                                         

অৱশেষত চাৰ্লছ শোভৰাজ কাৰাগাৰৰ পৰা মুকলি হ’ল ৷ বয়স এতিয়া ৭৮ ৷ বিভিন্ন ৰোগত শৰীৰ ভাৰাক্ৰান্ত ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত পেৰিছত উপস্থিত হৈছে দুৰ্ধৰ্ষ হত্যাকাৰী শোভৰাজ ৷ জীৱনৰ বাকী ছোৱা সময় কি কৰিব – চাৰ্লছ শোভৰাজে ?
“মই আৰু বহুত বছৰ জীয়াই থাকিম বুলি আশা কৰো ৷ বাকীছোৱা সময় জীয়ৰীৰ সৈতে কটাম আৰু চেষ্টা কৰিম কিতাপ পঢ়িবলৈ আৰু লিখিবলৈ ৷’’- সাক্ষাৎকাৰত এইদৰে কয় বিকিনী কিলাৰে ৷
চাৰ্লছ শোভৰাজ – এজন হত্যাকাৰী ৷ লগতে এজন প্ৰেমিক ৷ কিন্তু কাৰ প্ৰেমিক ? কোনোবা মহিলাৰ নে নিজৰ জীৱনৰ ? যিয়ে মৃত্যুদণ্ডৰ ভয়ত কাৰাগাৰৰ পৰা পলায়নৰ দু:সাহসিক অভিযান হাতত লয় ৷ কমেও ২০ টা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পাছত কেনেদৰে জীয়াই থাকিল চাৰ্লছ শোভৰাজ , সেয়াও এক অন্য বিস্ময় ৷ গ্ৰীচৰ দুৰ্ভেদ্য কাৰাগাৰ অতিক্ৰম কৰাটো কিদৰে সম্ভৱ হ’ল ? তিহাৰ জে’লৰ পলায়নৰ কাহিনী আজিও সাঁথৰৰ দৰেই ৰহস্যঘন ৷

কিছু প্ৰশ্ন তেতিয়াও থাকি যায় ৷ ছয় গৰাকী মহিলাক হত্যা কৰা চাৰ্লছ শোভৰাজে কেনেদৰে প্ৰেমৰ জালত বন্দী কৰে আন মহিলাক ? চাৰ্লছ শোভৰাজৰ এগৰাকী প্ৰেমিকাৰ মতে – চাৰ্লছৰ চকুত মায়া আছে …৷

Leave A Reply

Your email address will not be published.