২৪ আকবৰ ৰোড- ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৩

Share This Article

অৰূপ কলিতাৰ কলমত-

ভাৰতৰ নিগাজী ঠিকনা লোৱাৰ পাছৰে পৰা এটাৰ পাছত আন এটা অভাৱনীয় দুৰ্যোগৰ মুখামুখি হ’ল ছোনিয়া গান্ধী ৷ জৰুৰীকালীন সময়ত তেওলোকৰ পৰিয়াল একপ্ৰকাৰ এঘৰীয়া হৈ পৰিল ৷ সেই সময়ৰ সংগী আছিল কেৱল অমিতাভ বচ্চনৰ পৰিয়ালটো ৷ তাৰ পাছতে ক্ষমতাৰ পৰা বিতাড়িত হ’ল৷ থাকিবলৈ এটা ঘৰ নোহোৱা অৱস্থা ৷ এজন সুহৃদে থাকিবলৈ এৰি দিছিল ১২ , উইলিংডন ক্ৰিছেন্ট ৷ বিধ্বস্ত হৈ পৰা দলটোক থানথিত লগাবলৈ নতুন এটা কাৰ্যালয় লৈছিল ইন্দিৰা গান্ধীয়ে ৷ ঠিকনা – ২৪ , আকবৰ ৰোড ৷ কিন্তু তাৰ পাছতো একো থানথিত নালাগিল ৷ সঞ্জয় গান্ধীৰ অকাল মৃত্যুয়ে অনিচ্ছাসত্বেও ৰাজীৱক ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ বাধ্য কৰালে ৷ আৰু ১৯৮৪ ত ইন্দিৰা গান্ধীৰ হত্যাই যেন ৰাজীৱ – ছোনিয়াৰ সৰু পৰিয়ালটোলৈ অমানিশা নমাই আনিলে ৷ ছোনিয়া কঁপি উঠিল ভিতৰি ৷ ৰাজীৱক তেও হেৰুৱাব নোখোজে ৷ কিন্তু ক্ষমতাৰ পাশাৰ নিচা এৰা কঠিন ৷ ৰাজনীতিত নতুন চিন্তা , নতুন প্ৰতিভাৰে খুব কম দিনৰ ভিতৰতে উজলি উঠা ৰাজীৱ গান্ধীৰ যাত্ৰাও খুব দীঘলীয়া নহ’ল ৷ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তে চেন্নাইৰ এক ভিতৰুৱা অঞ্চলত এল টি টি ই ৰ আক্ৰমণত নিহত হ’ল ৰাজীৱ ৷

