সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২৪ আকবৰ ৰোড- ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৩

অৰূপ কলিতাৰ কলমত-

ভাৰতৰ নিগাজী ঠিকনা লোৱাৰ পাছৰে পৰা এটাৰ পাছত আন এটা অভাৱনীয় দুৰ্যোগৰ মুখামুখি হ’ল ছোনিয়া গান্ধী ৷ জৰুৰীকালীন সময়ত তেওলোকৰ পৰিয়াল একপ্ৰকাৰ এঘৰীয়া হৈ পৰিল ৷ সেই সময়ৰ সংগী আছিল কেৱল অমিতাভ বচ্চনৰ পৰিয়ালটো ৷ তাৰ পাছতে ক্ষমতাৰ পৰা বিতাড়িত হ’ল৷ থাকিবলৈ এটা ঘৰ নোহোৱা অৱস্থা ৷ এজন সুহৃদে থাকিবলৈ এৰি দিছিল ১২ , উইলিংডন ক্ৰিছেন্ট ৷ বিধ্বস্ত হৈ পৰা দলটোক থানথিত লগাবলৈ নতুন এটা কাৰ্যালয় লৈছিল ইন্দিৰা গান্ধীয়ে ৷ ঠিকনা – ২৪ , আকবৰ ৰোড ৷ কিন্তু তাৰ পাছতো একো থানথিত নালাগিল ৷ সঞ্জয় গান্ধীৰ অকাল মৃত্যুয়ে অনিচ্ছাসত্বেও ৰাজীৱক ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ বাধ্য কৰালে ৷ আৰু ১৯৮৪ ত ইন্দিৰা গান্ধীৰ হত্যাই যেন ৰাজীৱ – ছোনিয়াৰ সৰু পৰিয়ালটোলৈ অমানিশা নমাই আনিলে ৷ ছোনিয়া কঁপি উঠিল ভিতৰি ৷ ৰাজীৱক তেও হেৰুৱাব নোখোজে ৷ কিন্তু ক্ষমতাৰ পাশাৰ নিচা এৰা কঠিন ৷ ৰাজনীতিত নতুন চিন্তা , নতুন প্ৰতিভাৰে খুব কম দিনৰ ভিতৰতে উজলি উঠা ৰাজীৱ গান্ধীৰ যাত্ৰাও খুব দীঘলীয়া নহ’ল ৷ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তে চেন্নাইৰ এক ভিতৰুৱা অঞ্চলত এল টি টি ই ৰ আক্ৰমণত নিহত হ’ল ৰাজীৱ ৷

