টি ২০ বিশ্বকাপ : ২৪ অক্টোবৰত ভাৰত- পাকিস্তানৰ মুখামুখি ৰণ

Share This Article

টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই সূচী অনুসৰি ২৪ অক্টোবৰত ডুবাইৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি ৰণত নামিব ভাৰত ৷ মঙলবাৰে প্ৰকাশ কৰা সূচী অনুযায়ী ফাইনেল অনুষ্ঠিত হ’ব ১৪ নৱেম্বৰত ৷
বিৰাট কোহলী বাহিনী প্ৰথম মেচতেই পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷
২৩ অক্টোবৰৰ প্ৰথম মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব দক্ষিণ আফ্ৰিকাই ৷ একেটা দিনতে ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ৱেষ্ট ইণ্ডিজ ৷
৩১ অক্টোবৰত আছে ভাৰতৰ দ্বিতীয় মেচ ৷ সেইদিনা খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে ৷তাৰ পাছৰখন মেচ আছে ৩ নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে ৷
এইবাৰ ভাৰতত টি২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা অছিল যদিও ক’ৰোণা পৰিস্থিতিৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীলৈ প্ৰতিযোগিতাখন স্থানান্তৰ কৰা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.