ছোনিয়াৰ সন্মুখত তেতিয়া আন্ধাৰৰ বাদে আন একো নাছিল ৷ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ আহিছিল ৷ কিন্তু সচেতনভাৱেই ৰাজনীতিৰ পৰা আতৰি থাকিল ৷ ৰাহুল আৰু প্ৰিয়ংকাৰ মাজতে আৱদ্ধ হৈ পৰিল ছোনিয়া গান্ধীৰ পৃথিৱী ৷ সেই সময়ছোৱাত কংগ্ৰেছ সাক্ষী হ’ল নতুন ঘটনা – পৰিঘটনাৰ ৷ আপেক্ষিকভাৱে লাইমলাইটৰ পৰা আতৰত থকা পি ভি নৰসিংহ ৰাৱে কংগ্ৰেছৰ নেতৃত্ব ল’লে ৷ তিৰুপতিত সেইবাৰ কংগ্ৰছৰ দলীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ৰাও সভাপতি হিচাপে নিৰ্বাচিত হ’ল ঠিকেই , কিন্তু চি ডব্লিউ চি লৈ নিৰ্বাচিত হৈ অহাসকলৰ প্ৰায় আটাইকেইজনেই আছিল শাৰদ পাৱাৰ – অৰ্জুন সিঙৰ শিবিৰৰ ৷ যিগৰাকী শাৰদ পাৱাৰে নৰসিংহ ৰাওৰ প্ৰধানমন্ত্ৰিত্বৰ বাটতো হেঙাৰ হৈ থিয় হৈছিল ৷ পৰিস্থিতি অনুকুল নেদেখি ৰাৱে দলিত আৰু মহিলা প্ৰতিনিধি নিৰ্বাচিত নোহাৱাৰ অজুহাত দেখুৱাই সাংগঠনিক নিৰ্বাচনটোকে অবৈধ ঘোষণা কৰিলে ৷তাৰ মাজতে বাবৰি মছজিদ ধ্বংসৰ ঘটনাই দেশৰ ৰাজনীতিত অভূতপূৰ্ব সাম্প্ৰদায়িকতাৰ পাতনি মেলিলে ৷১৯৯৬ ত দলৰ পৰাজয়ৰ পাছত আকৌ নেতৃত্বৰ সংঘাত আৰম্ভ ৷ নৰসিংহ ৰাৱে সভাপতি পদ এৰিলে ৷ছোনিয়া গান্ধীৰ ওপৰত দলৰ পৰা পুণৰ হেচা আহিল ৷ কিন্তু তেও এইবাৰো আতৰি থকাৰ সিদ্ধান্তই ল’লে ৷ কংগ্ৰেছৰ নেতৃত্বৰ বাবে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হ’ল ৷ সীতাৰাম কেশৰী হ’ল নতুন সভাপতি ৷ গান্ধী টুপি , ডাৰ্ক ছশমা পৰিহিত কেশৰী ২৪ , আকবৰ ৰোডৰ এক পৰিচিত নাম ৷ কোনেও ভবা নাছিল যে পুৰনি ফেশ্বনৰ মানুহন এদিন দলৰ সভাপতি হ’ব ৷ কিন্তু সাংগঠনিক নিৰ্বাচনত তেও বিপুল ভোটত বিজয়ী হয় ৷সীতাৰাম কেছৰীয়ে ৬,২২৪ টা ভোট পোৱাৰ বিপৰীতে শাৰদ পাৱাৰে ৮৮২ আৰু ৰাজেশ পাইলটে ৩৫৪ টা ভোট লাভ কৰিলে ৷ ৮০ ৰ সমীপত উপনীত হোৱা সীতাৰাম কেশৰীয়ে অভাৱনীয় সমৰ্থন লাভ কৰিয়েই দলৰ পৰা গান্ধী পৰিয়ালৰ কৰ্তৃত্ব ওফৰাই দিবলৈ তৎপৰ হৈ উঠিল ৷ ২৪ , আকবৰ ৰোডৰ নিমাখিত মানুহজন যেন হঠাৎ ক্ষমতাৰে বলীয়ান হৈ পৰিল ৷ কলকাতাত প্ৰবল অত্মবিশ্বাসেৰে তেও চি ডব্লিউ চিৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে ৷ কিন্তু সৰল অংকত খেলিমেলি লগাই এইবাৰো চি ডব্লিউ চিলৈ নিৰ্বাচিত হৈ আহিল তেওৰ তিনি মূল প্ৰতিদ্বন্দ্বী অৰ্জুন সিঙ, শাৰদ পাৱাৰ আৰু গোলাম নবী আজাদ ৷ নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধী উপস্থিত আছিল কলকাতাৰ ৰাজভৱনত ৷ কেশৰীৰ একনায়কত্ববাদে বহু জে্যষ্ঠ নেতাক অসন্তুষ্ট কৰি আনিলে ৷ দিগ্বিজয় সিঙ , অশোক গেহলট , আহমদ পেটেল আদিয়ে ছোনিয়া গান্ধীক বাৰে বাৰে বুজালে – এতিয়াই তেও হস্তক্ষেপ নকৰিলে দল ধ্বংস হৈ যাব ৷ছোনিয়াৰ মনো ক্ৰমাৎ ৰাজনীতিলৈ ঢাল খাবলৈ আৰম্ভ কৰিলে ৷ তেনেসময়তে ১৯৯৭ ৰ ডিচেম্বৰ মাহত প্ৰয়াত ইন্দিৰা গান্ধীৰ বিশ্বস্ত সহযোগী বুটা সিঙ , মণি শংকৰ আয়াৰ , ৰাজীৱ গান্ধীৰ অতি ঘণিষ্ঠ সুৰেশ কালমাদী আদিয়ে বিজেপিত যোগদানৰ উদ্দেশ্যে কগ্ৰেছ এৰিলে ৷ ইফালে , পি চিদাম্বৰমে গঠন কৰিলে তামিলনাডুত পৃথক দল “তামিল মানিলা কংগ্ৰেছ “৷সীতাৰাম কেশৰীয়ে ২৪ , আকবৰ ৰোডত নিজৰ অনুগত বাহিনী এটা গঢ়ি তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল ৷ সমৰ্থন প্ৰত্যাহাৰেৰে দেবগৌড়া চৰকাৰৰ পতন ঘটালে ৷ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন আছিল যদিও শেষত কপাল ফুলিল আই কে গুজৰালৰ ৷
কম দিনৰ ভিতৰতে সংযুক্ত চৰকাৰৰ পতন হ’ল ৷ নতুন নিৰ্বাচনৰ গুণাগঠা চলিল ৷এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাৰ কথা ঘোষণা কৰিলে ছোনিয়া গান্ধীয়ে ৷ ১১ জানুৱাৰী , ১৯৯৮ ত ছোনিয়া গান্ধীয়ে আনুষ্ঠানিকভাৱে খোজ দিলে প্ৰত্যক্ষ ৰাজনীতিত ৷ প্ৰয়াত স্বামীৰ পদাংকৰে ১০ জনপথৰ পৰা তেও পদাৰ্পন কৰিলে ২৪ , আকবৰ ৰোডত ৷ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ বাবে ভাল নহ’ল ৷ ১৪২ খন আসনতে সীমিত থাকিল দলটো ৷ আনকি পৰম্পৰাগত আমেথিও হেৰুৱাবলগীয়া হ’ল ৷ ছোনিয়া গান্ধীয়ে প্ৰচাৰ চলোৱা সমষ্টিৰ বেছিভাগতেই কংগ্ৰেছ পৰাজিত হ’ল ৷ সীতাৰাম কেশৰীৰ বাবে এয়া আছিল গোপন সন্তুষ্টিৰো কাৰণ ৷কিন্তু গান্ধীৰ স্তাৱকসকলে পৰাজয়ৰ বাবে দলৰ সাংগঠনিক দুৰ্বলতাকে মূলত: দায়ী কৰিলে ৷(আগলৈ)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.