- Donation -

ছোনিয়াৰ সন্মুখত তেতিয়া আন্ধাৰৰ বাদে আন একো নাছিল ৷ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ আহিছিল ৷ কিন্তু সচেতনভাৱেই ৰাজনীতিৰ পৰা আতৰি থাকিল ৷ ৰাহুল আৰু প্ৰিয়ংকাৰ মাজতে আৱদ্ধ হৈ পৰিল ছোনিয়া গান্ধীৰ পৃথিৱী ৷ সেই সময়ছোৱাত কংগ্ৰেছ সাক্ষী হ’ল নতুন ঘটনা – পৰিঘটনাৰ ৷ আপেক্ষিকভাৱে লাইমলাইটৰ পৰা আতৰত থকা পি ভি নৰসিংহ ৰাৱে কংগ্ৰেছৰ নেতৃত্ব ল’লে ৷ তিৰুপতিত সেইবাৰ কংগ্ৰছৰ দলীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ৰাও সভাপতি হিচাপে নিৰ্বাচিত হ’ল ঠিকেই , কিন্তু চি ডব্লিউ চি লৈ নিৰ্বাচিত হৈ অহাসকলৰ প্ৰায় আটাইকেইজনেই আছিল শাৰদ পাৱাৰ – অৰ্জুন সিঙৰ শিবিৰৰ ৷ যিগৰাকী শাৰদ পাৱাৰে নৰসিংহ ৰাওৰ প্ৰধানমন্ত্ৰিত্বৰ বাটতো হেঙাৰ হৈ থিয় হৈছিল ৷ পৰিস্থিতি অনুকুল নেদেখি ৰাৱে দলিত আৰু মহিলা প্ৰতিনিধি নিৰ্বাচিত নোহাৱাৰ অজুহাত দেখুৱাই সাংগঠনিক নিৰ্বাচনটোকে অবৈধ ঘোষণা কৰিলে ৷তাৰ মাজতে বাবৰি মছজিদ ধ্বংসৰ ঘটনাই দেশৰ ৰাজনীতিত অভূতপূৰ্ব সাম্প্ৰদায়িকতাৰ পাতনি মেলিলে ৷১৯৯৬ ত দলৰ পৰাজয়ৰ পাছত আকৌ নেতৃত্বৰ সংঘাত আৰম্ভ ৷ নৰসিংহ ৰাৱে সভাপতি পদ এৰিলে ৷ছোনিয়া গান্ধীৰ ওপৰত দলৰ পৰা পুণৰ হেচা আহিল ৷ কিন্তু তেও এইবাৰো আতৰি থকাৰ সিদ্ধান্তই ল’লে ৷ কংগ্ৰেছৰ নেতৃত্বৰ বাবে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হ’ল ৷ সীতাৰাম কেশৰী হ’ল নতুন সভাপতি ৷ গান্ধী টুপি , ডাৰ্ক ছশমা পৰিহিত কেশৰী ২৪ , আকবৰ ৰোডৰ এক পৰিচিত নাম ৷ কোনেও ভবা নাছিল যে পুৰনি ফেশ্বনৰ মানুহন এদিন দলৰ সভাপতি হ’ব ৷ কিন্তু সাংগঠনিক নিৰ্বাচনত তেও বিপুল ভোটত বিজয়ী হয় ৷সীতাৰাম কেছৰীয়ে ৬,২২৪ টা ভোট পোৱাৰ বিপৰীতে শাৰদ পাৱাৰে ৮৮২ আৰু ৰাজেশ পাইলটে ৩৫৪ টা ভোট লাভ কৰিলে ৷ ৮০ ৰ সমীপত উপনীত হোৱা সীতাৰাম কেশৰীয়ে অভাৱনীয় সমৰ্থন লাভ কৰিয়েই দলৰ পৰা গান্ধী পৰিয়ালৰ কৰ্তৃত্ব ওফৰাই দিবলৈ তৎপৰ হৈ উঠিল ৷ ২৪ , আকবৰ ৰোডৰ নিমাখিত মানুহজন যেন হঠাৎ ক্ষমতাৰে বলীয়ান হৈ পৰিল ৷ কলকাতাত প্ৰবল অত্মবিশ্বাসেৰে তেও চি ডব্লিউ চিৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে ৷ কিন্তু সৰল অংকত খেলিমেলি লগাই এইবাৰো চি ডব্লিউ চিলৈ নিৰ্বাচিত হৈ আহিল তেওৰ তিনি মূল প্ৰতিদ্বন্দ্বী অৰ্জুন সিঙ, শাৰদ পাৱাৰ আৰু গোলাম নবী আজাদ ৷ নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধী উপস্থিত আছিল কলকাতাৰ ৰাজভৱনত ৷ কেশৰীৰ একনায়কত্ববাদে বহু জে্যষ্ঠ নেতাক অসন্তুষ্ট কৰি আনিলে ৷ দিগ্বিজয় সিঙ , অশোক গেহলট , আহমদ পেটেল আদিয়ে ছোনিয়া গান্ধীক বাৰে বাৰে বুজালে – এতিয়াই তেও হস্তক্ষেপ নকৰিলে দল ধ্বংস হৈ যাব ৷ছোনিয়াৰ মনো ক্ৰমাৎ ৰাজনীতিলৈ ঢাল খাবলৈ আৰম্ভ কৰিলে ৷ তেনেসময়তে ১৯৯৭ ৰ ডিচেম্বৰ মাহত প্ৰয়াত ইন্দিৰা গান্ধীৰ বিশ্বস্ত সহযোগী বুটা সিঙ , মণি শংকৰ আয়াৰ , ৰাজীৱ গান্ধীৰ অতি ঘণিষ্ঠ সুৰেশ কালমাদী আদিয়ে বিজেপিত যোগদানৰ উদ্দেশ্যে কগ্ৰেছ এৰিলে ৷ ইফালে , পি চিদাম্বৰমে গঠন কৰিলে তামিলনাডুত পৃথক দল “তামিল মানিলা কংগ্ৰেছ “৷সীতাৰাম কেশৰীয়ে ২৪ , আকবৰ ৰোডত নিজৰ অনুগত বাহিনী এটা গঢ়ি তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল ৷ সমৰ্থন প্ৰত্যাহাৰেৰে দেবগৌড়া চৰকাৰৰ পতন ঘটালে ৷ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন আছিল যদিও শেষত কপাল ফুলিল আই কে গুজৰালৰ ৷
কম দিনৰ ভিতৰতে সংযুক্ত চৰকাৰৰ পতন হ’ল ৷ নতুন নিৰ্বাচনৰ গুণাগঠা চলিল ৷এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাৰ কথা ঘোষণা কৰিলে ছোনিয়া গান্ধীয়ে ৷ ১১ জানুৱাৰী , ১৯৯৮ ত ছোনিয়া গান্ধীয়ে আনুষ্ঠানিকভাৱে খোজ দিলে প্ৰত্যক্ষ ৰাজনীতিত ৷ প্ৰয়াত স্বামীৰ পদাংকৰে ১০ জনপথৰ পৰা তেও পদাৰ্পন কৰিলে ২৪ , আকবৰ ৰোডত ৷ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ বাবে ভাল নহ’ল ৷ ১৪২ খন আসনতে সীমিত থাকিল দলটো ৷ আনকি পৰম্পৰাগত আমেথিও হেৰুৱাবলগীয়া হ’ল ৷ ছোনিয়া গান্ধীয়ে প্ৰচাৰ চলোৱা সমষ্টিৰ বেছিভাগতেই কংগ্ৰেছ পৰাজিত হ’ল ৷ সীতাৰাম কেশৰীৰ বাবে এয়া আছিল গোপন সন্তুষ্টিৰো কাৰণ ৷কিন্তু গান্ধীৰ স্তাৱকসকলে পৰাজয়ৰ বাবে দলৰ সাংগঠনিক দুৰ্বলতাকে মূলত: দায়ী কৰিলে ৷(আগলৈ)

Leave A Reply

Your email address will not be published.